২ অক্টোবৰ

১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

২ অক্টোবৰ (ইংৰাজী: 2 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৫তম (অধিবৰ্ষত ২৭৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-

ঘটনাৱলী

  • ১১৮৭ - চুলতান ছালাদিনে ক্ৰূছেডাৰৰ পৰা জেৰুজালেম দখল কৰে।
  • ১৫৩৫ - জেক কাৰ্টিয়াৰে মাউণ্ট ৰয়েল (মণ্ট্ৰিয়েল, ইংঃ Montreal) আৱিষ্কাৰ কৰে।
  • ১৮৩৬ - সাগৰত ৫ বছৰ থকাৰ পিছত চাৰ্লছ ডাৰউইনএইচএমএছ বিগলত উঠি ইংলেণ্ডলৈ উভতি আহে।
  • ১৯৮৬ - শিখসকলে ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক হত্যাৰ চেষ্টা কৰিছিল।
  • ১৯৮৮ - প্ৰাক্তন বিশ্ব হেভিৱেট বক্সিং চেম্পিয়ন লেন'ক্স লিৱিছে কানাডাক প্ৰতিনিধিত্ব কৰি চিউল অলিম্পিকত চুপাৰ-হেভিৱেটত স্বৰ্ণ পদক জয় কৰে।

জন্ম

  • ১৪৫২ - ৰিচাৰ্ড তৃতীয়, ইংলেণ্ডৰ ৰজা (১৪৮৩-৮৫), ইংলেণ্ডৰ নৰ্থম্পটনছায়াৰৰ ফোথাৰিংহাই কেচেলত জন্মগ্ৰহণ কৰিছিল। (জঃ ১৪৮৫)
  • ১৮৪৭ - প'ল ভন হিণ্ডেনবাৰ্গ, প্ৰথম বিশ্বযুদ্ধৰ জাৰ্মান সেনাপতি আৰু জাৰ্মানীৰ ৰাষ্ট্ৰপতি (১৯২৫-৩৪), প্ৰুছিয়াৰ প'চেনৰ ডাচীত জন্মগ্ৰহণ কৰিছিল। (জঃ ১৯৩৪)
  • ১৮৫২ - ছাৰ ৱিলিয়াম ৰামছে, স্কটিছ ৰসায়নবিদ যিয়ে নিয়ন, ক্ৰিপ্টন আৰু জেনন আৱিষ্কাৰ কৰিছিল আৰু আৰ্গন, ৰেডন, কেলচিয়াম আৰু বেৰিয়ামৰ সহ-আৱিষ্কাৰক আছিল। ১৯০৪ চনত তেওঁক ৰসায়ন বিজ্ঞানৰ নবেল বঁটা প্ৰদান কৰা হয়।
  • ১৮৬৯ - মহাত্মা গান্ধী, জাতিৰ পিতা, অহিংসাৰ পূজাৰী আৰু ব্ৰিটিছ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা।
  • ১৯০৪ - লাল বাহাদুৰ শাস্ত্ৰী, ভাৰতবৰ্ষৰ দ্বিতীয় প্ৰধানমন্ত্ৰী।
  • ১৯০৯ - আনন্দিৰাম দাস, অসমৰ এজন প্ৰসিদ্ধ গীতিকাৰ।
  • ১৯৫১ - অনিল বৰা, ছাত্ৰ যুৱনেতা আৰু অসমৰ মাধ্যম আন্দোলনৰ ছহিদ।
  • ১৯৬৩ - মাৰিয়া এঞ্জেলিটা ৰেচ্ছা, ফিলিপাইনছৰ সাংবাদিক আৰু লেখক।
  • ১৯৬৬ - কৃষ্ণ কুমাৰ মেনন, কে কে মেননৰ দ্বাৰা অধিক পৰিচিত, এজন ভাৰতীয় অভিনেতা যি মুখ্যতঃ হিন্দী চলচ্চিত্ৰত কাম কৰে, আৰু লগতে গুজৰাটী, তামিল, মাৰাঠী আৰু তেলেগু চলচ্চিত্ৰতো কাম কৰে।
  • ১৯৯৭ - লাভলীনা বৰগোহাঁই বা লাভলীনা বৰগোহাঞি, এগৰাকী ভাৰতীয় ৱেল্টাৰৱেইট শ্ৰেণীৰ বক্সাৰ। অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি।
  • ২০১১ - লিচিপ্ৰিয়া কাংগুজাম, ভাৰতৰ শিশু পৰিৱেশ কৰ্মী।

মৃত্যু

  • ১৮৫৩ - ফ্ৰেন্সফৰ আৰাগ' (ফৰাছী: François Arago), ফৰাচী পদাৰ্থবিজ্ঞানী আৰু জ্যোতিৰ্বিজ্ঞানী, সূৰ্যৰ ক্ৰমমণ্ডল (chromosphere) আৱিষ্কাৰ কৰিছিল (নিম্ন বায়ুমণ্ডল, মুখ্যতঃ হাইড্ৰজেন গেছৰ দ্বাৰা গঠিত) আৰু গ্ৰহবোৰৰ ব্যাসৰ সঠিক অনুমান কৰিছিল।(জন্ম: ২৬ ফেব্ৰুৱাৰী ১৭৮৬)
  • ১৯০৬ - ৰাজা ৰবি বৰ্মা, বিখ্যাত ভাৰতীয় চিত্ৰশিল্পী আছিল। (জন্ম: ২৯ এপ্ৰিল, ১৮৪৮)
  • ১৯৫৩ - জ'ন মাৰ্টিন, আমেৰিকান চিত্ৰশিল্পী।
  • ১৯৬৬ - ৰিচাৰ্ড এডৱিন শ্ব'প, আমেৰিকান ভাইৰ'ল'জিষ্ট, যি ৰকফেলাৰ ইনষ্টিটিউটত তেওঁৰ পৰামৰ্শদাতা পল এ লুইছৰ সৈতে একেলগে ১৯৩১ চনত গাহৰিৰ ক্ষেত্ৰত ইনফ্লুৱেঞ্জা ভাইৰাছ - A চিনাক্ত কৰে। (জন্ম: ডিচেম্বৰ ২৫, ১৯০১)
  • ১৯৭৫ - কে কামৰাজ, তেখেত তামিলনাডুৰ মুখ্যমন্ত্ৰী আৰু সাংসদ আছিল।

দিৱস

বাহ্যিক সংযোগ


তথ্য সূত্ৰ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia