১ আগষ্ট (ইংৰাজী: 1 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৩তম (অধিবৰ্ষত ২১৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৫২টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
উল্লেখযোগ্য ঘটনাৱলী
- ১৭৭৪ - যোছেফ প্ৰিষ্টলিয়ে অক্সিজেন আবিষ্কাৰ কৰিছিল।
- ১৯৩৬ - একাদশ গ্ৰীষ্মকালীন অলিম্পিক এডল্ফ হিটলাৰে বাৰ্লিনত শুভাৰম্ভ কৰিছিল।
- ১৯৪৪ - এন ফ্ৰাংকে শেষ বাৰৰ বাবে ডায়েৰী লিখে।
- ১৯৫৩ - ফিডেল কাষ্ট্ৰ'ক কিউবাত গ্ৰেপ্তাৰ কৰা হৈছিল।
- ১৯৫৭ - নেচনেল বুক ট্ৰাষ্ট গঠন হৈছিল।
- ১৯৬৫ - ধেমাজি জিলাৰ আটাইতকৈ পুৰণি মহাবিদ্যালয় ধেমাজি মহাবিদ্যালয় স্থাপন কৰা হৈছিল।
- ১৯৭১ - এপ'লো-১৫-ৰ মহাকাশচাৰীসকলে ফলেন এষ্ট্ৰ'নট নামৰ এলুমিনিয়ামেৰে নিৰ্মিত মহাকাশ-যাত্ৰাৰ পোছাক পিন্ধা অৱস্থাত মহাকাশচাৰী এগৰাকীৰ এক ভাস্কৰ্য চন্দ্ৰপৃষ্ঠৰ মনছ হেড্লি বা হেড্লি ৰিলে নামৰ ঠাইত স্থাপন কৰে।
জন্ম
- ১৭৪৪ - জ্য়াঁ বেপষ্টিটে লেমাৰ্ক (ইংঃ Jean-Baptiste Lamarck), ফ্ৰান্সৰ পৰিৱেশবিদ।
- ১৭৭০ - ৱিলিয়াম ক্লাৰ্ক, এজন আমেৰিকান অভিযাত্ৰী, সৈনিক, ভাৰতীয় এজেণ্ট আৰু আঞ্চলিক লাট। (মৃঃ ১ ছেপ্টেম্বৰ, ১৮৩৮)
- ১৮৯৯ - কমলা নেহৰু, স্বাধীনতা সংগ্ৰামী, জৱাহৰলাল নেহৰুৰ পত্নী।
- ১৯২৪ - হাওবম ওংবি ঙাংবি দেৱী, ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, সংগীতজ্ঞ।
- ১৯৩৩ - মীনা কুমাৰী, ভাৰতীয় বোলছবি জগতৰ অভিনেত্ৰী।
- ১৯৪২ - টাবু ৰাম টাইড, অসমীয়া ভাষাতত্ববিদ, লেখক, শিক্ষাবিদ আৰু শিক্ষা প্ৰশাসক।
- ১৯৫০ - ভূপেন্দ্ৰ নাথ গোস্বামী, ভাৰতীয় বতৰবিজ্ঞানী।
- ১৯৬৪ - দিলীপ বৰা, অসমীয়া লেখক, সমালোচক, সম্পাদক আৰু অধ্যাপক।
- ১৯৭১ - ৰঞ্জন বেজবৰুৱা, অসমৰ শিল্পী, গীতিকাৰ, অনুবাদক, শিক্ষক, প্ৰবন্ধকাৰ।
- ১৯৮৭ - তাপ্সী পন্নু, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ১৭১৪ - এন ষ্টুৱাৰ্ট, ইংলেণ্ডৰ মহাৰানী।
- ১৮৪৬ - দ্বাৰকানাথ ঠাকুৰৰ লণ্ডনত মৃত্য়ু, উদ্য়োগপতি, ৰবীন্দ্ৰনাথ ঠাকুৰৰ ককাক আছিল।
- ১৮৭৩ - উইলিয়াম ৱাৰ্ড, অসমলৈ অহা এগৰাকী খৃষ্টান মিছনেৰী, 'অৰুনোদই' কাকতৰ সম্পাদক আৰু বাইবেলৰ অসমীয়া ভাঙনিৰ উদ্যোক্তাসকলৰ অন্যতম।
- ১৯২০ - বাল গঙ্গাধৰ তিলক, এগৰাকী ভাৰতীয়, শিক্ষক, সাংবাদিক, উকীল, সমাজ সংস্কাৰক তথা ভাৰতীয় স্বাধীনতা আন্দোলনৰে জড়িত সক্ৰিয় ব্যক্তি।
- ১৯৯৮ - উমেশ বৈশ্য, অসমীয়া শিল্পী,শিক্ষাবিদ, সাহিত্যিক।
- ১৯৯৯ - নীৰদ চন্দ্ৰ চৌধুৰী, বঙালী লেখক।
দিৱস
বাহ্যিক সংযোগ
|