১৩ ছেপ্টেম্বৰ (ইংৰাজী: 13 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৬তম (অধিবৰ্ষত ২৫৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০৯টা দিন বাকী থাকে।
ঘটনাৱলী
- ১৫০০ - পেড্ৰ' আলভাৰেজ কাব্ৰাল নামৰ পতুৰ্গীজ নাবিক আৰু অভিযাত্ৰীজনে ভাৰতৰ কেৰেলাৰ কালিকটত (Kozhikode or Calicut) প্ৰথম ভৰি দিয়ে।
- ১৯০৪ - ‘শ্বিলং সমবায় সমিতি’ অসমৰ সমবায় সমিতি প্ৰতিষ্ঠা হয়।
- ১৯১৬ - এনী বেছাণ্টৰ ভাৰতৰ হোমৰুল লীগ প্ৰতিষ্ঠিত হয়।
- ১৯৪৮ - ভাৰতীয় সেনাৰ দ্বাৰা নিজামৰ ৰাজ্য হায়দৰাবাদ দখল কৰে।
- ১৯৯৬ - লোকসভাত লোকপাল বিধেয়ক গৃহীত হয়।
জন্ম
- ১৭৭৫ - লৰা চিকৰ্ড, কানাডাৰ যুদ্ধ বীৰাঙ্গনা।
- ১৮৫৭ - মিল্টন এছ হাৰ্ছেই, আমেৰিকাৰ চকলেট ব্যৱসায়ী।
- ১৯০৬ - সুৰেন্দ্ৰ কুমাৰ দে, সমাজ সেৱক, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজনেতা।
- ১৯৬৯ - শ্বেন ৱাৰ্ন, অষ্ট্ৰেলিয়াৰ স্পীন বলাৰ (ক্ৰিকেট)।
- ১৯৮৯ - থমাছ মুলাৰ, জাৰ্মানীৰ ফুটবল খেলুৱৈ। ২০১৪ চনৰ জাৰ্মানীৰ বিশ্ব কাপ চেম্পিয়ন দলৰ প্ৰধান খেলুৱৈ।
মৃত্যু
- ৮১ - টাইটাছ, ৰোমান সম্ৰাট।
- ১৯২৯ - যতীন্দ্ৰ নাথ দাস, স্বাধীনতা সংগ্ৰামী, লাহোৰৰ জেলত ( ব্ৰিটিছ ভাৰত) ৬৩ দিন অনশন কৰি ছহীদ হয়।
- ১৯৪৯ - আগষ্ট ক্ৰগ, ডেনমাৰ্কৰ জীৱ বিজ্ঞানী।
- ১৯৭১ - লিন পিয়াও, চীনৰ সামৰিক বাহিনীৰ প্ৰধান তথা চীনৰ কমিউনিষ্ট পাৰ্টীৰ বিশিষ্ট নেতা আছিল। বিমান দুৰ্ঘটনাত মৃত্যু হয়।
- ১৯৯৫ - মহেশ্বৰ নেওগ, অসমীয়া সাহিত্য জগতৰ প্ৰসিদ্ধ সাহিত্যিক।
দিৱস
- অভিযন্তা দিৱস (মৰিছাছ)।
- সন্ত্ৰাসবাদ বিৰোধী দিৱস।
- আন্তঃৰাষ্ট্ৰীয় চকলেট দিৱস।
বাহ্যিক সংযোগ
তথ্য সংগ্ৰহ