৩ আগষ্ট

১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০
৩১  

৩ আগষ্ট (ইংৰাজী: 3 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৫তম (অধিবৰ্ষত ২১৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৫০টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৩৪৭ - আলাউদ্দিন হাছান ওৰফে জাফৰ খানৰ বাহমনি সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা হয়।
  • ১৪৯২ - ক্ৰিষ্টোফাৰ কলম্বাছে পালোচ দি লা ফ্ৰণ্টেৰোৰ পৰা তিনিখন জাহাজ ছাণ্টা মাৰিয়া, পিণ্টা আৰু ছাণ্টা ক্লাৰা বা নিনাৰ সৈতে নিজৰ প্ৰথম যাত্ৰা আৰম্ভ কৰে।
  • ১৭৮০ - মেজৰ প'হামৰ (ইংঃ Popham) অধীনত কেপ্টেইন ব্ৰুচে গোৱালিয়ৰ দূৰ্গ দখল কৰে।
  • ১৯১৪ - প্ৰথম মহাসমৰত ফ্ৰান্সৰ বিৰুদ্ধে জাৰ্মানীয়ে যুদ্ধ ঘোষণা কৰে।
  • ১৯৩৪ - হিটলাৰে জাৰ্মানীৰ ৰাষ্ট্ৰপতি আৰু 'চেঞ্চেলৰ' কাৰ্যালয় এক কৰি নিজকে অধিনায়ক (জাঃ Führer বা ইংঃ leader) ঘোষণা কৰে।
  • ১৯৫৪ - ভাৰতৰ পাৰমাণৱিক শক্তি বিভাগ প্ৰতিষ্ঠা হয়।
  • ১৯৬০ - নাইজাৰে স্বাধীনতা লাভ কৰে।
  • ১৯৯৯ - নৰ্মদা বচাও আন্দোলনত সাহিত্যিক অৰুন্ধতী ৰয়ে অংশগ্ৰহণ কৰে।
  • ২০০৪ - বানপানীৰ সংহাৰী ৰূপত অসমৰ সহস্ৰাধিক গাঁও জলমগ্ন, শতাধিক জীৱ-জন্তুৰ মৃত্যু হয়।

জন্ম

মৃত্যু

দিৱস

  • পতাকা দিৱস (ভেনেজুৱেলা)।
  • বিশ্ব স্বাস্থ্য সংস্থা(WHO) আৰু ৰাষ্ট্ৰসংঘৰ শিশুৰ নিধিৰ (UNICEF)ৰ বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ তৃতীয় দিন। (১ আগষ্টৰ পৰা ৭ আগষ্টলৈ)

বাহ্যিক সংযোগ