৭ ছেপ্টেম্বৰ (ইংৰাজী: 7 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫০তম (অধিবৰ্ষত ২৫১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- ১৯৩১ - লণ্ডনত দ্বিতীয় ঘূৰণীয়া মেজমেল আৰম্ভ হয়। এই মেজেমলত যোগদান কৰে মহাত্মা গান্ধীয়ে।
- ১৯৫৬ - তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন কৰা হয়।
- ১৯৮৮ - মিজোৰামত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয়।
জন্ম
- ১৫৩৩ - প্ৰথম এলিজাবেথ, ইংলেণ্ডৰ ৰাণী।
- ১৭৯১ - উমাজী নাইক, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৮২৯ - আগষ্ট কেকুলে, জাৰ্মান ৰসায়ন বিজ্ঞানী।
- ১৯১৩ - আলবেয়াৰ কেমু, ফৰাচী ঔপন্যাসিক, নাট্যকাৰ আৰু অস্তিত্ববাদী দাৰ্শনিক।
- ১৯১৫ - মহেশ্বৰ নেওগ, বুৰঞ্জীবিদ, লোকসংস্কৃতিৰ গৱেষক, কবি আৰু প্ৰাচ্যতত্ত্ববিদ। "অন্ত্যজা" কবিতাৰে অসমীয়া কাব্য সাহিত্যলৈ এক নতুন সোঁত বোৱাই অনিছিল।
- ১৯১৭ - বানু জাহাংগীৰ কয়াজী, ভাৰতীয় চিকিৎসক।
- ১৯৩১ - মীনা খাদিকাৰ, ভাৰতীয় মাৰাঠী আৰু হিন্দী ভাষাৰ নেপথ্য কণ্ঠশিল্পী আৰু সুৰকাৰ।
- ১৯৩৩ - ইলা ৰমেশ ভাট, ভাৰতীয় সমাজকৰ্মী আৰু গান্ধীবাদী।
- ১৯৩৪ - সুনীল গঙ্গোপাধ্যায়, জনপ্ৰিয় বঙালী কবি।
- ১৯৫১ - মামুট্টি, টলীউডৰ অভিনেতা আৰু কথাছবি পৰিচালক।
- ১৯৬০ - অংশুলা কান্ত, ভাৰতীয় বেংকাৰ।
- ১৯৬৩ - নীৰজা ভানোট, অশোকচক্ৰ বিজিতা বিমান পৰিচালিকা।
- ১৯৮৫ - ৰাধিকা আপ্টে, ভাৰতীয় মঞ্চাভিনেত্ৰী আৰু চলচ্চিত্ৰৰ শিল্পী।
মৃত্যু
দিৱস
বাহ্যিক সংযোগ
তথ্য় সূত্ৰ