ব্ৰাজিল, যাৰ আধিকাৰিক নাম ফেডাৰেটীভ ৰিপাব্লিক অৱ ব্ৰাজিল, দক্ষিণ আমেৰিকাৰ সৰ্ববৃহৎ দেশ। ভৌগোলিক আকাৰ আৰু জনসংখ্যা দুয়ো দিশৰ পৰাই ই পৃথীৱীৰ পঞ্চম সৰ্ববৃহৎ দেশ। ইয়াৰ জনসংখ্যা ১৯২ মিলিয়ন।[8][9] তদুপৰি ব্ৰাজিল আমেৰিকা মহাদেশৰ একমাত্ৰ আৰু
পৃথিৱীৰ সৰ্ববৃহৎ পৰ্তুগীজভাষী দেশ।[8]
পূব দিশত আটলাণ্টিক মহাসাগৰেৰে আৱৰা ব্ৰাজিলৰ তটৰেখা ৭৪৯১ কি.মি. দীঘল।[8] উত্তৰে ভেনিজুৱেলা, গায়ানা, ছুৰিনাম আৰু ফ্ৰেন্স গায়ানাৰ ফৰাচী উপনিবেশ, উত্তৰ-পশ্চিমে কলম্বিয়া, পশ্চিমে ব'লিভিয়া আৰু পেৰু, দক্ষিণ-পশ্চিমে আৰ্জেণ্টিনা আৰু পাৰাগুৱে আৰু দক্ষিণে উৰুগুৱে অৱস্থিত। ইয়াৰ উপৰিও ফাৰ্ণাণ্ড’ডে ন’ৰ’ন্হা (ইংৰাজী: Fernando de Noronha), ৰ’কাছ এটল (ইংৰাজী: Rocas Atoll), ছেইণ্ট পিটাৰ আৰু প’ল ৰক্স (ইংৰাজী: Saint Peter and Paul Rocks), আৰু ট্ৰিণ্ডাডে আৰু মাৰ্টিম ভাজ (ইংৰাজী: Trindade and Martim Vaz) আদি বহুতো দ্বীপপুঞ্জ ব্ৰাজিলৰ অন্তৰ্ভুক্ত।[8]ইকুৱেডৰ আৰু চিলিৰ বাদে সকলো দক্ষিণ আমেৰিকীয় দেশৰে সীমা ব্ৰাজিলৰ লগত লাগি আছে।
১৫০০ খ্ৰীষ্টাব্দত পেড্ৰ’ এলভাৰেছ কাব্ৰালে (ইংৰাজী: Pedro Álvares Cabral) এই ভূখণ্ডত পদাৰ্পণ কৰাৰ পাছত ১৮১৫ চনলৈকে ব্ৰাজিল পৰ্তুগালৰ উপনিবেশ আছিল, তাৰ পাছত ইয়াক এখন ৰাজতন্ত্ৰলৈ উন্নীত কৰা হয় আৰু “পৰ্তুগাল, ব্ৰাজিল আৰু এল্গাৰ্ভ্ছ সংযুক্ত ৰাজতন্ত্ৰ (ইংৰাজী: United Kingdom of Portugal, Brazil and the Algarves) প্ৰতিষ্ঠা হয়। ১৮০৮ চনত নাপ’লেয়ই পৰ্তুগাল অধিকাৰ কৰাৰ পৰিপ্ৰেক্ষিতত “পৰ্তুগীজ ঔপনিবেশিক সাম্ৰাজ্যৰ” ৰাজধানী লিছ্বনৰ পৰা ৰিঅ’ ডে জেনিৰ’লৈ স্থানান্তিৰত কৰাত এই ঔপনিবেশীয় জোঁটবন্ধন ভাগি যায়।[10] ১৮২২ চনত ব্ৰাজিল স্বাধীন হয় আৰু সাংবিধানিক ৰাজতন্ত্ৰ আৰু সংসদ ব্যৱস্থাৰে পৰিচালিত একক দেশ "ব্ৰাজিল সাম্ৰাজ্য" প্ৰতিষ্ঠা হয়। ১৮৮৯ চনত হোৱা এক সামৰিক অভ্যুত্থানৰ যোগে ৰাষ্ট্ৰখনত "ৰাষ্ট্ৰপতীয় গণতন্ত্ৰ" প্ৰতিষ্ঠা হয়, যদিও ইয়াৰ দুতৰপীয়া সংসদ ব্যৱস্থা (আজিকালিৰ কংগ্ৰেছ) ১৮২৪ চনৰ প্ৰথম সংবিধানৰ দিনৰ পৰা চলি আহিছিল।[10] ১৯৮৮ চনত প্ৰবৰ্তন কৰা বৰ্তমানৰ সংবিধানে ব্ৰাজিলক এক যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ আখ্যা দিয়ে।[11]২৬খন প্ৰদেশ আৰু ৫৫৬৪টা পৌৰ নিগমেৰে এই যুক্তৰাষ্ট্ৰ গঠিত কৰে।[11][12]
নমিনেল জি.ডি.পি.-ৰ হিচাপত ব্ৰাজিলৰ অৰ্থনীতি বিশ্বৰ ভিতৰত ৬ষ্ঠ আৰু ক্ৰয় ক্ষমতা সাম্যৰ (ইংৰাজী: Purchasing Power Parity) আধাৰত ৭ম(২০১১ চনত)।[13][14] ব্ৰাজিল পৃথিৱীৰ সকলোতকৈ ক্ষিপ্ৰ গতিৰে উন্নতি কৰা বৃহৎ অৰ্থনীতিবিলাকৰ অন্যতম। অৰ্থনৈতিক সংস্কাৰে ব্ৰাজিলক বিশ্বত এক উল্লেযোগ্য স্থানত অধীস্থিত কৰিছে।[15] ব্ৰাজিল ৰাষ্ট্ৰসংঘ, জি ২০ (ইংৰাজী: G20), চি.পি.এল.পি. (ইংৰাজী: CPLP), লেটিন সংঘ (ইংৰাজী: Latin Union), Organization of Ibero-American States, ‘আমেৰিকীয় দেশসমূহৰ সংগঠন’ (ইংৰাজী: Organization of American States), মাৰ্ক’ছুল (ইংৰাজী: Mercosul) আৰু দক্ষিণ আমেৰিকীয় জাতিসংঘ (ইংৰাজী: Union of South American Nations) আদিৰ প্ৰতিষ্ঠাপক সদস্য হোৱাৰ লগতে, (ইংৰাজী: BRIC) দেশসমূহৰো এখন। ইয়াৰ বাদেও ব্ৰাজিল পৃথিৱীৰ ১৭খন জৈৱ-বিচিত্ৰ দেশৰ এখন, ইয়াত বন্যজীৱ, প্ৰাকৃতিক পৰিৱেশৰ লগতে ব্ৰাজিলৰ বিভিন্ন সংৰক্ষিত বনাঞ্চল বিলাকত অফুৰন্ত প্ৰাকৃতিক সম্পদ পোৱা যায়।[8] নিশ্চিতভাৱে পৰিচিত ৬৭টা বিচ্ছিন্ন উপজাতিৰে (isolated tribes) ব্ৰাজিল পৃথিৱীৰ ভিতৰত সৰ্বাধিক অসংস্পৰ্শিত লোকৰ (uncontacted peoples) বাসস্থান।[16]
নামৰ উৎপত্তি
ব্ৰাজিল শব্দটো ব্ৰাজিলউড নামৰ এবিধ গছৰ পৰা আহিছে, ব্ৰজিলৰ সমুদ্ৰতীৰত এই গছ উভৈনদী কৈ পোৱা যায়। .পৰ্তুগীজ ভাষাত ব্ৰাজিলউডক ‘পউ ব্ৰাচিল’ (pau-brasil) বোলা হয়, এই ব্ৰাচিল শব্দই “ অঙঠাৰ দৰে ৰঙা” বুজায়। .[17][18][19] ব্ৰাজিলউডৰ পৰা গভীৰ ৰঙা ডাই বা ৰং প্ৰস্তুত কৰিব পাৰি, গতিকে ইউৰোপীয় বস্ত্ৰ উদ্যোগত ইয়াৰ ই এক বহুমূলীয়া সামগ্ৰী ৰূপে পৰিগণিত হৈছিল। এই ব্ৰাজিলউড ব্ৰাজিলৰ প্ৰথম ব্যৱসায়িক ভাৱে উৎপাদিত সামগ্ৰী। ১৬ শ শতিকাত ব্ৰাজিলৰ থলুৱা লোকসকলে ব্যাপক পৰিমাণে সমুদ্ৰতীৰবৰ্তী অঞ্চলসমূহৰ এই ব্ৰাজিলউড আহৰণ কৰি ইউৰোপীয় ব্যৱসায়ী সকলক (মূলতঃ পৰ্তুগীজসকলক, কেতিয়াবা ফৰাচী সকলকো) বিক্ৰী কৰি তাৰ বিনিময়ত নানান ইউৰোপীয় উদ্যোগজাত সামগ্ৰী ক্ৰয় কৰিছিল।[20]
প্ৰাচীন পৰ্তুগীজ অভিলেখসমূহৰ মতে এই দেশৰ আধিকাৰিক নাম "পৱিত্ৰ ক্ৰুছৰ দেশ" (The land of the Holy Cross- Terra da Santa Cruz), কিন্তু ইউৰপোৰ নাৱিক সকলে সাধাৰণতে ইয়াক "ব্ৰাজিলৰ দেশ" - (ব্ৰাজিলউডৰ ব্যৱসায়ৰ বাবে) বুলিয়েই কৈছিল। এই জনপ্ৰিয় নামে কালক্ৰমত আধিকাৰিক নামক নাইকিয়া কৰি পেলালে। প্ৰাচীন নাৱিক সকলে কেতিয়াবা ব্ৰাজিলক "ভাটৌৰ দেশ" বুলিও কৈছিল।
পাৰাগুৱেৰ ৰাষ্ট্ৰীয় ভাষা “গুৱাৰানি” ত ব্ৰাজিলক পিণ্ডোৰামা বুলি কোৱা হয়। থলুৱা বাসিন্দা সকলে দিয়া এই নামৰ অৰ্থ হ’ল পাম গছেৰে আৱৰা ভূখণ্ড।
ইতিহাস
পৰ্তুগীজ উপনিবেশ হিচাপে
১৫০০ খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত,ব্ৰাজিল নামেৰে প্ৰসিদ্ধ এই ভূখণ্ডত, Pedro Álvares Cabral ৰ অধীনস্থ পৰ্তুগীজ জাহাজৰ এটা ফ্লীট প্ৰবেশ কৰে আৰু তাৰ পাছৰ পৰাই ইয়াত এই ভূখণ্ডত পৰ্তুগাল সাম্ৰাজ্যৰ দাবী সাব্যস্ত হয়।[21] পৰ্তুগীজ সকল বিভিন্ন থলুৱা উপজাতি সমূহৰ সম্মুখীন হয়, যি সকলে গুৱাৰানি ভাষা ব্যৱহাৰ কৰিছিল আৰু নিজৰ মাজতে যুদ্ধ বিগ্ৰহত ব্যস্ত আছিল।[22] যদিও থলুৱা লোক সকলৰ লগত ১৫৩২ চনতে সন্ধি স্থাপন হৈছিল, আচলতে ১৫৩৪ চনৰ পৰাহে প্ৰকৃতাৰ্থত ব্ৰাজিলৰ পৰ্তুগীজ উপনিবেশ স্থাপন হয়। কাৰণ সেই বছৰতে পৰ্তুগীজ সম্ৰাট DomJoão III য়ে ব্ৰাজিলক বাৰখন উত্তৰাধীকাৰী ৰাজ্যত ভাগ কৰি এক পৰিকল্পিত শাসনধাৰা আৰম্ভ কৰে।[23][24]পিছে এই শাসনধাৰাত বহু সমস্যাই দেখা দিয়ে আৰু ১৫৪৯ চনত পৰ্তুগীজ সম্ৰাটে এই ভূখ্ণ্ড শাসন কৰিবৰ বাবে এজন গভৰ্ণৰ জেনেৰেল নিযুক্ত কৰে।[24][25]পৰ্তুগীজ সকলে মাত্ৰ কেইটামান থলুৱা উপজাতিক নিজৰ লগত লয়[26] আৰু বাকীবোৰক দাস হিচাপে ব্যৱহাৰ কৰে, এই বাকী উপজাতি বিলাক, হয় দীৰ্ঘদিনীয়া যুদ্ধ, নহয় ইউৰোপৰ পৰা অহা নতুন ৰোগ বিলাকৰ বিৰুদ্ধে যুঁজি যুঁজি নিশ্চিহ্ন হোৱাৰ উপক্ৰম হয়।[27][28] ১৬শ শতিকাৰ মাজভগলৈ চেনি ব্ৰাজিলৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ৰপ্তানি সামগ্ৰী হিচাপে পৰিগণিত হয়[22][29] আৰু তেতিয়াই পৰ্তুগীজসকলে বৰ্ধিত আন্তৰ্জাতিক বজাৰৰ মোকাবিলা কৰিবলৈ আফ্ৰিকাৰ পৰা কুঁহিয়াৰ খেতিৰ বাবে দাস অনা আৰম্ভ কৰে।[30][31][27][32]
Bueno, Eduardo. Brasil: uma História. São Paulo: Ática, 2003. পৰ্টূগীজISBN 85-08-08213-4
Calmon, Pedro. História da Civilização Brasileira. Brasília: Senado Federal, 2002. পৰ্টূগীজ
Carvalho, José Murilo de. D. Pedro II. São Paulo: Companhia das Letras, 2007. পৰ্টূগীজ
Coelho, Marcos Amorim. Geografia do Brasil. 4th ed. São Paulo: Moderna, 1996. পৰ্টূগীজ
Diégues, Fernando. A revolução brasílica. Rio de Janeiro: Objetiva, 2004. পৰ্টূগীজ
Enciclopédia Barsa. Volume 4: Batráquio – Camarão, Filipe. Rio de Janeiro: Encyclopædia Britannica do Brasil, 1987. পৰ্টূগীজ
Fausto, Boris and Devoto, Fernando J. Brasil e Argentina: Um ensaio de história comparada (1850–2002), 2nd ed. São Paulo: Editoria 34, 2005. ISBN 8573263083পৰ্টূগীজ
Janotti, Aldo. O Marquês de Paraná: inícios de uma carreira política num momento crítico da história da nacionalidade. Belo Horizonte: Itatiaia, 1990. পৰ্টূগীজ
Lyra, Heitor. História de Dom Pedro II (1825–1891): Ascenção (1825–1870). v.1. Belo Horizonte: Itatiaia, 1977. পৰ্টূগীজ
Lyra, Heitor. História de Dom Pedro II (1825–1891): Declínio (1880–1891). v.3. Belo Horizonte: Itatiaia, 1977. পৰ্টূগীজ
Lustosa, Isabel. D. Pedro I: um herói sem nenhum caráter. São Paulo: Companhia das letras, 2006. ISBN 85-359-0807-2পৰ্টূগীজ
Moreira, Igor A. G. O Espaço Geográfico, geografia geral e do Brasil. 18. Ed. São Paulo: Ática, 1981. পৰ্টূগীজ
Munro, Dana Gardner. The Latin American Republics; A History. New York: D. Appleton, 1942. ইংৰাজী
Schwarcz, Lilia Moritz. As barbas do Imperador: D. Pedro II, um monarca nos trópicos. 2nd ed. São Paulo: Companhia das Letras, 1998. ISBN 85-7164-837-9পৰ্টূগীজ
Souza, Adriana Barreto de. Duque de Caxias: o homem por trás do monumento. Rio de Janeiro: Civilização Brasileira, 2008. পৰ্টূগীজISBN 978-85-200-0864-5
Vainfas, Ronaldo. Dicionário do Brasil Imperial. Rio de Janeiro: Objetiva, 2002. ISBN 85-7302-441-0পৰ্টূগীজ
Vesentini, José William. Brasil, sociedade e espaço – Geografia do Brasil. 7th Ed. São Paulo: Ática, 1988. পৰ্টূগীজ
Vianna, Hélio. História do Brasil: período colonial, monarquia e república, 15th ed. São Paulo: Melhoramentos, 1994. পৰ্টূগীজ
Further reading
Alves, Maria Helena Moreira (1985). State and Opposition in Military Brazil. প্ৰকাশক Austin, TX: University of Texas Press.
Amann, Edmund (1990). The Illusion of Stability: The Brazilian Economy under Cardoso. World Development (pp. 1805–1819).