৩.৯৮ডিগ্ৰী ছেলচিয়াছ উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়[10]। বেছিভাগ বিশুদ্ধ পদাৰ্থৰ উষ্ণতা কমিলে ঘনত্ব বাঢ়ি যায় কিন্তু ব্যতিক্ৰমীভাৱে পানী ঠাণ্ডা হৈ গোট মাৰিলে ইয়াৰ ঘনত্ব কমি যায়। পানী ক্ৰমান্বয়ে ঠাণ্ডা কৰি কৰি এটা সময়ত যেতিয়া ৩.৯৮ডিগ্ৰী ছেলচিয়াছ উষ্ণতা পায় তেতিয়া ইয়াৰ ঘনত্ব সৰ্বোচ্চ হয়। উষ্ণতা আৰু কমিলে বৰফ গঠন হোৱা আৰম্ভ হয়। পানীৰ অণুবোৰ বিশৃঙ্খলভাৱে সজ্জিত হৈ থাকে আৰু সজ্জা গঠনৰ বাবে উপযুক্ত তাপমাত্ৰা দৰকাৰ। তাপমাত্ৰা ৩.৯৮ডিগ্ৰী ছেলচিয়াছৰ তললৈ নামিলে পানীৰ অণুবোৰে বিশৃঙ্খল সজ্জা হেৰুৱাই পেলায় আৰু শৃঙ্খলাবদ্ধ হ'বলৈ ধৰে। গতিকে বৰফৰ অণুবোৰ পানীতকৈ বেছি শৃঙ্খল। পানীৰ তাপমাত্ৰা কমাৰ লগতে দুটা প্ৰতিদন্দ্বী ঘটনা ঘটে ১)আয়তন কমি যায় ২)পানী বৰফলৈ ৰূপান্তৰিত হোৱাত পানীৰ অণুবোৰ শৃঙ্খলাবদ্ধ হৈ পৰে আৰু সামগ্ৰিক আয়তন কমি যায়। ৩.৯৮ডিগ্ৰী ছেলচিয়াছৰপৰা ০ ডিগ্ৰী ছেলচিয়াছৰ ভিতৰৰ যিকোনো তাপমাত্ৰাত প্ৰথম ঘটনাটোৱে দ্বিতীয়টোক বাতিল কৰি পেলায় আৰু আয়তন বৃদ্ধি পায়[11]। সেইবাবে বৰফৰ ঘনত্ব পানীতকৈ কম আৰু বৰফ পানীত ওপঙে।
পানীয়ে বহুসংখ্যক জুলীয়া পদাৰ্থ যেনে ইথানলৰ সৈতে মিহলি হৈ সমসত্ত্ব মিশ্ৰণ সৃষ্টি কৰে। আনহাতে তেল আৰু পানী মিহলি নহয়। মিহলি কৰিব গ'লে দুটা স্তৰৰ সৃষ্টি হয় য'ত বেছি ঘন স্তৰটো তলত আৰু কম ঘন স্তৰটো ওপৰত থাকে।
পানীৰ অণুত থকা হাইড্ৰ'জেন আৰু অক্সিজেনক বিদ্যুৎ বিশ্লেষণৰ জৰিয়তে পৃথক দিব পাৰি। কিন্তু ইয়াৰ বাবে প্ৰয়োজনীয় শক্তি হাইড্ৰ'জেন আৰু অক্সিজেন যুক্ত কৰিবলৈ প্ৰয়োজন হোৱা শক্তিতকৈ বেছি।[12]
বিশ্বব্ৰহ্মাণ্ডত পানীৰ উপস্থিতি
বিশ্বব্ৰহ্মাণ্ডৰ সৰহভাগ পানী তাৰকা একোটাৰ জন্ম হওঁতে তাৰ লগতে উৎপন্ন হয়। তাৰকা এটাৰ জন্মৰ সময়ত গেছ আৰু ধূলিৰ এক প্ৰবল বৰ্হিগামী সোঁতৰ সৃষ্টি হয়। এই সোঁতত থকা পদাৰ্থকণাসমূহে চাৰিওকাষৰ গেছত খুন্দা মাৰি প্ৰচণ্ড উত্তাপ আৰু চাপৰ সৃষ্টি কৰে। ইয়াৰ ফলত গেছৰ ঘনত্ব বৃদ্ধি পায় আৰু পানীৰ সৃষ্টি হয়।[13]
২০১১ চনৰ ২২ জুলাইত যুগুত কৰা এক প্ৰতিবেদনৰ মতে পৃথিৱীৰ পৰা ১,২০,০০০ কোটি আলোক-বৰ্ষ দূৰত্বত এক বিশালাকাৰ ডাৱৰপুঞ্জৰ সন্ধান পোৱা গৈছে। ইয়াত নিহিত হৈ থকা পানীৰ পৰিমাণ পৃথিৱীৰ মহাসাগৰকেইখনৰ পানীৰ ১৪০ ট্ৰিলিয়ন গুণ।[14][15]
↑Kulshreshtha, S.N (1998). "A Global Outlook for Water Resources to the Year 2025". Water Resources Management খণ্ড 12 (3): 167–184. doi:10.1023/A:1007957229865.
↑Baroni, L.; Cenci, L.; Tettamanti, M.; Berati, M. (2007). "Evaluating the environmental impact of various dietary patterns combined with different food production systems". European Journal of Clinical Nutrition খণ্ড 61 (2): 279–286. doi:10.1038/sj.ejcn.1602522. PMID17035955.