পানী (১৯৯৫ চলচ্চিত্ৰ)এই প্ৰবন্ধটো ১৯৯৫ চনত মুক্তি পোৱা অসমীয়া চলচ্চিত্ৰখনৰ বিষয়ে। অক্সিজেন আৰু হাইড্ৰ'জেনৰ পৰমাণু লগলাগি গঠিত হোৱা পদাৰ্থবিধৰ বাবে পানী চাওক। ২০১৪ চনত মুক্তি পোৱা একে নামৰ চলচ্চিত্ৰখনৰ বাবে, পানী (২০১৪ চলচ্চিত্ৰ) চাওক।
পানী (ইংৰাজী: Paani) ১৯৯৫ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। নবাৰুণ ফিল্মচৰ (অসম) বেনাৰত আৰু নিৰোদ চৌধুৰীৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছিল প্ৰফুল্ল শইকীয়াই। প্ৰফুল্ল শইকীয়া প্ৰথম কাৰ্বি ছবি ‘জিৰচঙ’ৰ পৰিচালক আছিল। ছবিখনৰ গীতৰ কথাংশ আৰু সঙ্গীত আছিল ভূপেন হাজৰিকাৰ। আবহ সঙ্গীত ৰচনা কৰিছিল জিতু তপনে[1][2] কাহিনীৰ সাৰাংশপাগলাদিয়া নৈৰ পাৰৰ গাঁও বৰজহা। বৰজহা গাঁৱৰে এজন প্ৰতিপত্তিশীল আৰু চহকী ব্যক্তি বলোভদ্ৰ চৌধুৰী। তেওঁৰ একমাত্ৰ জীয়ৰী আল্পনা। শ্বিলঙত পঢ়ে। চহকী ঘৰৰ ছোৱালী হ’লেও তাই অতি সহজ-সৰল। তাইৰ এই সৰল স্বভাৱৰ বাবে গাঁৱৰ সকলো মানুহে তাইক ভাল পায়। দীঘলীয়া বন্ধৰ দিনকেইটা গাঁৱতে কটাব বুলি ভাবি তাই বৰজহা পালেহি। এনেতে আহিল প্ৰলয়ংকৰী বান। ভৱিষ্যতে এম.এল.এ হোৱাৰ বাসনা পুহি ৰখা চৌধুৰীয়ে বান-পীড়িত ৰাইজক অলপ সহায়-সাহায্য কৰি নিজৰ স্বাৰ্খ সিদ্ধি কৰাৰ কথা ভাবিলে। তেওঁৰ এই পৰিকল্পনাক কাৰ্যত পৰিনত কৰাৰ দায়িত্ব দিলে তেওঁৰ সোঁহাতস্বৰূপ নয়ন বৰুৱাক। পাগলাদিয়াৰ ছিগা মথাউৰি মেৰামতি কৰিবলৈ চহৰৰ পৰা ইঞ্জিনিয়াৰ দিলীপ চলিহা আহিল।দিলীপক বলোভদ্ৰ চৌধুৰীৰ ঘৰতে ৰখাৰ ব্যৱস্থা কৰা হ’ল। লাহেলাহে মথাউৰিৰ মেৰামতিৰ কাম শেষ হৈ আহিল। ইফালে ক্ৰমাৎ আল্পনাও দিলীপৰ ওচৰ চাপি গ’ল। কিন্তু এই অন্তৰঙ্গতাত বাধা হৈ থিয় দিয়ে নয়ন বৰুৱাই। নয়নে ভাবুকি দিলে, আল্পনাই যদি বিয়া কৰাবই লাগে, তেন্তে নয়নকে কৰাব লাগিব, দিলীপক নোৱাৰে।আল্পনাই কিয় বুলি প্ৰশ্ন কৰি যি উত্তৰ পালে, শুনি তাই স্তম্ভিত হৈ গ’ল। এতিয়া কি কৰিব তাই? এফালে বৰজহাৰ বান-পীড়িত ৰাইজ, আনফালে তাইৰ ব্যক্তিগত প্ৰেম। [1] অভিনয় শিল্পী
কলা-কুশলী
সঙ্গীতপানী ছবিখনৰ গীতৰ ৰচনা, সুৰ আৰু সঙ্গীত ভূপেন হাজৰিকাৰ।[2] আবহ সঙ্গীত জিতু তপনৰ।
তথ্য উৎস
|
Portal di Ensiklopedia Dunia