খগেন মহন্ত
খগেন মহন্ত (ইংৰাজী: Khagen Mahanta, জন্ম: ১৭ আগষ্ট, ১৯৪২ - মৃত্যু: ১২ জুন, ২০১৪) অসমৰ এগৰাকী গায়ক, সুৰকাৰ আৰু গীতিকাৰ। অসমীয়া থলুৱা গীত-পদৰ স্বকীয়তা নষ্ট নকৰাকৈ তেওঁ লোকসংগীতৰ ভেটিতে বহু কালজয়ী গীত বা গীতৰ সুৰ সৃষ্টি কৰিছিল। অসমৰ অন্যতম লোকসংগীত বিহুৰ পৰিৱেশনৰ ক্ষেত্ৰত থকা দক্ষতাৰ বাবে তেওঁক King of Bihu[2] বা বিহু সম্ৰাট বুলি কোৱা হয়। স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছতেই খগেন মহন্ত সংগীত সাধনাত ব্ৰতী হৈছিল। তেওঁ বিহুগীতক জনপ্ৰিয় কৰাত অপ্ৰতিদ্বন্দ্বী ভূমিকা লৈছিল। লোকগীতৰ সম্ৰাটজন ফিল্ম ক্ৰাফট এৱাৰ্ড, সংগীত নাটক একাডেমি বঁটা, সংগীতাচাৰ্য বঁটা আদিৰে সন্মানিত।[3][4] শৈশৱ১৯৪২ চনৰ ১৭ আগষ্ট (শাওন-ভাদৰ সংক্ৰান্তি তিথি)ত নগাঁও জিলাৰ জাজৰি বগৰিগুৰি আমতলা গজলা সত্ৰৰ সত্ৰাধিকাৰৰ গৃহত তেওঁৰ জন্ম হৈছিল।[5] পিতৃ প্ৰয়াত হৰেন্দ্ৰনাথ মহন্ত আৰু মাতৃ প্ৰয়াত লক্ষ্মীপ্ৰিয়া দেৱী। তেওঁ শৈশৱতে পিতৃৰ পৰাই নাম-কীৰ্তন, প্ৰসংগ, গায়ন-বায়ন আৰু সত্ৰীয়া নৃত্যকলা আয়ত্ত কৰিবলৈ সক্ষম হৈছিল। সত্ৰীয়া নৃত্যৰ লগতে খোলবাদ্যতো তেওঁ বিশেষ পাৰদৰ্শিতা দেখুৱাব পাৰিছিল।[6] কৰ্মজীৱনআকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে তেখেতে ১৯৬৫ চনৰ পৰাই গীত গাবলৈ লয় আৰু ১৯৭২ চনত প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰে। ১৯৭৬ চনৰ পিছত তেখেতে আকাশবাণীত কম্প'জাৰৰ চাকৰীত যোগদান কৰে আৰু বিভিন্ন শিল্পীক গীত-মাত শিকাবলৈ লয়। পিছত তেওঁ আকাশবাণীত সংগীত প্ৰযোজক হৈ শেষত আকাশবাণীৰ উত্তৰ-পূব সঞ্চালকালয়ৰ ডেপুটী ডাইৰেক্টৰ হিচাপে ২০০১ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে। মৃত্যুৰ আগলৈকে তেওঁ ফ্ৰী-লান্সাৰ হিচাপে নিজকে সংগীতৰ জগতত নিয়োগ কৰি ৰাখিছিল। গুৱাহাটী আকাশবাণী কেন্দ্ৰত থকাৰ সময়তে তেওঁ অসমীয়া লোকসংগীতক শিল্পীসকলক বিচাৰি উলিয়াবৰ বাবে বিভিন্ন কাৰ্যব্যৱস্থা হাতত লৈছিল। ইয়াৰোপৰি অকাশবাণীত শিশু অনুষ্ঠান পৰিচালনা, সংগীতালেখ্য প্ৰস্তুত, সাক্ষাৎকাৰ গ্ৰহণ আদিৰ দৰে অনেক নতুন অনুষ্ঠানৰ শুভাৰম্ভ কৰিছিল।[6] ব্যক্তিগত জীৱনখগেন মহন্ত ১৯৬৫ চনত অৰ্চনা মহন্তৰ লগত বিবাহপাশত আৱদ্ধ হয়। তেওঁৰ পুত্ৰ অংগৰাগ মহন্তও এগৰাকী সংগীত শিল্পী। মৃত্যু২০১৪ চনৰ ১২ জুন তাৰিখে বিয়লি ৩ বাজি ৩০ মিনিটত গুৱাহাটীৰ নিগাজীপামৰ নিজ বাসগৃহত ৭২ বছৰ বয়ষত খগেন মহন্তৰ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতে পত্নী অৰ্চনা মহন্ত, পুত্ৰ অংগৰাগ মহন্ত (পাপন) আৰু কন্যা কিংকিনীক এৰি যায়।[4][1] সংগীত জগতলৈ অৱদান১৯৬০ চনৰ অসমৰ ভাষা আন্দোলনৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভা, হেমাঙ্গ বিশ্বাস আৰু যুগল দাসৰ দ্বাৰা নিৰ্মাণ কৰা হাৰ্মনি দল (Harmony Group)-ৰ এজন সক্ৰিয় সদস্য হৈ তেওঁ গোটেই অসমত শান্তিৰ হকে গীত পৰিৱেশন কৰিছিল।[5][2] অসমীয়া সংগীত জগতৰ যুগজয়ী অথবা কালজয়ী অথবা চিৰসেউজ গীতসমূহৰ ভিতৰৰ কাউৰী পৰে, কলৰে পাততে কাউৰী পৰে, মা আমি শদিয়ালৈ যামেই, পাৰৰ পাখিত গুঁজি দিলোঁ ফুলাম চিঠিখনি, পাহাৰৰ জুৰিটি পিৰীতি সাৱটি, আদি গীতত খগেন মহন্তই কণ্ঠদান কৰিছিল। তেওঁ অসমৰ গাঁৱে-ভূঞে গৈ সহজ-সৰল মানুহখিনিৰ মাজত গীত পৰিৱেশন কৰাৰ লগতে অত্যন্ত ভিতৰুৱা অঞ্চলৰ পৰা লোকগীতৰ লেছেৰি বুটলি আৰু সেইসমূহৰ সংৰক্ষণৰ দিহা কৰি নতুন প্ৰজন্মৰ মাজত মেলি ধৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই জীৱনৰ অন্তিম সময়ত ৰচনা কৰা এয়ে মোৰ শেষ গান গীতটোক খগেন মহন্তই সুৰ আৰু কণ্ঠৰে সজাই তুলিছিল।[6] অনুষ্ঠান পৰিৱেশন
চলচ্চিত্ৰ
গ্ৰামোফোন ডিস্ক আৰু কেছেট
বঁটা-সন্মান
১৯৬৫ চনত নেপালৰ তেতিয়া ৰজা মহেন্দ্ৰ উপস্থিতিত ৰয়েল থিয়েটাৰত ‘মুৰেলী বাজো বনমা/ ল কৃষ্ণা চমজানা মনমা’ নামৰ নেপালী চহা জীৱনৰ এটি গীত খগেন মহন্তই গাইছিল। তেতিয়াৰ কণমানি খগেন মহন্তৰ কণ্ঠত নেপালৰ ভিতৰুৱা অঞ্চলৰ অখ্যাত গীত শুনি সকলো তেওঁৰ প্ৰশংসাত বিভোৰ হৈছিল আৰু ৰজাই তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছিল। আনহাতে গীত শুনি আনন্দিত হৈ নেপালৰ লোকগীতৰ সম্ৰাট ধৰমৰাজ থাপাই মৰমৰ চিনস্বৰূপে খগেন মহন্তৰ শিৰত এটি টুপী পিন্ধাই দিছিল। নেপালৰ পৰা লাভ কৰা সেই টুপীটো শিৰত সন্মান সহকাৰে পিন্ধি থাকিছিল।[3] আত্মজীৱনীখগেন মহন্তই চিত্ৰ সংবাদ নে শিল্পীৰ পৃথিৱীত ১৮টা মান খণ্ড তেওঁ নিজ জীৱনৰ বিষয়ে লিখিছিল। কিন্তু সেই আলোচনী কিবা কাৰণত বন্ধ হৈ গ’ল। ফলত তেওঁৰ লেখাও বন্ধ হ’ল।[3] তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia