বীৰেশ্বৰ বৰুৱা |
---|
 | জন্ম |
১ ছেপ্টেম্বৰ, ১৯৩৩ চন অসম |
---|
মৃত্যু |
১৪ মাৰ্চ, ২০১০ চন |
---|
পেচা |
সাহিত্যিক, সমালোচক, কবি, গল্পকাৰ |
---|
ভাষা |
অসমীয়া |
---|
ৰাষ্ট্ৰীয়তা |
ভাৰতীয় |
---|
নাগৰিকত্ব |
ভাৰতীয় |
---|
শিক্ষা |
স্নাতক |
---|
মাতৃশিক্ষায়তন |
কটন কলেজ গুৱাহাটী বিশ্ববিদ্যালয় |
---|
উল্লেখনীয় কৰ্মৰাজি |
‘অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা’, ‘ৰামধেনু যুগ আৰু পৰবৰ্তী কাল’ |
---|
উল্লেখযোগ্য বঁটা |
ভাৰতীয় ভাষা পৰিষদ বঁটা, ১৯৮৯ সাহিত্য অকাডেমি বঁটা, ২০০৩[1] |
---|
দাম্পত্যসংগী |
সুভদ্ৰা ৰায়চৌধুৰী |
বীৰেশ্বৰ বৰুৱা (ইংৰাজী: Bireswar Baruah; ১৯৩৩ - ২০১০)[2]অসমৰ এগৰাকী কবি আৰু সমালোচক। ৰামধেনু যুগত আত্মপ্ৰকাশ কৰি পৰৱৰ্তী কালত গল্পকাৰ আৰু ঔপন্যাসিক ৰূপে তেওঁ প্ৰতিষ্ঠা লাভ কৰিছিল।[3] তেওঁ একাধাৰে গল্পকাৰ, ঔপন্যাসিক, নিবন্ধকাৰ, শিশু-সাহিত্যিক আৰু অনুবাদক।[4]১৯৮৯ চনত বীৰেশ্বৰ বৰুৱাই ‘ভাৰতীয় ভাষা পৰিষদ বঁটা’ আৰু ২০০৩ চনত ‘সাহিত্য অকাডেমি বঁটা’ লাভ কৰিছিল। [5]
২০১০ চনৰ ১৪ মাৰ্চত বৰুৱাৰ মৃত্যু হয়।[3]
জন্ম আৰু শিক্ষা
১৯৩৩ চনৰ ছেপ্টেম্বৰ মাহৰ ১ তাৰিখে বৰপেটা জিলাৰ অন্তৰ্গত সুন্দৰীদিয়াত বীৰেশ্বৰ বৰুৱাৰ জন্ম হয়।[3]তেওঁৰ পিতৃৰ নাম চন্দ্ৰমোহন বৰুৱা আৰু মাতৃ পূৰ্ণিমা বৰুৱা। ১৯৫০ চনত বৰুৱাই বৰপেটা চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হৈ কটন কলেজৰ বিজ্ঞান শাখাত নামভৰ্তি কৰে। ১৯৫৪ চনত তেওঁ কটন কলেজৰ পৰাই অৰ্থনীতি বিষয়ত সন্মানসহ স্নাতক পৰীক্ষাত উৰ্ত্তীণ হয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰে। [5]
১৯৬৬ চনত সুভদ্ৰা ৰায়চৌধুৰীৰ সৈতে বীৰেশ্বৰ বৰুৱা বিবাহ পাশত আৱদ্ধ হয়।[5]
কৰ্মজীৱন
১৯৫৬ চনত বৰুৱাই এ চি এছ পৰীক্ষাত উৰ্ত্তীণ হৈ অসম চৰকাৰৰ ই এচ চি পদত যোগদান কৰে। সুদীৰ্ঘ চাকৰি জীৱনত তেওঁ উপায়ুক্ত, অসম বিত্তীয় নিগমৰ পৰিচালন সঞ্চালক, শিক্ষা সচিব আদি গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰি সংস্কৃতি আৰু ক্ৰীড়া বিভাগৰ সচিব ৰূপে অৱসৰ গ্ৰহণ কৰে। ১৯৭৮ চনত তেওঁ আই এ এছলৈ পদোন্নতি লাভ কৰিছিল। [5]
বঁটা
১৯৮৯ চনত ‘নিৰ্বাচিত কবিতা’ৰ বাবে বীৰেশ্বৰ বৰুৱা ভাৰতীয় ভাষা পৰিষদ বঁটা আৰু অসম সাহিত্য সভা বঁটাৰে সন্মানিত হয়। ২০০৩ চনত ‘অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা’ শীৰ্ষক কাব্য সংকলনৰ বাবে তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান সাহিত্য অকাডেমিয়ে আগবঢ়োৱা সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
সাহিত্যিক অৱদান
স্কুলৰ আলোচনীত কবিতা লিখি বীৰেশ্বৰ বৰুৱাই তেওঁৰ সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। পাছত ৰামধেনুত তেওঁৰ প্ৰথমটো কবিতা প্ৰকাশ পায়। প্ৰথমখন কাব্য-সংকলন ‘নিৰ্জন নাবিক’ প্ৰকাশ পায় ১৯৬১ চনত। ১৯৫৯ চনত তেওঁৰ প্ৰথমখন গল্প সংকলন ‘প্ৰথম ৰাগিণী’ প্ৰকাশ পাইছিল। ১৯৬২ চনত ‘অনেক পুতলাৰ নাচ’ আৰু ‘মন জেতুকাৰ পাত’ নামৰ উপন্যাস দুখন একেসময়তে প্ৰকাশ কৰি তেওঁ প্ৰথমবাৰৰ বাবে ঔপন্যাসিক ৰূপে আত্মপ্ৰকাশ কৰিছিল। [5]
ভূপালত অনুষ্ঠিত দ্বি-বাৰ্ষিক কবি সন্মিলনত বীৰেশ্বৰ বৰুৱাই অংশগ্ৰহণ কৰিছিল। ১৯৯৮ চনত প্ৰকাশ হোৱা ‘একান্ত নিৰ্জন’ বৰুৱাৰ আত্মজীৱনী।[3]
- কবিতা
- নিৰ্জন নাৱিক (১৯৬১)
- অচিন আৰাও (১৯৭০)
- ডাউকী (১৯৭৯)
- চৰাই , শামুক আৰু নক্ষত্ৰ (১৯৮৫)
- নিৰ্বাচিত কবিতা (১৯৮৭)
- অন্য এক জোনাক (১৯৯০)
- অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা (২০০১)
- গল্প সংকলন
- প্ৰথম ৰাগিনী (১৯৫৯)
- নীলিমাৰ মন (১৯৬০)
- বন হৰিণী (১৯৬৩)
- প্ৰাচীৰ (১৯৭৩)
- প্ৰতিচ্ছবি (১৯৮৫)
- মহাজীৱনৰ পাণ্ডুলিপি (১৯৮৭)
- বীৰেশ্বৰ বৰুৱাৰ নিৰ্বাচিত গল্প (১৯৯৩)
- উপন্যাস
- অনেক পুতলাৰ নাচ (১৯৬২)
- মন জেতুকাৰ পাত (১৯৬২)
- অবন্ধনা (১৯৬৩)
- সন্ধিক্ষণ (১৯৮৮)
|
- প্ৰৱন্ধ
- ৰামধেনু যুগ আৰু পৰবৰ্তী কাল (১৯৮৬)
- সুন্দৰীত শ্ৰীশ্ৰীমাধৱদেৱ মাধৱ মৰল অতিৰাম বৰুৱা আৰু অন্যান্য (১৯৮৮)
- সুন্দৰী আৰু আই গোসাঁনী (১৯৮৯)
- সাহিত্যিক অন্তৰ্জগত (১৯৯০)
- জীৱন, মৃত্যু আৰু কবিতা (১৯৯০)
- সাহিত্য সাধনাৰ আভাস (১৯৯৩)
- সাহিত্য আৰু সাধনা (২০০৫)
- আত্মজীৱনী
- অনূদিত
- অন্যপূৰ্বা (স্তেফান জ্বোৱাইগৰ বিখ্যাত উপন্যাস, ১৯৬২)
- নক্ষত্ৰৰ দিন (ফৰাচী কবিতা, ১৯৮৮)
- ৰঙা ৰঙা গোলাপ (ইংৰাজী কবিতা, ১৯৮৯)
- অমৃতৰ সন্ধানত (জাৰ্মান কবিতা, ১৯৮৯)
- সাত সাগৰ তেৰ নদী (আমেৰিকান কবিতা, ১৯৮৯)
- বিশ্ব কবিতা সংগ্ৰহ (১৯৯৪)
- শিশু উপযোগী
- সম্পাদিত
- সূৰ্য্যকুমাৰ ভূঞাৰ কবিতা সংগ্ৰহ (১৯৯৪)
|
অভিযোজন
বৰুৱাৰ ‘বনৰীয়া ফুল’ নামৰ জনপ্ৰিয় গল্পটিক অতুল বৰদলৈয়ে চলচ্চিত্ৰ ৰূপ প্ৰদান কৰিছিল।
তথ্য সংগ্ৰহ
|
---|
| ১৯৫৫-১৯৭০ | |
---|
| ১৯৭১-১৯৯০ |
– (১৯৭১)
চৈয়দ আব্দুল মালিক (অঘৰী আত্মাৰ কাহিনী, ১৯৭২)
– (১৯৭৩)
সৌৰভ কুমাৰ চলিহা (গোলাম, ১৯৭৪)
নৱকান্ত বৰুৱা (ককাদেউতাৰ হাড়, ১৯৭৫)
ভবেন্দ্ৰ নাথ শইকীয়া (শৃংখল, ১৯৭৬)
আনন্দ চন্দ্ৰ বৰুৱা (বকুল বনৰ কবিতা, ১৯৭৭)
হোমেন বৰগোহাঞি (পিতা-পুত্ৰ, ১৯৭৮)
ভবেন বৰুৱা (সোণালী জাহাজ, ১৯৭৯)
যোগেশ দাস (পৃথিৱীৰ অসুখ, ১৯৮০)
নীলমণি ফুকন (কবিতা, ১৯৮১)
মামণি ৰয়ছম গোস্বামী (মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, ১৯৮২)
নিৰ্মলপ্ৰভা বৰদলৈ (সুদীৰ্ঘ দিন আৰু ঋতু, ১৯৮৩)
দেবেন্দ্ৰ নাথ আচাৰ্য (জংগম, ১৯৮৪)
কৃষ্ণকান্ত সন্দিকৈ (কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ, ১৯৮৫)
তীৰ্থনাথ শৰ্মা (বেণুধৰ শৰ্মা, ১৯৮৬)
হৰেকৃষ্ণ ডেকা (আন এজন, ১৯৮৭)
লক্ষ্মীনন্দন বৰা (পাতাল ভৈৰৱী, ১৯৮৮)
হীৰেন গোহাঁই (অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, ১৯৮৯)
স্নেহ দেৱী (স্নেহ দেৱীৰ একুঁকি গল্প, ১৯৯০) |
---|
| ১৯৯১-২০১০ |
অজিৎ বৰুৱা (ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য, ১৯৯১)
হীৰেন ভট্টাচাৰ্য (শইচৰ পথাৰ মানুহ, ১৯৯২)
কেশৱ মহন্ত (মোৰো যে কিমান হেঁপাহ, ১৯৯৩)
শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী) (মধুপুৰ বহুদূৰ, ১৯৯৪)
চন্দ্ৰপ্ৰসাদ শইকীয়া (মহাৰথী, ১৯৯৫)
নিৰুপমা বৰগোহাঞি (অভিযাত্ৰী, ১৯৯৬)
নগেন শইকীয়া (আন্ধাৰত নিজৰ মুখ, ১৯৯৭)
অৰুণ শৰ্মা (আশীৰ্বাদৰ ৰং, ১৯৯৮)
মেদিনী চৌধুৰী (বিপন্ন সময়, ১৯৯৯)
অপূৰ্ব শৰ্মা (বাঘে টাপুৰ ৰাতি, ২০০০)
মহিম বৰা (এধানী মাহীৰ হাঁহি, ২০০১)
নলিনীধৰ ভট্টাচাৰ্য (মহৎ ঐতিহ্য, ২০০২)
বীৰেশ্বৰ বৰুৱা (অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা, ২০০৩)
হীৰেন্দ্ৰ নাথ দত্ত (মানুহ অনুকুলে, ২০০৪)
য়েছে দৰজে ঠংচি (মৌন ওঁঠ মুখৰ হৃদয়, ২০০৫)
অতুলানন্দ গোস্বামী (চেনেহ জৰীৰ গাঁথি, ২০০৬)
পূৰবী বৰমুদৈ (শান্তনুকুলনন্দন, ২০০৭)
ৰীতা চৌধুৰী (দেও লাংখুই, ২০০৮)
ধ্ৰুৱজ্যোতি বৰা (কথা ৰত্নাকৰ, ২০০৯)
কেশদা মহন্ত (অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি, ২০১০) |
---|
| ২০১১-বৰ্তমান |
কবীন ফুকন (এই অনুৰাগী এই উদাস, ২০১১)
চন্দনা গোস্বামী (পাটকাইৰ ইপাৰে মোৰ দেশ, ২০১২)
ৰবীন্দ্ৰ সৰকাৰ (ধূলিয়ৰি ভৰিৰ সাঁচ, ২০১৩)
অৰূপা কলিতা পটংগীয়া (মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা, ২০১৪)
কুল শইকীয়া (আকাশৰ ছবি আৰু অন্যান্য গল্প, ২০১৫)
জ্ঞান পূজাৰী (মেঘমালাৰ ভ্ৰমণ, ২০১৬)
জয়ন্ত মাধৱ বৰা (মৰিয়াহোলা, ২০১৭)
সনন্ত তাঁতি (কাইলৈৰ দিনটো আমাৰ হ'ব, ২০১৮)
জয়শ্ৰী গোস্বামী মহন্ত (চাণক্য, ২০১৯)
অপূৰ্ব কুমাৰ শইকীয়া (বেংছতা, ২০২০)
অনুৰাধা শৰ্মা পূজাৰী (ইয়াত এখন অৰণ্য আছিল, ২০২১)
মনোজ কুমাৰ গোস্বামী (ভুল সত্য, ২০২২)
প্ৰণৱজ্যোতি ডেকা(ড॰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প, ২০২৩) |
---|
|
|