আৰতি মুখাৰ্জী
আৰতি মুখাৰ্জী (ইংৰাজী: Aarti Mukherjee; জন্ম: ১৯৪৩) এগৰাকী ভাৰতীয় বঙালী গায়িকা। তেওঁ বিভিন্ন ভাষাত গীত গাইছে। মূলতঃ তেওঁ বঙালী চলচ্চিত্ৰ আৰু আধুনিক গীত গোৱাৰ বাবে বিখ্যাত। গীত গাতা চল (১৯৭৫), তপস্যা (১৯৭৬), মনোকামনা, মাচুম (১৯৮৩) আদি বহুতো হিন্দী ছবিত গীত গোৱাৰ উপৰিও[1] বহুকেইখন অসমীয়া ছবিতো তেওঁ গীত গাইছে।[2] প্ৰাৰম্ভিক জীৱনআৰতি মুখাৰ্জী এটা সমৃদ্ধ, সাংস্কৃতিক আৰু সংগীত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল, তেওঁ ঘৰতেই সৰু বয়সৰ পৰাই তেওঁৰ মাকে তেওঁক প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছিল। পৰৱৰ্তীকালত, তেওঁ সুশীল বন্দ্যোপাধ্যায়, ওস্তাদ মোহাম্মদ ছাগিৰউদ্দিন খান, পণ্ডিত চিন্ময় লাহিড়ী, পণ্ডিত লক্ষ্মণ প্ৰসাদ জয়পুৰৱালা আৰু পণ্ডিত ৰমেশ নাদকৰ্ণিৰ পৰা শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লৈছিল। [উদ্ধৃতিৰ প্ৰয়োজন] সংগীত জীৱনআৰতি মুখাৰ্জী কম বয়সৰ পৰাই ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লৈছিল। পিছত, তেওঁ মেট্ৰো-মৰফি কনটেষ্ট সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু তেওঁ বিজয়ী হয় য'ত বিচাৰকসকলৰ মাজত আছিল অনিল বিশ্বাস, নৌচাদ, বসন্ত দেশাই আৰু চি. ৰামচন্দ্ৰৰ নিচিনা সংগীত পৰিচালক। তাৰ পিছৰ পৰা তেওঁক আকৌ পিছলৈ উভতি চাবলৈ প্ৰয়োজন হোৱা নাই, তেওঁ ১৯৫৮ চনত মীনা কুমাৰীৰ অভিনীত হিন্দী ছবি'চাহাৰা'ত নেপথ্য কণ্ঠশিল্পী হিচাপে প্ৰথম সুযোগ পায়, কিন্তু সেই ছবিৰ সংগীত সিমান সফল হোৱা নাই। পিছত, গাৰ্ল ফ্ৰেণ্ড (ৱাহীদা ৰহমান অভিনীত)-ৰ নিচিনা ফ্লপ ছবিৰ পিছত তেওঁ বঙালী ছবিত গান গাবলৈ সিদ্ধান্ত লৈছিল। ১৯৬২ চনত "কন্যা" নামৰ এখন বঙালী ছবিৰ যোগেদি তেওঁলৈ সুযোগ আহে। [উদ্ধৃতিৰ প্ৰয়োজন] তেওঁৰ অসামান্য গায়কী আৰু অতি মধুৰ কণ্ঠই সকলোকে ইমানেই মোহিত কৰিছিল যে শীৰ্ষস্থানীয় গায়িকা সন্ধ্যা মুখোপাধ্যায়ৰ প্ৰতি শ্ৰোতাই মনোযোগ হেৰুওৱা আৰম্ভ কৰিছিল। ষাঠিৰ দশকৰ শেষভাগৰ ফালে, সন্ধ্যা মুখাৰ্জীৰ কণ্ঠ শীৰ্ষস্থানীয় অভিনেত্ৰী সুচিত্ৰা সেনৰ নেপথ্য কণ্ঠ হিচাপে প্ৰথম ব্যৱহৃত হয়। ১৯৬৬ চনত তেওঁ গল্প হলেও সত্যি ছবিত গীত গাইছিল, যাৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ 'বি.এফ.জে' পুৰষ্কাৰ লাভ কৰিছিল। ১৯৭৬ চনত তেওঁ ছুটিৰ ফাদে ছবিৰ বাবে আকৌ একেটা পুৰষ্কাৰ লাভ কৰে। ষাঠিৰ দশকৰ শেষভাগত মাধবী মুখাৰ্জী, শৰ্মিলা ঠাকুৰ, অপৰ্ণা সেন, দেৱাশ্ৰী ৰয়, তনুজা আদি অভিনেত্ৰী সকলৰ বাবে নেপথ্য কণ্ঠশিল্পী হিচাপে কাম কৰে আৰু বহুতৰে মতে তেওঁৰ এই উত্থান সন্ধ্যা মুখোপাধ্যায়ৰ শিল্পী জীৱনৰ পতনৰ এটা ডাঙৰ কাৰণ হিচাপে বিবেচিত হয়। ১৯৭৬ চনত ৰাখী অভিনীত ছবি তপস্যা ছবিত দুটা গীত গাইছিল। প্ৰথম গীত 'বাচ্চে হো তুম খেল খিলনে' আৰু কিশোৰ কুমাৰৰ লগত গোৱা 'দো পাঁচি দো তিনকে' বহু জনপ্ৰিয় হৈছিল। তেওঁ বঙালী ভাষাত আনুমানিক ১৫০০০ গীত গাইছে আৰু হিন্দীসহ অন্যান্য ভাষাৰ গীততো নিজৰ কৃতিত্বৰ ছাপ ৰাখি গৈছে। [উদ্ধৃতিৰ প্ৰয়োজন] চলচ্চিত্ৰপঞ্জীহিন্দী ছবি
বঙালী ছবি
অসমীয়া ছবিতথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia