সুলক্ষণা পণ্ডিত
সুলক্ষণা প্ৰতাপ নাৰায়ণ পণ্ডিত (ইংৰাজী: Sulakshana Pratap Narain Pandit ; জন্ম ১৯৫৪) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু বলীউডৰ পূৰ্বৰ নায়িকা। সংগীত পৰিচালক জুটী যতীন-ললিত তেওঁৰ ভাতৃ। লাভ ষ্টোৰী ছবিৰে অভিনয় জগতত পদাৰ্পন কৰা অভিনেত্ৰী বিজয়তা পণ্ডিত তেওঁৰ ভনীয়েক। আনহাতে প্ৰখ্যাত শাস্ত্ৰীয় সংগীতৰ প্ৰখ্যাত কণ্ঠশিল্পী পণ্ডিত যশৰাজ সম্পৰ্কত তেওঁৰ খুৰাক। সংকল্প (১৯৭৫) ছবিৰ ‘তু হী সাগৰ হ্যায়, তু হী কিনাৰা’ গীতটোৰ বাবে তেওঁ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।[1][2] ব্যক্তিগত জীৱন১২ জুলাই ১৯৫৪ত ছত্তীছগঢ়ৰ ৰায়গড়ত এটা সংগীতৰ সৈতে জড়িত পৰিয়ালত সুলক্ষণাৰ জন্ম হৈছিল। তেওঁলোক হাৰিয়ানাৰ হিচাৰৰ (বৰ্তমান ফটেহাবাদ) পিলিমাণ্ডোৰী গাঁৱৰ মূল নিবাসী আছিল।শাস্ত্ৰীয় সংগীতৰ প্ৰখ্যাত কণ্ঠশিল্পী পণ্ডিত যশৰাজ আৰু ৰাজগড়ৰ প্ৰাক্তন সাংসদ তথা জনসংঘৰ নেতা বসন্ত কুমাৰ পণ্ডিত তেওঁৰ খুৰাক। তেওঁ নবছৰ বয়সৰ পৰা গীত গাবলৈ লৈছিল। ককায়েক মনধীৰ পণ্ডিত মুম্বাইত তেওঁৰ সংগী আছিল। মনধীৰে ১৯৮০ৰ দশকত মনধীৰ-যতীন নামেৰে যতীন পণ্ডিতৰ সৈতে এটা সংগীত জুটী তৈয়াৰ কৰিছিল। সুলক্ষণা শীৰ্ষস্থানীয় নেপথ্য কণ্ঠশিল্পী ৰূপে প্ৰতিষ্ঠা পোৱালৈকে তেওঁলোকে তাত মঞ্চত গীত পৰিবেশন কৰি গৈছিল। তেওঁলোকৰ বহুটো লাইভ কনচাৰ্টত মহম্মদ ৰফী আৰু কিশোৰ কুমাৰৰ দৰে কিংবদন্তিয়েও অংশ লৈছিল।[1][2] তেওঁৰ তিনিজন ভায়েক- মনধীৰ, যতীন আৰু ললিত; ভনীয়েক তিনিজনী- লতা মায়া এণ্ডাৰচন, লতা সন্ধ্যা সিং আৰু বিজয়তা পণ্ডিত। তেওঁৰ পিতৃ প্ৰতাপ নাৰায়ণ পণ্ডিত এজন শাস্ত্ৰীয় সংগীতৰ কণ্ঠশিল্পী।[1] সঞ্জীৱ কুমাৰে বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ পিছত তেওঁ কেতিয়াও বিয়া নকৰালে।[3] কৰ্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ যথেষ্ঠ কঠিন সময় পাৰ কৰিবলগীয়া হৈছিল। ভনীয়েক বিজয়তা আৰু ভনী জোৱায়েক সংগীত পৰিচালক আদেশ শ্ৰীবাস্তৱে তেওঁৰ বাবে এটা ভক্তিমূলক গীতৰ এলবাম তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছিল যদিও আদেশ শ্ৰীবাস্তৱৰ অকাল মৃত্যুত সেই পৰিকল্পনা বাস্তৱায়িত নহ’ল।[4] চাৰিটাকৈ অস্ত্ৰোপচাৰ হৈ যোৱাৰ পিছত তেওঁক ৰাজহুৱা স্থানত বেছিকৈ দেখা নগৈছিল। ২০১৭ৰ জুলাইত তেওঁ আৰ.জে. বিজয় আকেলাক তেওঁৰ অভিনয় আৰু সংগীত জীৱনক সাঙুৰি এটা দীঘলীয়া ৰেডিঅ’ সাক্ষাৎকাৰ দিছিল।[1] কৰ্মজীৱনএগৰাকী অভিনেত্ৰী হিচাপে সুলক্ষণাৰ কৰ্মজীৱন ১৯৭০ দশকৰ পৰা ১৯৮০ৰ দশকৰ আৰম্ভণিলৈকে বিস্তৃত আছিল। মূল নাৰী চৰিত্ৰৰ অভিনেত্ৰী হিচাপে তেওঁ সত্তৰৰ দশকৰ প্ৰায়ভাগ শীৰ্ষস্থানীয় অভিনেতা যেনে জীতেন্দ্ৰ, সঞ্জীৱ কুমাৰ, ৰাজেশ খান্না, বিনোদ মেহৰা, শশী কাপুৰ, শত্ৰুঘ্ন সিনহাৰ আদিৰ সৈতে কাম কৰিছে। ১৯৭৫ চনৰ চাচপেঞ্চ থ্ৰিলাৰ উলঝনৰ যোগে তেওঁ অভিনয় জগতত পদাৰ্পন কৰিছিল, য’ত নায়কৰ ভূমিকাত আছিল সঞ্জীৱ কুমাৰ। পৰিণীতা উপন্যাসৰ আধাৰত অনিল গাংগুলীয়ে নিৰ্মাণ কৰা সংকোচত (১৯৭৬) তেওঁ ললিতাৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ অন্যান্য ছবিৰ ভিতৰত আছে- হেৰাফেৰী (১৯৭৬),অপনাপন (১৯৭৭),খাণ্ডান (১৯৭৯),চেহৰে পে চেহৰা (১৯৮১),ধৰম কাঁটা (১৯৮২) আৰু ৱক্ট কী দীৱাৰ (১৯৮২)। ১৯৭৮ চনত তেওঁ উত্তম কুমাৰৰ সৈতে বঙালী ছবি বন্দীত অভিনয় কৰে।[5][2] শিশু অৱস্থাতে সুলক্ষণাই ১৯৬৭ৰ ছবি তকদীৰত লতা মংগেশকাৰৰ সৈতে জনপ্ৰিয় গীত ‘সাত সমুন্দৰ পাৰ সে’ত কণ্ঠদান কৰে। নেপথ্য কণ্ঠশিল্পীৰ ৰূপত সেয়া তেওঁৰ প্ৰথম কাম। তাৰপিছত তেওঁ হেমন্ত কুমাৰ, কিশোৰ কুমাৰ আদিৰ দৰে যশস্বী সংগীত শিল্পীৰ সৈতে গীত বাণীবদ্ধ কৰে। তেওঁ হিন্দী, বঙালী, মাৰাঠী, উৰিয়া আৰু গুজৰাটী ভাষাত গীত গাইছে। ১৯৮০ চনত এইচ.এম.ভি.য়ে তেওঁৰ গজলৰ এলবাম জজবাত মুক্তি দিয়ে।[2] তথ্য উৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia