বাণী জয়ৰাম
বাণী জয়ৰাম (ইংৰাজী: Vani Jairam; জন্ম কলাইবাণী, ৩০ নবেম্বৰ ১৯৪৫) এগৰাকী ভাৰতীয় প্ৰথিতযশা সংগীত শিল্পী। তেওঁক বিশেষকৈ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী হিচাপে জনা যায়। ১৯৭১ চনত আৰম্ভ হোৱা তেওঁৰ চাৰি দশক জোৰা কৰ্মজীৱনত এহাজাৰতকৈও অধিক চলচ্চিত্ৰত ২০,০০০ তকৈও অধিক গীতত কণ্ঠদান কৰিছে। তাৰোপৰি তেওঁ অগণন ভক্তিমূলক গীত আৰু ব্যক্তিগত এলবামৰ গীতো বাণীবদ্ধ কৰিছে। লগতে তেওঁ ভাৰত তথা বিদেশৰ বহুতো একক কনচাৰ্টত যোগদান কৰিছে।[2] কণ্ঠৰ পৰিধি আৰু কঠিন সুৰতো সহজ অভিযোজনযোগ্যতাৰ বাবে প্ৰখ্যাত বাণী ১৯৭০ৰ দশকৰ পৰা ১৯৯০ দশকৰ শেষলৈকে ভাৰতৰ অসংখ্য সংগীত পৰিচালকৰ পচন্দ আছিল। তেওঁ প্ৰায়ভাগ প্ৰধান প্ৰধান ভাৰতীয় ভাষাত, যেনে কন্নড়, তামিল, হিন্দী, তেলেগু, মালায়লম, মাৰাঠী, উৰিয়া, গুজৰাটী, বঙালী আদি ভাষাত গীত গাইছে।[3][3] বাণীয়ে তিনিবাৰ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু এবাৰ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা উপৰিও অসংখ্য বঁটা-বাহন লাভ কৰিছে।[4][5] প্ৰাৰম্ভিক জীৱনতামিলনাডুৰ ভেলোৰত শাস্ত্ৰীয় সংগীতৰ চৰ্চা কৰা এটা তামিল পৰিয়ালত বাণীৰ জন্ম হৈছিল। তেওঁ আছিল মাক-দেউতাকৰ ছয়জনী কন্যা আৰু তিনি পুত্ৰ সন্তানৰ পঞ্চম কন্যা। মাক পদ্মাৱতীয়ে তেওঁক ৰঙ্গ ৰামানুজ আয়েংগাৰৰ শ্ৰেণীত নাম লগাই দিয়ে। তাত তেওঁক মুত্তুস্বামী দীক্ষিতৰৰ ৰচনা কিছুমান শিকোৱা হয়। পিছলৈ তেওঁ কাদালুৰ শ্ৰীনিবাস আয়েংগাৰ, টি.আৰ. বালসুব্ৰমণিয়াম আৰু আৰ.এচ. মণিৰ তত্বাৱধানত কৰ্ণাটকী সংগীতৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। বাণী ৰেডিঅ’ চিল’নৰ সৈতে সংপৃক্ত হৈ আছিল আৰু তাত সম্প্ৰচাৰ হোৱা হিন্দী গীতবোৰৰ প্ৰতি আসক্ত আছিল। ৰেডিঅ’ত বাৰেবাৰে শুনা গীতবোৰ মনত ৰাখি তেওঁ নিজেও গাব পাৰিছিল।[6] ৮ বছৰ বয়সত তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ৰ মাদ্ৰাছ কেন্দ্ৰত প্ৰথম ৰাজহুৱা পৰিবেশন কৰে। তেওঁ মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ অধীনস্থ কুইন মেৰী কলেজৰ ছাত্ৰী আছিল।[7][8] পঢ়া শেষ হোৱাৰ পিছত তেওঁ মাদ্ৰাছত ভাৰতীয় ষ্টেট বেংকৰ চাকৰিত যোগদান কৰে। ১৯৬৭ চনত তেওঁ হায়দৰাবাদ শাখালৈ বদলি হয়।[9] ১৯৬৯ চনত জয়ৰামৰ সৈতে বিবাহ বান্ধোনত আৱদ্ধ হোৱাৰ পিছত সংসাৰ কৰিবলৈ মুম্বাইলৈ গুচি আহে। তেওঁৰ অনুৰোধ ক্ৰমে বেংক কৰ্তৃপক্ষই তেওঁক মুম্বাই শাখালৈ বদলি কৰে। গীত গোৱাৰ পাৰদৰ্শিতালৈ লক্ষ্য কৰি স্বামী জয়ৰামে তেওঁক হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লবলৈ উদ্বুদ্ধ কৰাত তেওঁ পাতিয়ালা ঘৰানাৰ ওস্তাদ আব্দুল ৰহমান খানৰ ওচৰত ভৰ্তি হয়। সংগীতৰ এই কঠোৰ প্ৰশিক্ষণৰ বাবে তেওঁ বেংকৰ চাকৰি এৰি দিবলৈ বাধ্য হ’ল আৰু সংগীতকে বৃত্তি হিচাপে গ্ৰহণ কৰে। তেওঁ ৰহমানৰ অধীনত থুমৰী, গজল আৰু ভজনৰ দৰে বিভিন্ন সংগীত শৈলীৰ ৰূপবোৰ শিকিছিল। ১৯৬৯ চনত তেওঁ প্ৰথম পাব্লিক কনচাৰ্ট কৰে।[10] একেই বছৰতে তেওঁ সংগীত পৰিচালক বসন্ত দেশাইৰ সৈতে চিনাকী হয়, যিয়ে কণ্ঠশিল্পী কুমাৰ গন্ধৰ্বৰ মাৰাঠী গীতৰ এলবাম এটা বাণীবদ্ধনৰ কাম কৰি আছিল। বাণীৰ কণ্ঠস্বৰ শুনাৰ পিছত দেশায়ে সেই এলবামটোৰ বাবে ‘ৰুণানুবন্ধচা’ শীৰ্ষক গীত এটা কুমাৰ গন্ধৰ্ব আৰু তেওঁৰ কণ্ঠত বাণীবদ্ধ কৰে। এলবামটো মুকলি হোৱাৰ পিছতে মাৰাঠী শ্ৰোতাসকলৰ মাজত জনপ্ৰিয় হোৱাৰ লগতে দ্বৈত সংগীতটোও প্ৰশংসিত হয়। ইয়াৰ পিছত তেওঁ প্ৰবীন কণ্ঠশিল্পী পণ্ডিত দীনকৰ কৈকিনীৰ সৈতে মীৰা ছবিত দ্বৈত সংগীতত কণ্ঠদান কৰে। ছবিখনৰ সংগীত পৰিচালক আছিল পণ্ডিত ৰবি শংকৰ।[6] বঁটাৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
ফিল্মফেয়াৰ বঁটা
তথ্য উৎস
বাহ্যিক লিংক
|
Portal di Ensiklopedia Dunia