ৰবি শংকৰ
ৰবি শংকৰ (ইংৰাজী: Ravi Shankar; ৭ এপ্ৰিল, ১৯২০ – ১১ ডিচেম্বৰ, ২০১২) এজন ভাৰতীয় বঙালী সঙ্গীতজ্ঞ যিজন চেতাৰবাদনত কিংবদন্তীতুল্য শ্ৰেষ্ঠত্বৰ বাবে বিশ্বব্যাপী সুপৰিচিত। ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ মাইহাৰ ঘৰানাৰ স্ৰষ্টা আচাৰ্য আলাউদ্দীন খান চাহেবৰ শিষ্য ৰবি শংকৰে ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ ঐতিহ্য আৰু ভাৰতীয় সঙ্গীতক পাশ্চাত্য বিশ্বৰ কাষত প্ৰথমে তুলি ধৰে। সাঙ্গীতিক কৰ্মজীৱনৰ পৰিব্যাপ্তি ছয় দশক জুৰা ৰবি শংকৰ দীৰ্ঘতম আন্তৰ্জাতিক কৰ্মজীৱনৰ বাবে গ্ৰিনিছ ৰেকৰ্ডৰ অধিকাৰী।[1] তেওঁক ১৯৯৯ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হয়। ল’ৰালিকালৰবীন্দ্ৰ শংকৰৰ (ঘৰুৱা নাম ৰবু) আদি পৈতৃক গৃহ বাংলাদেশৰ নৰাইল জিলাৰ কালিয়া উপজিলাত। তেওঁৰ জন্ম হয় ভাৰতৰ উত্তৰ প্ৰদেশৰ চহৰ বাৰাণসী চহৰত। ৰবি শংকৰ আছিল চাৰিজন ককাই ভাইৰ মাজত সকলোতকৈ সৰু।[2][3][4] Shankar's Bengali birth name was Robindro Shaunkor Chowdhury.[2] তেওঁৰ দেউতাক শ্যাম শংকৰ আছিল এজন প্ৰথিতযশা জ্ঞানী, ৰাজনীতিবিদ আৰু আইনজ্ঞ। কিন্তু তেওঁৰ প্ৰায় সম্পূৰ্ণ ল’ৰালি কালছোৱা দেউতাকৰ অনুপস্থিতিতে কাটি যায়। ফলত একৰকম দৰিদ্ৰতাৰ মাজেৰেই ৰবি শংকৰৰ মাক হেমাঙ্গিনীয়ে তেওঁক ডাঙৰ দীঘল কৰে। ডাঙৰ ককায়েক উদয় শংকৰ আছিল বিখ্যাত ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। সেই সময়ত তেওঁ আছিল পেৰিচত। ৰবি শংকৰে ১৯৩০ চনত মাকৰ লগত পেৰিচলৈ ডাঙৰ ককায়েকৰ ওচৰলৈ যায় আৰু তাতেই আঠ বছৰ স্কুলত শিক্ষা গ্ৰহণ কৰে।[5][6] বাৰ বছৰ বয়সৰ পৰাই ৰবি শংকৰে ডাঙৰ ককায়েকৰ নৃত্য দলৰ একক নৃত্যশিল্পী আৰু চেতাৰ বাদক আছিল। সেই বয়সৰ পৰাই তেওঁ অনুষ্ঠান কৰি ঘূৰি ফুৰিছিল ভাৰত আৰু ইউৰোপৰ বিভিন্ন চহৰত। সঙ্গীত জীৱন১৯৩৮ চনত, ওঠৰ বছৰ বয়সত ৰবি শংকৰে ডাঙৰ ককায়েক উদয় শংকৰৰ নাচৰ দল এৰি মাইহাৰত ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ অমৰ শিল্পী আচাৰ্য আলাউদ্দীন খান চাহেবৰ কাষত চেতাৰৰ দীক্ষা লোৱাৰ আৰম্ভ কৰে। দীক্ষা গ্ৰহণকালত তেওঁ আচাৰ্যৰ পুত্ৰ সৰোদৰ অমৰ শিল্পী ওস্তাদ আলী আকবৰ খানৰ সংস্পৰ্শলৈ আহে। তেওঁলোকে পৰৱৰ্তীকালত বিভিন্ন স্থানত চেতাৰ-সৰোদৰ যুগলবন্দী বজাইছে। গুৰুগৃহত ৰবি শংকৰে সুদীৰ্ঘ সাত বছৰ চেতাৰৰ সঙ্গীত শিক্ষা গ্ৰহণ কৰে। এই শিক্ষাকালৰ ম্যাদ আছিল ১৯৩৮ ৰ পৰা ১৯৪৪ চন পৰ্যন্ত। ১৯৩৯ চনত ভাৰতৰ আহমেদাবাদ চহৰত ৰবি শংকৰৰ প্ৰথম সৰ্বসাধাৰণৰ কাৰণে উন্মুক্ত একক চেতাৰ পৰিবেশন অনুষ্ঠান হয়। সেই আৰম্ভণিৰ পৰা আজিলৈকে পণ্ডিত ৰবি শংকৰে নিজকে তুলি ধৰিছে এজন বৈশ্বিক সঙ্গীতজ্ঞ, সঙ্গীত স্ৰষ্টা, পাৰফৰ্মাৰ আৰু ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ এজন মেধাবী দূত হিচাবে। ১৯৪৫ চনৰ মাজ ভাগত ৰবি শংকৰে চেতাৰ বাদক হিচাবে ভাৰতীয় ঐতিহ্যবাহী শাস্ত্ৰীয় সঙ্গীতৰ এজন শিল্পী হিচাবে স্বীকৃতি পায়। এই সময়ত ৰবি শংকৰে তেওঁৰ সাঙ্গীতিক সৃজনশীলতাৰে অন্যান্য শাখাতো ভৰি দিবলৈ আৰম্ভ কৰে। তেওঁ সুৰ সৃষ্টি, বেলেৰ বাবে সঙ্গীত ৰচনা আৰু চলচ্চিত্ৰৰ সঙ্গীত পৰিচালনাও কৰে। এই সময়ৰ বিখ্যাত 'ধৰতী কি লাল' আৰু 'নীচা নগৰ' চলচ্চিত্ৰ দুখনৰ সঙ্গীত ৰচনা আৰু সুৰাৰোপ কৰে। তেওঁ কবি ইকবালৰ 'চাৰে জাঁহাচে আচ্ছা' কবিতাটোক অমৰ সুৰেৰে সুৰাৰোপিত কৰি ভাৰতীয় জাতীয় সঙ্গীতৰ পাছত আটাইতকৈ জনপ্ৰিয় গান হিচাবে প্ৰতিষ্ঠিত কৰিলে। ১৯৪৯ চনত ৰবি শংকৰে দিল্লীত অল ইণ্ডিয়া ৰেডিঅ’ৰ সঙ্গীত পৰিচালক হিচাবে যোগ দিয়ে। একেই সময়তে তেওঁ প্ৰতিষ্ঠা কৰে 'বৈদ্য বৃন্দ চেম্বাৰ অৰ্কেষ্ট্ৰা'। ১৯৫০ ৰ পৰা ১৯৫৫ চন পৰ্যন্ত ৰবি শংকৰ অত্যন্ত নিবিড়ভাবে সঙ্গীত সৃষ্টিত ব্যস্ত আছিল। এই সময়ত তেওঁৰ উল্লেখযোগ্য সৃষ্টি হ’ল সত্যজিৎ ৰায়ৰ অপু ত্ৰয়ী (পথেৰ পাঁচালী, অপৰাজিত আৰু অপুৰ সংসাৰ) চলচ্চিত্ৰৰ সঙ্গীত পৰিচালনা। পৰৱৰ্তীকালত তেওঁ 'চাপাকোয়া' (১৯৬৬), 'চাৰ্লি' (১৯৬৮) আৰু 'গান্ধী' (১৯৮২) সহ আৰু চলচ্চিত্ৰৰ সঙ্গীত পৰিচালনা কৰে। ১৯৬২ চনত পণ্ডিত ৰবি শংকৰে কিন্নৰ স্কুল অব মিউজিক, বম্বে আৰু ১৯৬৭ চনত কিন্নৰ স্কুল অব মিউজিক, লচ্ এঞ্জেলচ স্থাপন কৰে। আন্তৰ্জাতিক সঙ্গীতৰ মজিয়াত পণ্ডিত ৰবি শংকৰ“ৰবি শংকৰে মোৰ বাবে সঙ্গীতৰ এক অনন্য অমূল্য উপহাৰ লৈ আহিছিল। তেওঁৰ জৰিয়তে মই মোৰ সঙ্গীত অভিজ্ঞতাত নতুন মাত্ৰা যুক্ত কৰিব পাৰিছো। মোৰ পক্ষে তেওঁৰ সঙ্গীত প্ৰজ্ঞা আৰু মানবিকতাক একমাত্ৰ মোৎজাৰ্টৰ লগতহে তুলনীয় যেন ভাৱ হয়।” — ইহুদি মেনুহিন
ৰবি শংকৰৰ সঙ্গীত ব্যক্তিত্বৰ দুটা ভিন্ন দিশ হৈছে: উচ্চাঙ্গ চেতাৰ শিল্পী হিচাবে তেওঁ সকলো সময়তেই ঐতিহ্যমুখী অৰু শুদ্ধতাবাদী; কিন্তু সঙ্গীত ৰচয়িতা হিচাবে তেওঁ সকলো সময়তে নিজৰ সীমা পাৰ হৈ যাবলৈ চায়। ১৯৬৬ চনত দ্য বিটল্চৰ জৰ্জ হেৰিছনৰ লগত যোগাযোগ কৰাৰ আগৰ পৰাই তেওঁ সঙ্গীতৰ বিভিন্ন ধাৰা আৰু তাৰ প্ৰভাৱক লৈ কাম কৰিছিল। এই সময়ত তেওঁ জ্যাজ সঙ্গীত, পাশ্চাত্য শাস্ত্ৰীয় সঙ্গীত আৰু লোকসঙ্গীত ক লৈয়ো কাম কৰিছিল। ১৯৫৪ চনত ছ'ভিয়েট সংঘত অনুষ্ঠানৰ মাধ্যমেৰে ৰবি শংকৰে ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ বাহক হিচাবে তেওঁৰ চেতাৰবাদনক আন্তৰ্জাতিক পৰিমণ্ডলত প্ৰথম তুলি ধৰে। ইয়াৰ পাছত ১৯৫৬ চনত তেওঁ ইউৰোপ আৰু আমেৰিকাত সঙ্গীত পৰিবেশন কৰে। এই সময়ত তেওঁ এডিনবাৰ্গ ফেষ্টিভেলত আৰু বিখ্যাত সঙ্গীত মঞ্চ ৰয়াল ফেষ্টিভেল হলতো বজাইছে। “ৰবি শংকৰ হৈছে বিশ্ব সঙ্গীতৰ দেৱপিতা।” — জৰ্জ হেৰিছন
১৯৬৫ চনত বীটলচৰ জৰ্জ হেৰিছনে চেতাৰৰ সুৰক লৈ গৱেষণা আৰম্ভ কৰাত ৰবি শংকৰৰ লগত তেওঁৰ যোগাযোগ হয় আৰু পৰৱৰ্তীকালত সেইয়া বন্ধুত্বত পৰিণত হয়। এই বন্ধুত্বই ৰবি শংকৰক দ্ৰুততাৰে আন্তৰ্জাতিক সঙ্গীত পৰিমণ্ডলত নিজৰ অৱস্থান সৃষ্টি কৰাত সাহায্য কৰে। ৰবি শংকৰে পপ সঙ্গীতৰ গুৰু জৰ্জ হেৰিছনৰ "মেণ্টৰ" হিচাবে পাশ্চাত্য সঙ্গীত জগতত গৃহীত হয়। ইয়াৰ ফলত ৰবি শংকৰক এনেকুৱা সকলো সঙ্গীত উৎসৱতে সঙ্গীত পৰিবেশনৰ বাবে আমন্ত্ৰণ জনোৱা হ’ল য’ত শাস্ত্ৰীয় সঙ্গীত পৰিবেশনৰ উপযোগী পৰিবেশেই নাই। এইবোৰৰ মাজত উল্লেখযোগ্য হ’ল "মণ্টেৰী পপ ফেষ্টিভেল", মণ্টেৰী, ক্যালিফোৰ্নিয়া; এই অনুষ্ঠানত ওস্তাদ আল্লাৰাখাই তবলা সঙ্গত কৰিছিলে। ১৯৬৭ চনত তেওঁৰ আমেৰিকাৰ অনুষ্ঠানসমূহে তেওঁক এক অভাবনীয় সফলতা আনি দিছিল। অনুষ্ঠানৰ পাছত তেওঁক বিভিন্ন কলেজ বিশ্ববিদ্যালয়ত বক্তৃতা দিবলৈ আমন্ত্ৰণ জনাইছিল। ইয়াৰ উপৰি ১৯৬৯ চনত তেওঁ উডষ্টক ফেষ্টিভেলত সঙ্গীত পৰিবেশন কৰিছিল। ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা সংগ্ৰামৰ স্বপক্ষ প্ৰচাৰ আৰু মানবিক সহায়তাৰ বাবে জৰ্জ হেৰিছনৰ উদ্যোগত নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত আয়োজিত 'কনচাৰ্ট ফৰ বাংলাদেশ' অনুষ্ঠানত চেতাৰ বজাইছিল। পণ্ডিত ৰবি শংকৰেই মূলতঃ এই অনুষ্ঠানৰ বাবে জৰ্জ হেৰিছনক উদ্বুদ্ধ কৰিছিল। বাংলাদেশৰ স্বাধীনতা সংগ্ৰামৰ ক্ষেত্ৰত আন্তৰ্জাতিক পৰিমণ্ডলত 'কনচাৰ্ট ফৰ বাংলাদেশ' এটা অবিস্মৰণীয় ঘটনা। জৰ্জ হেৰিছনৰ লগত ১৯৭৪ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰ অনুষ্ঠানসমূহত পণ্ডিত ৰবি শংকৰ আৰু তেওঁৰ সঙ্গীসকলে উদ্বোধনী অংকত সঙ্গীত পৰিবেশন কৰিছিল। “ৰবি শংকৰৰ কাষত মোৰ অনেক ধাৰ; তেওঁ আছিল মোৰ শিক্ষকসকলৰ এজন।” — ফিলিপ গ্ৰাচ
পণ্ডিত ৰবি শংকৰৰ অমৰ কীৰ্তি হৈছে পাশ্চাত্য আৰু পূবৰ সঙ্গীতৰ মিলন। পাশ্চাত্য সঙ্গীতৰ বিখ্যাত বেহালাবাদক ইহুদী মেনুহিনৰ লগত চেতাৰ-বেহালাৰ কম্প’জিছন তেওঁৰ এক অমৰ সৃষ্টি যিয়ে তেওঁক আন্তৰ্জাতিক সঙ্গীতৰ এক উচ্চ আসনত বহুৱাইছে। তেওঁ আৰু এটি বিখ্যাত সঙ্গীত কম্প’জিছন কৰিছে বিখ্যাত বাঁহীবাদক জ্যঁ পিয়েৰে ৰামপাল, জাপানী বাঁহীৰ চাকুহাচি গুৰু হোচান ইয়ামামাটো আৰু কোটো (ঐতিহ্যবাহী জাপানী তাৰযন্ত্ৰ) গুৰু মুচুমি মিয়াছিতাৰ বাবে। ১৯৯০ চনত বিখ্যাত সঙ্গীতজ্ঞ ফিলিপ গ্ৰাচৰ লগত যৌথ প্ৰযোজনা 'প্যাচেজেচ' তেওঁৰ এক উল্লেখযোগ্য সৃষ্টি। ২০০৪ চনত পণ্ডিত ৰবি শংকৰে ফিলিপ গ্ৰাচৰ 'ওৰিয়ন' প্ৰযোজনাৰ চেতাৰ অংশৰ সঙ্গীত ৰচনা কৰে। পুৰস্কাৰ আৰু সম্মান
পণ্ডিত ৰবি শংকৰ আমেৰিকান একাডেমী অব আৰ্টচ্ এণ্ড লেটাৰচ্ -ৰ অনাৰেৰী মেম্বাৰ আৰু ইউনাইটেড নেছনচ্ ইণ্টাৰনেছনেল ৰোষ্ট্ৰাম অফ কম্প’জাৰচ-ৰ সদস্য। পাৰিবাৰিক জীৱনএকৈছ বছৰ বসয়ত ৰবি শংকৰে তেওঁৰ গুৰু (যাক তেওঁ দেউতা বুলি মাতিছিল) আচাৰ্য আলাউদ্দীন খান চাহেবৰ ছোৱালী অন্নপূৰ্ণা দেবীকে বিয়া কৰায়। এই বিয়াৰ ফলত তেওঁলোকৰ এটি পুত্ৰ সন্তান শুভেন্দ্ৰ শংকৰৰ জন্ম হয়। কিন্তু এই বিয়া বিচ্ছেদত শেষ হয়। পৰৱৰ্তীকালত আমেৰিকান কনচাৰ্ট উদ্যোক্তা চ্যূ জোন্সৰ সংস্পৰ্শলৈ আহে। এই সম্পৰ্কই এটি কন্যা সন্তানৰ জন্ম দিয়ে। ন’ৰা জ’নছ ৰবি শংকৰৰ এই ছোৱালীজনী এজনী প্ৰথিতযশা জ্যাজ, পপ, আধ্যাত্মিক আৰু পাশ্চাত্য লোক সঙ্গীতৰ শিল্পী আৰু সুৰকাৰ। নোৰা জোন্সে ২০০৩ আৰু ২০০৫ চনত দহটা গ্ৰেমী এৱাৰ্ড পায়। পৰৱৰ্তীকালত ৰবি শংকৰে তেওঁৰ গুণগ্ৰাহী আৰু অনুৰক্তা সুকন্যা কৈতানক বিয়া কৰায়[8]। এই বিয়াত তেওঁৰ দ্বিতীয় কন্যা অনুষ্কা শংকৰৰ জন্ম হয়। দেউতাকৰ পৰাই শিক্ষা লৈ অনুষ্কা এতিয়া নিজেও চেতাৰ বাদক হিচাবে প্ৰতিষ্ঠিত।[9] চলচ্চিত্ৰ আৰু প্ৰামান্যচিত্ৰ
ৰবি শংকৰৰ প্ৰকাশনা
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia