বল্লভভাই পেটেল
চৰ্দাৰ বল্লভভাই পেটেল (ইংৰাজী: Sardar Vallabhbhai Patel, হিন্দুস্তানী উচ্চাৰণ: [ʋəlləbˈbʱaːi pəˈʈeːl] ( শুনক)) (১৮৭৫-১৯৫০) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন সক্ৰিয় যুঁজাৰু, ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন নেতা আৰু ভাৰতীয় গণতন্ত্ৰৰ এজন অন্যতম প্ৰতিষ্ঠাপক আছিল। তেওঁ জৱাহৰলাল নেহৰু মন্ত্ৰীসভাৰ গৃহমন্ত্ৰী আছিল। তেওঁ ১৯২৪ চনৰ আহমেদাবাদ নগৰ কমিটীৰ নিৰ্বাচনত কংগ্ৰেছৰ হৈ নেতৃত্ব দিছিল। কৰাচীত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিবেশনত সভাপতিত্ব কৰিছিল। তেখেতক ভাৰত-ৰত্ন বঁটা প্ৰদান কৰা হৈছিল।[1] তেওঁক চৰ্দাৰ উপাধিৰে জনা যায়, যাৰ অৰ্থ হিন্দী আৰু উৰ্দু ভাষাত দলপতি। তাৰোপৰি তেওঁক ভাৰতৰ লৌহ পুৰুষ (Iron Man of India) বুলি জনা যায়| গুজৰাট ৰাজ্যৰ নৰ্মদা জিলাত অৱস্থিত ১৮২ মিটাৰ উচ্চতাৰ পৃথিৱীৰ আটাইতকৈ উচ্চ মূৰ্তি একতাৰ মূৰ্তি বা ষ্টেচু অফ ইউনিটি তেওঁৰ নামত উছৰ্গিত এক স্মৃতিসৌধ।[2] জন্ম আৰু পৰিয়ালচৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম হয় ১৮৭৫ চনৰ ৩১ অক্টোৱৰ তাৰিখে গুজৰাটৰ খেদা জিলাৰ বোৰচাদ তালুকাৰ মৌজাৰ কৰমচাঁদ নামৰ গাঁৱত। তেওঁৰ পিতাকৰ নাম আছিল ঝাভেৰ ভাই পেটেল আৰু মাকৰ নাম আছিল লাড়বাঈ। হাইস্কুলত পঢ়ি থকা কালতে মাত্ৰ ১৮ বছৰ বয়সতে তেওঁক মাক-পিতাকে বিবাহ কৰাই দিছিল। তেওঁৰ পত্নীৰ নাম আছিল ঝবেৰ বাই। বিয়াৰ সময়ত ঝবেৰ বাইৰ বয়স আছিল দহবছৰ।[1] শিক্ষা জীৱনচৰ্দাৰ বল্লভভাই পেটেলক সৰুতেই গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত তেওঁৰ মাক-দেউতাকে নাম ভৰ্তি কৰি দিছিল। প্ৰাইমাৰী বিদ্যালয়ৰ তৃতীয় শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁক পেঠলাদ থকা এখন কনিষ্ঠ বিদ্যালয়ত তেওঁৰ মাক- দেউতাকে নাম ভৰ্তি কৰি দিছিল। ইয়াতে তেওঁ ষষ্ঠ মান শ্ৰেণীলৈকে পঢ়াৰ পিছত, উচ্চ শিক্ষা লাভৰ উদ্দেশ্যে নাদিয়াদলৈ যায়। নাদিয়াদৰ হাইস্কুলৰ পৰা তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত পেটেলে কলেজত পঢ়াৰ ধাউতি কৰিছিল। কিন্তু ঘৰুৱা অৱস্থা টনকিয়াল নোহোৱা বাবে তেওঁ সিমানতে পঢ়া জীৱনৰ সামৰণি মাৰিবলগীয়া হয়। কিছুদিন তেওঁ মুক্তিয়াৰী কৰাৰ পিছত আৰ্থিক অৱস্থা সচ্ছল হোৱাত, তেওঁ ইংলেণ্ডলৈ গৈ বেৰিষ্টাৰী পঢ়াৰ ইচ্চা কৰিলে।[3] সেয়ে তেওঁ ইংলেণ্ডৰ মিডল টেম্পল কলেজত বেৰিষ্টাৰী পঢ়িবলৈ লয়। এই কলেজত তেওঁ ৰোমান আইনৰ বিষয়ত পৰীক্ষা দি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। এই পৰীক্ষাৰ শেষ পৰীক্ষাটো দিয়ে তেওঁ ১৯১২ চনৰ জুনত আৰু ফলাফলত তেওঁ প্ৰথম স্থান দখল কৰি উত্তীৰ্ণ হয় আৰু এই কৃতিত্বৰ বাবে তেওঁ ৫০ পাউণ্ডৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। বেৰিষ্টাৰী পাছ কৰাৰ পিছত, তেওঁ ভাৰতলৈ উভতি আহে।[1] কৰ্মজীৱনচৰ্দাৰ বল্লভভাই পেটেলে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত সেই সময়ত মুক্তিয়াৰ নামেৰে আদালতৰ এবিধ উকীলৰ বাবে হোৱা এটা নিদিষ্ট পৰীক্ষা দি- সেই পৰীক্ষাত উত্তীৰ্ন হৈ গোধাৰৰ আদালতত মুক্তিয়াৰ কৰিবলৈ লয়। পিছলৈ তেওঁ আদালতত এজন ভাল উকীলৰূপে পৰিচিত হয়। ফৌজদাৰী মোকৰ্দমা চলোৱাত তেওঁ বিশেষ সুখ্যাতি অৰ্জন কৰিছিল। ১৯১২ চনত ইংলেণ্ডৰ মিডল টেম্পল কলেজত বেৰিষ্টাৰী সমাপ্ত কৰি তেওঁ ভাৰতলৈ আহি আহমদাবাদত ওকালতি কৰিবলৈ লয় এই সময়চোৱাতে তেওঁৰ পত্নীৰ বিয়োগ ঘটে।[4] তথাপিও তেওঁ ওকালতিৰ মাজেৰে দৰিদ্ৰজনৰ মাজত সোমাই পৰে আৰু তেওঁলোকৰ সেৱাত মনোনিবেশ কৰে।[1] সংগ্ৰামী জীৱন১৯১৭ চনত মহাত্মা গান্ধীয়ে চাম্পাৰণত মেজিষ্ট্ৰেটৰ হুকুম অমান্য কৰি তেওঁৰ কাম সমাধা কৰিবলৈ ওলোৱাৰ কথা শুনাৰে পৰা ছৰ্দাৰ বল্লভভাই মহাত্মা গান্ধীৰ প্ৰতি আকৰ্ষিত হয় আৰু তেতিয়াৰে পৰাই তেওঁ সংগ্ৰামত সোমাই পৰি গুজৰাটৰ সভাত যোগদান দিয়ে। গুজৰাট সভাই বেগাৰি প্ৰথাৰ বিৰুদ্ধে এই আন্দোলনৰ কাৰ্যসূচী হাতত লয়। এই আন্দোলনৰ ফলত বেগাৰি খটা মানুহৰ দুখ-দুৰ্গতি বহুখিনি কমাবলৈ সক্ষম হয়। সেইসময়তে আহমদাবাদত প্লেগ মহামাৰিয়ে দেখা দিয়াত চৰ্দাৰ বল্লভভাই পেটেলে এই ৰোগী সকলৰ ওচৰলৈ গৈ তেওঁলোকৰ সেৱাত ব্ৰতী হৈছিল।[5] পেটেলে দৰিদ্ৰ জনসাধাৰণৰ প্ৰতি আগবঢ়োৱা এনে সেৱাৰ মনোভাৱৰ বাবে মহাত্মা গান্ধীয়ে তেওঁৰ ভূয়সী প্ৰশংসা কৰে। ১৯১৭ চনত ছৰ্দাৰ বল্লভভাই পেটেল আহমদাবাদ মিউনিচিপালিটীৰ সদস্য হৈ মিউনিচিপালিটীৰ স্বায়ত্ত্ব শাসনৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ যুঁজ দিয়াৰ উপৰিও চহৰখন নিকা কৰিবলৈ আৰু নাগৰিক সকলৰ কৰ্তব্যনিষ্ঠাৰ প্ৰতি সজাগ হ'বলৈ আহ্বান জনাইছিল। ১৯১৮ চনত পশ্চিমীয়া সাজ-পোচাক দলিয়াই পেলাইছিল আৰু তাৰ পৰিবৰ্তে তেওঁ ধূতি-কুৰ্তা পৰিধান কৰিছিল। ১৯১৯ চনত ব্ৰিটিছ চৰকাৰে ভাৰতবাসীক দমন কৰিবলৈ ৰাওলাট এক্ট জাপি দিয়ে। ব্ৰিটিছৰ এই কুখ্যাত আইনৰ বিৰুদ্ধে দেশত প্ৰতিবাদ দিৱস পালন কৰা হয়। মহাত্মা গান্ধীয়ে ইংৰাজৰ গৱৰ্ণৰ লৰ্ড মণ্টেণ্ড চেমচ্ ফোৰ্ডক ৰাওলাট আইনত সন্মতি প্ৰদান নকৰিবলৈ অনুৰোধ জনায়। ইংৰাজ বাহিনীয়ে শান্তিপূৰ্ণ আন্দোলনকাৰীসকলৰ ওপৰত অমানৱীয় দমননীতি চলায়। তাৰ লগে লগেই কুখ্যাত ৰাওলাট আইনৰ প্ৰতিবাদৰ জোৱাৰ উঠে পঞ্জাব প্ৰদেশত। পঞ্জাবৰ এই আন্দোলন দমন কৰিবলৈ চৰকাৰে সামৰিক আইন জাৰি কৰে। ১৯১৯ চনৰ ১৩ এপ্ৰিলত ৰাওলাট আইনৰ প্ৰতিবাদত পঞ্জাবৰ জালিয়ানৱালাবাগ নামৰ ঠাইত শান্তিপূৰ্ণ জনসমাবেশৰ আয়োজন কৰিছিল আৰু ব্ৰিটিছ সেনাপতি ডায়াৰে স-সৈন্যে আন্দোলনকাৰী সকলক আগুৰি ধৰি অপ্ৰৰোচিতভাবে গুলি চলাবলৈ আৰম্ভ কৰে। এই গুলি চালনাত ১২০০ জন নিহত হয় আৰু ৩৬০০ জন আহত হয়। ১৯১৯ চনত ৰাওলাট আইনৰ বিৰুদ্ধে আহমদাবাদত বাহিৰ কৰা সমদলৰ নেতৃত্ব দিছিল ছৰ্দাৰ বল্লভভাই পেটেলে। ১৯২০ চনত কলকাতত জাতীয় কংগ্ৰেছৰ এখন অধিবেশন অনুষ্ঠিত কৰা হয় আৰু এই অধিবেশনতে অসহযোগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। মহাত্মা গান্ধীৰ নেতৃত্বত চলা এই আন্দোলনত স্বদেশী বস্তু গ্ৰহণ, বিদেশী বস্তু ত্যাগৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। গান্ধীয়ে চৰকাৰে প্ৰদান কৰা কেশৰী হিন্দ উপাধি ত্যাগ কৰে। লগে লগে মতিলাল নেহৰু, চিত্তৰঞ্জন দাস, বল্লভভাই পেটেল, ৰাজেন্দ্ৰ প্ৰসাদ আদি আইনজীৱীসকলে ওকালতি ত্যাগ কৰে। ১৯২১ চনত আহমদাবাদত জাতীয় কংগ্ৰেছৰ অধিবেশন বহে আৰু এই অধিবেশনত সভাপতিত্ব কৰিছিল ছৰ্দাৰ বল্লভভাই পেটেলে। ১৯২২ চনত কংগ্ৰেছত কংগ্ৰেছৰ সভাপতি হাকিম আজমল খান থাকোঁতেই তেওঁ জব্বলপুৰলৈ গৈছিল। তাৰ মিউনিচিপালিটীয়ে তেওঁক মান-পত্ৰৰে সম্বৰ্দ্ধনা জনোৱাৰ উপৰিও মিউনিচিপালিটীৰ কাৰ্যালয়ত জাতীয় পতাকা উত্তোলন কৰে। তেতিয়াৰে পৰা সমদল আদিত জাতীয় পতাকা লোৱা নিষিদ্ধ কৰিছিল ব্ৰিটিছ চৰকাৰে। এই লৈ প্ৰতিবাদ কৰাত শেঠ যমুনালাল বাজাজ প্ৰমুখ্যে এচাম নেতাক চৰকাৰে আৰু তাৰ পিছতে পতাকা আন্দোলনৰ দায়িত্বভাৰ পৰে ছৰ্দাৰ বল্লভভাই পেটেলৰ ওপৰত। ১৯২৪ চনত আহমদাবাদ নগৰ কমিটীৰ নিৰ্বাচনত ছৰ্দাৰ বল্লভভাই পেটেলে সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। দলপতি হিচাপে তেওঁ নগৰ কমিটীৰ অধ্যক্ষ নিৰ্বাচিত হয়। ১৯২৭ চনত পুনৰ আহমদাবাদ নগৰ কমিটীৰ নিৰ্বাচনত জয়ী হৈ পুনৰ তেওঁ অধ্যক্ষ নিৰ্বাচিত হয়। ইয়াৰ পিছত ব্ৰিটিছ চৰকাৰে ভাৰতবাসী শোষণৰ উদ্দেশ্যে লোণ আইন প্ৰৱৰ্তন কৰি লোণৰ ওপৰত অত্যধিক কৰ বহুৱাইছিল। ১৯৩০ চনত মহাত্মা গান্ধীয়ে ব্ৰিটিছ চৰকাৰক এই লোণ আইন উঠাই লবলৈ দাবী জনায়, কিন্তু চৰকাৰে এই দাবীৰ প্ৰতি সঁহাৰি নজনোৱাত মহাত্মা গান্ধীয়ে নিজৰ আশ্ৰমৰ পৰা ২০০ মাইল দুৰত্বত থকা সাগৰৰ পাৰৰ দাণ্ডি নামৰ গাঁৱলৈ যাত্ৰা আৰম্ভ কৰি, তাত নিজ হাতে লোণ তৈয়াৰ কৰি, লোণ আইন ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই মৰ্ম ১৯৩০ চনৰ ১২ মাৰ্চত মহাত্মাই ৭৯ জন সতীৰ্থৰে দাণ্ডিযাত্ৰা আৰম্ভ কৰে। খোজকাঢ়ি ২০ দিনৰ মূৰত দাণ্ডিত উপস্থিত হৈ সাগৰৰ পৰা এডোখৰ লোণ তুলি, লোণ আইন ভংগ কৰে। গান্ধীৰ এই যাত্ৰাত ছৰ্দাৰ বল্লভভাই পেটেল আছিল অন্যতম। এই আন্দোলনৰ বাবে মহাত্মাক ৫ মেত গ্ৰেপ্তাৰ কৰে আৰু ছৰ্দাৰ বল্লভভাই পেটেলক তিনিমাহ কাৰাবৰণ আৰু অতিৰিক্ত ৫০০ টকা জৰিমনা কৰে। এই জৰিমনা দিবলৈ অস্বীকাৰ কৰাত তেওঁক অতিৰিক্তভাবে তিনি সপ্তাহ বেছিকৈ কাৰাবাস দিয়ে। ১৯৩১ চনত কৰাচীত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিবেশনত ছৰ্দাৰ বল্লভভাই পেটেলে সভাপতিত্ব কৰে। দ্বিতীয় ঘূৰণীয়া মেজমেল অসফল হোৱাৰ পিছত ভাইচৰয় লৰ্ড ৱেলিংটনে ভাৰতবৰ্ষত কঠোৰ দমনমূলক নীতি আৰম্ভ কৰে। ব্ৰিটিছ চৰকাৰে কংগ্ৰেছত অবৈধ ঘোষণা কৰে আৰু লগে লগে নেতা সকলে আত্মগোপন কৰিবলৈ বাধ্য হয়। চৰকাৰে সেই সময়ত মহাত্মা গান্ধী আৰু ছৰ্দাৰ বল্লভভাই পেটেলক কাৰাৰুদ্ধ কৰে। ১৯৩৬-৩৭ চনত কংগ্ৰেছ পাৰ্লিয়ামেণ্টৰী শাখা কমিটীৰ চেয়াৰমেন নিযুক্ত হয় চৰ্দাৰ বল্লভভাই পেটেল। ১৯৪২ চনৰ ৮ আগষ্টত বোম্বাইত বহা জাতীয় কংগ্ৰেছৰ অধিবেশনে ভাৰত-ত্যাগৰ প্ৰস্তাৱ গৃহীত কৰে। ৯ আগষ্টৰ দিনা মহাত্মা গান্ধী, সৰোজিনী নাইডু, ছৰ্দাৰ বল্লভভাই পেটেল আদি নেতা সকলক গ্ৰেপ্তাৰ কৰা হয়।[6] ১৯৪৬ চনত অন্তৰ্ৱতী চৰকাৰ গঠন কৰিবলৈ ভাইচৰয়ে নেহৰুক আমন্ত্ৰণ জনায় আৰু ১২ ছেপ্টেম্বৰত নেহৰুৱে অন্তৰ্ৱতী চৰকাৰ গঠন কৰে। ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰত স্বাধীন হোৱাৰ পিছত জৱাহৰলাল নেহৰুৰ প্ৰধানমন্ত্ৰিত্বত চৰ্দাৰ বল্লভভাই পেটেলে গৃহমন্ত্ৰীৰ দায়িত্ব পালন কৰে।[1] বঁটা আৰু সন্মান
মৃত্যু১৯৫০ চনৰ ১৫ ডিচেম্বৰত বোম্বাইত চৰ্দাৰ বল্লভভাই পেটেলৰ পৰলোকপ্ৰাপ্তি ঘটে। তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|