খগেন্দ্ৰনাথ নাথ

খগেন্দ্ৰনাথ নাথ
জন্ম ২০ শতিকা
মৃত্যু ২০ শতিকা
জনা যায় ভাৰতীয় স্বাধীনতা সংগ্ৰামী

খগেন্দ্ৰনাথ নাথ (২০ শতিকা)ৰ গোৱালপাৰা অঞ্চলৰ মানুহ। ভাৰতীয় মুক্তি আন্দোলনৰ তেওঁ অন্যতম যুঁজাৰু আছিল। তেওঁ ১৯২১ চনত বিদ্যালয় এৰি ভাৰতৰ স্বাধীনতাৰ বাবে অসহযোগ আন্দোলনত যোগ দিছিল। ইয়াৰ বাবে তেওঁ গ্ৰেপ্তাৰ হ'ব লগা হৈছিল। ইয়াৰ পিছত ১৯২৬ চনৰ পাণ্ডু কংগ্ৰেছত স্বেচ্ছাসেৱক হিচাপে অংশগ্ৰহণ কৰিছিল আৰু ১৯২৮ চনত কলিকতা কংগ্ৰেছত গোৱালপাৰাক প্ৰতিনিধিত্ব কৰিছিল। ১৯৩০ চনত তেৰ মাহৰ বাবে খগেন্দ্ৰনাথ নাথক কাৰাবাসলৈ প্ৰেৰণ কৰা হৈছিল। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনতো তেওঁ এবছৰ কাৰাদণ্ড ভুগিব লগা হৈছিল। খগেন্দ্ৰনাথ নাথ ১৯৪৫ চনৰপৰা ১৯৫২ চনলৈ গোৱালপাৰা জিলা কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1]

তথ্য সংগ্ৰহ

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৪

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia