স্বৰ্ণলতা বৰুৱা |
---|
জন্ম |
১৮৭১[1] |
---|
মৃত্যু |
১৯৩২ |
---|
ৰাষ্ট্ৰীয়তা |
ভাৰতীয় |
---|
জনা যায় |
জোনাকী যুগৰ প্ৰধান লেখিকা |
---|
উল্লেখযোগ্য কৰ্ম |
'কৰেমতি বাই', 'যতোধৰ্মস্ততোজয়', 'আৰ্হি তিৰোতা', 'প্ৰকৃত লাজ কি?' |
---|
ধৰ্ম |
হিন্দু ধৰ্ম |
---|
দাম্পত্যসঙ্গী |
ডাঃ নন্দকুমাৰ ৰায় (প্ৰথম স্বামী) ক্ষিৰোদ চন্দ্ৰ ৰায়চৌধুৰী (দ্বিতীয় স্বামী) |
---|
পিতৃ-মাতৃ |
গুণাভিৰাম বৰুৱা (পিতৃ) বিষ্ণুপ্ৰিয়া দেৱী (মাতৃ) |
স্বৰ্ণলতা দেৱী[2] বা স্বৰ্ণলতা বৰুৱা(ইংৰাজী: Swarnalata Barua; ১৮৭১ – ১৯৩২)[1] জোনাকী যুগৰ এগৰাকী প্ৰধান লেখিকা আছিল। তেওঁৰ পিতৃৰ নাম আছিল গুণাভিৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল বিষ্ণুপ্ৰিয়া দেৱী। তেওঁ পিতৃ-মাতৃৰ একমাত্ৰ কন্যা আছিল। যি সময়ত অসমৰ এশ শতাংশ মহিলাই নিৰক্ষৰ আছিল, সেই সময়তে কলিকতাৰ দৰে চহৰত শিক্ষা গ্ৰহণ কৰিবলৈ গৈ প্ৰগতিশীল মনৰ পৰিচয় দিছিল।[3] মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেখেতে ভাৰতৰ স্বাধীনতাৰ বাবে অসহযোগ আন্দোলন, সত্যাগ্ৰহ আন্দোলন, ভাৰত ত্যাগ আন্দোলন আদিত যোগদান কৰিছিল।[4] বিদ্ৰোহৰ অভিযোগত তেখেতেক কাৰাগাৰালৈ প্ৰেৰণ কৰা হৈছিল।[5] ১৪ বছৰ বয়সত তেওঁ আদৰ্শ তিৰোতাৰ বিৱৰণ দি তেওঁৰ জীৱনৰ প্ৰথম আৰু একমাত্ৰ গ্ৰন্থ আৰ্হি তিৰোতা ৰচনা কৰিছিল। অসমীয়া মহিলা লেখকে লিখা এইখনেই প্ৰথম জীৱনীগ্ৰন্থ। অসমৰপৰা কলিকতালৈ গৈ শিক্ষা লাভ কৰা প্ৰথম দুগৰাকী ছোৱালী আছিল স্বৰ্ণলতা আৰু সৰলা। সৰলা দেৱী লোকনায়ক অমিয় কুমাৰ দাসৰ মাতৃ।[6]
সাহিত্য-চৰ্চা
লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত জোনাকীত প্ৰকাশ পোৱা তেওঁৰ এটি উল্লেখযোগ্য ৰচনা হ’ল 'যতোধৰ্মস্ততোজয়'। ধৰ্মক জীৱনৰ পথ প্ৰদৰ্শক হিচাবে এই ৰচনাত কোৱা হৈছে। আখ্যানমূলক ৰচনা 'কৰেমতি বাই' তেওঁৰ আন এক উল্লেখযোগ্য সাহিত্য কৃতি। ১৮৮৫ চনৰ ফাগুন মাহৰ আসাম বন্ধুত এই ৰচনাখন প্ৰকাশ পাইছিল।[6] 'আৰ্হি তিৰোতা' স্বৰ্ণলতা বৰুৱাৰ একমাত্ৰ গ্ৰন্থ, য’ত সেই যুগৰ মানসিকতাৰে এগৰাকী আৰ্হি তিৰোতা হ’বলৈ কি কি গুণৰ প্ৰয়োজন তাক সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে। প্ৰায় একে ধৰণৰ বিষয়বস্তুৰে ১৮৮৬ চনত 'আসাম বন্ধু' কাকতত প্ৰকাশ পোৱা তেখেতৰ আন এক উল্লেখযোগ্য ৰচনা হ’ল 'প্ৰকৃত লাজ কি?' তেখেতৰ লিখনিত অসমীয়া গদ্য শৈলীৰ সমসাময়িক নিদৰ্শন পোৱা যায়।[3]
ব্যক্তিগত জীৱন
স্বৰ্ণলতা বৰুৱা এগৰাকী বঙালী চিকিৎসক ডাঃ নন্দকুমাৰ ৰায়ৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু, স্বামীৰ অকাল মৃত্যুৰ পিছত সেই সময়ৰ হুগলী কলেজৰ অধ্যক্ষ সাহিত্যিক ক্ষিৰোদ চন্দ্ৰ ৰায়চৌধুৰী সৈতে স্বৰ্ণলতা বৰুৱা দ্বিতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হৈছিল। উৰিষ্যাৰ কটক চহৰত স্থায়ী ভাৱে বসবাস কৰিবলৈ লোৱাৰ সময়ত 'মৃন্ময়ী' নামৰ পত্ৰিকা এখনৰ সম্পাদনা কৰিছিল ক্ষিৰোদ চন্দ্ৰ ৰায়চৌধুৰীয়ে।[3]
বিবাহসূত্ৰে স্বৰ্ণলতাই ৰায় উপাধি গ্ৰহণ কৰিছিল আৰু স্বৰ্ণলতা ৰায় নামেৰে পৰিচিত হৈছিল।[6]
মৃত্যু
স্বৰ্ণলতা বৰুৱাৰ ১৯৩২ চনত ৬২ বছৰ বয়সত মৃত্যু হয়।[3]
তথ্য সংগ্ৰহ