নৱকান্ত বৰুৱা
নৱকান্ত বৰুৱা (ইংৰাজী: Nabakanta Barua) অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম। তেওঁ একেধাৰে এগৰাকী কবি, শিশু সাহিত্যিক আৰু ঔপন্যাসিক।[1] ‘এখুদ ককাইদেউ’ বৰুৱাৰ জনপ্ৰিয় ছদ্মনাম। তেওঁ সীমা দত্ত ছদ্মনামেৰেও তিনিটা কবিতা ৰচনা কৰিছিল।[2] জীৱনৰ প্ৰথমটো কবিতা চিলেথতে লিখা বাবে নন্দ তালুকদাৰে তেওঁক চিলেঠীয়া কবি বুলিছিল।[2]‘মোৰ আৰু পৃথিৱীৰ’ কাব্য গ্ৰন্থৰ বাবে তেওঁ অসম প্ৰকাশন পৰিষদ বঁটা (১৯৭৪) লাভ কৰিছিল। ১৯৭৫ চনত ‘ককাদেউতাৰ হাড়’ উপন্যাসৰ বাবে তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান সাহিত্য অকাডেমিয়ে প্ৰদান কৰা সাহিত্য অকাডেমি বঁটা আৰু ১৯৭৬ চনত ভাৰত চৰকাৰে প্ৰদান কৰা পদ্মভূষণ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ ১৯৯৩ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু ১৯৯৮ চনত কমল কুমাৰী ফাউণ্ডেচনে প্ৰদান কৰা ‘কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা’ লাভ কৰিছিল। ১৯৯০ চনত নৱকান্ত বৰুৱাই অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰে।[1] তেওঁ কটন কলেজৰ ইংৰাজী বিষয়ৰ অধ্যাপক আছিল। সুদীৰ্ঘ দিন অধ্যাপনা আৰু বিদ্যায়তনিক কৰ্মৰ লগত জড়িত থকাৰ উপৰিও নৱকান্ত বৰুৱা সাহিত্য অকাডেমি, ভাৰতীয় প্ৰগতিশীল লেখক মহাসংঘ, অসম প্ৰগতিশীল শিল্পী-সাহিত্যিক সংঘ, অসম সাহিত্য সভা, আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা আদি অনুষ্ঠানৰ সৈতে সক্ৰিয়তাৰে জড়িত আছিল। [3] নৱকান্ত বৰুৱা কবি, ৰাজনীতিবিদ দেৱকান্ত বৰুৱাৰ ভাতৃ। নৱকান্তৰ কবিতাবোৰে আধুনিক অসমীয়া কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰি থৈ গৈছে। নৱকান্ত বৰুৱাৰ প্ৰতিখন কবিতা-পুথি কায়িক জীৱনৰ সৌন্দৰ্য, প্ৰেমৰ মাধুৰী, মৃত্যু, ৰহস্য আদি বিবিধ বিষয়বস্তুৰে সমৃদ্ধ। তেওঁৰ কবিতাবোৰত ৰবীন্দ্ৰনাথ ঠাকুৰ, এলিয়ট, হুইটমেন তথা খলিল জিব্ৰানৰ কবিতাৰ কিছু কিছু প্ৰভাৱ দেখা পোৱা যায় যদিও এক নিজস্ব স্বকীয়তা তেওঁৰ সমূহ কাব্যসম্ভাৰত বিদ্যমান।[উদ্ধৃতিৰ প্ৰয়োজন] তেখেতৰ বহু সমাদৃত কবিতাসমূহৰ ভিতৰত অন্যতম হল 'মনত পৰেনে অৰুন্ধতী', 'ইয়াত নদী আছিল', 'পলস', 'ৰাৱন', 'মহাকাব্যৰ পাণ্ডুলিপি', 'ক্ৰমশঃ' আদি। তেওঁৰ কবিতা প্ৰসঙ্গত মহেন্দ্ৰ বৰাই উল্লেখ কৰিছে, "এহাতে ৰবীন্দ্ৰনাথ, আনহাতে ইলিয়ট। এয়ে বোধকৰোঁ নৱকান্ত বৰুৱাৰ কাব্য-পৰিক্ৰমাৰ কুমেৰু-সুমেৰু। মাজত আৰু বহুতো বিখ্যাত, অখ্যাত আৰু কুখ্যাত কবিৰ হেঁচা-ঠেলা।" (অৱতৰণিকা, "নতুন কবিতা") (প্ৰকাশ, আগষ্ট, ২০১৯, পৃষ্ঠা-৪) জন্ম আৰু বংশ পৰিচয়আহোমৰ দিনত নগাঁৱৰ কলিয়াবৰ আৰু দৰঙৰ চতিয়া অঞ্চলকে খৰঙি বোলা হৈছিল। এই অংশত বসবাস কৰা বৰুৱা সকল আছিল খৰঙি বৰুৱা । ইংৰাজৰ শাসন কালত খৰঙি বৰুৱাৰ পৰিয়ালটো নগাঁৱৰ পুৰণিগুদাম অঞ্চললৈ উঠি আহে। এই খৰঙি বৰুৱা পৰিয়ালেই নৱকান্ত বৰুৱাৰ পূৰ্বপুৰুষ। বৰুৱাৰ ককাদেউতাৰ হাড় কিতাপখন খৰঙি বৰুৱা পৰিয়ালৰ ইতিহাস। এই উপন্যাসখনত নৱকান্ত বৰুৱাই তেওঁৰ ককাক সম্ভু বৰুৱাৰ জীৱনৰ আধাৰত খৰঙি বৰুৱাৰ ঘৰৰ নিৰাময় মৌজাদাৰ চৰিত্ৰটি অংকন কৰিছে।[2] নৱকান্ত বৰুৱাৰ জন্ম হৈছিল গুৱাহাটীত, ১৯২৬ চনৰ ২৯ ডিচেম্বৰত।[4] তেওঁৰ পিতৃ নীলকান্ত বৰুৱাই শিক্ষা বিভাগৰ সহ পৰিদৰ্শক ৰূপে বৰপেটা আৰু গুৱাহাটীত চাকৰি কৰিছিল। ঘোঁৰাত উঠি চাকৰি কৰিবলৈ অসুবিধা পাই তেওঁ নগাঁৱৰ চৰকাৰী হাইস্কুলত শিক্ষক ৰূপে যোগদান কৰে।[2] ১৯৩৯ চনত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু ১৯৪৪ চনত তেওঁৰ মৃত্যু হয়।[2] নৱকান্ত বৰুৱাৰ মাতৃৰ নাম স্বৰ্ণলতা বৰুৱাণী। নৱকান্ত বৰুৱাৰ ভাতৃ তিনিগৰাকী : দেৱকান্ত, জীৱকান্ত আৰু শিৱকান্ত। তেওঁৰ ভাতৃ দেৱকান্ত বৰুৱাও অসমৰ অন্যতম শ্ৰেষ্ঠ কবিসকলৰ ভিতৰত এজন।[5] গুৱাহাটীত জন্ম গ্ৰহণ কৰিলেও নৱকান্তৰ শৈশৱ-কৈশোৰ আৰু যৌৱন পাৰ হৈছিল নগাঁৱতে। জন্ম সূত্ৰে তেওঁ ঘৰৰ পৰাই এটি সাংস্কৃতিক পৰিৱেশ পাইছিল। ৰবীন্দ্ৰনাথ, নজৰুল, শৰৎ চন্দ্ৰ কৈশোৰতে পঢ়ি শেষ কৰিছিল আৰু নৱম শ্ৰেণীত পঢ়ি থাকোঁতে প্ৰথমখন কবিতা পুথি ‘মুক্তি’ লিখি উলিয়াইছিল।[2] শিক্ষানৱকান্ত বৰুৱাৰ শিক্ষা জীৱনৰ আৰম্ভণি ঘটিছিল এখন বালিকা স্কুলত। পিছত তেওঁ চৰকাৰী মজলীয়া স্কুললৈ আহে। ইংৰাজৰ শাসনকালত ইয়াক বঙলা স্কুল বোলা হৈছিল। হেডমাষ্টৰ আছিল উপাৰ্জন শইকীয়া। এই বঙলা স্কুলতে ক, খ আৰু প্ৰথম শ্ৰেণী পঢ়ি নৱকান্ত বৰুৱাই ১৯৩৩ চনত নগাওঁ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক্লাচ থ্ৰিত নাম ভৰ্তি কৰে আৰু তাৰেপৰাই তেওঁ ১৯৪১ চনত সুখ্যাতিৰে মেট্ৰিকুলেশ্যন পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত ভৰ্তি হয়। কিন্তু সন্নিপাত জ্বৰত ভুগি বহুত দিনলৈ বিচনা ল'ব লগা হোৱাত তেওঁৰ পঢ়া-শুনাত ব্যাঘাত জন্মে আৰু কটনৰ ছাত্ৰ-জীৱন সিমানতে অন্ত পৰে।[2] ইতিমধ্যে নৱকান্তৰ দেউতাক নীলকান্ত বৰুৱাই চাকৰিৰ পৰা অৱসৰ লোৱা বাবে ই পৰিয়ালটোৰ আৰ্থিক অৱস্থাত প্ৰভাৱ পেলাইছিল। কলিকতাৰ শান্তিনিকেতনত পঢ়াটো আছিল গুৱাহাটীত পঢ়াতকৈ কম খৰছী। সেয়ে বৰুৱাই ১৯৪৩ চনত উচ্চ শিক্ষাৰ বাবে কলিকতাৰ শান্তিনিকেতনলৈ যায়। শান্তিনিকেতনত পঢ়ি থাকোঁতেই দেউতাকৰ মৃত্যু হোৱাত অধ্যক্ষ অনিল চন্দ্ৰই বৰুৱাৰ বি এ পৰীক্ষাৰ ফিজৰ দায়িত্ব লয়। এই প্ৰসংগত নৱকান্তই ডন কুইকচ’ট’ শীৰ্ষক আত্মজীৱনী মূলক কবিতাটিত লিখিছিল[2]−
১৯৪৭ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী, বঙলা ভাষা (দ্বিতীয় ভাষা), অসমীয়া (ভাৰ্ণেকুলাৰ) আৰু ইংৰাজী বিষয়ত অনাৰ্ছ সহ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। নৱকান্ত বৰুৱাই ১৯৫৩ চনত উত্তৰ প্ৰদেশৰ আলীগড় মুছলিম বিশ্ববিদ্যালয় পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[6] শান্তিনিকেতনত পঢ়ি থাকোঁতেই নৱকান্তই কিছুদিন কলা ভৱনত চিত্ৰকলাৰ শিক্ষাও গ্ৰহণ কৰিছিল আৰু দুই-চাৰিখন ছবি আঁকিছিল। তেওঁ নিজৰ কাব্য গ্ৰন্থ হে ‘অৰণ্য, হে মহানগৰ’ আৰু উপন্যাস কপিলীপৰীয়া সাধু (প্ৰথম সংস্কৰণ)ৰ বেটুপাত নিজে অংকন কৰিছিল।[2] তাৰোপৰি, ড° বীৰন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ গ্ৰন্থ ‘ৰাজপথে ৰিঙিয়ায়’, প্ৰফুল্ল দত্ত গোস্বামীৰ ‘শেষ ক’ত’, পৰাগ চলিহাৰ ‘চাৰি হাজাৰ বছৰৰ অসম’ আৰু কটন কলেজত অধ্যাপনা কৰা সময়ছোৱাত ‘কটনিয়ান’ৰ কেইবাটাও সংখ্যাৰ বেটুপাত নৱকান্ত বৰুৱাই অংকন কৰিছিল।[2] কৰ্মজীৱনউত্তৰ প্ৰদেশৰ শিকোহাবাদত অৱস্থিত এ. কে. মহাবিদ্যালয়ত শিক্ষকতা বৃত্তিৰে নৱকান্ত বৰুৱাই নিজৰ বৰ্ণময় কৰ্মজীৱন আৰম্ভ কৰিছিল। কিছুদিন তাত শিক্ষকতা কৰাৰ পাছত তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। ১৯৫৪ চনত তেওঁ গুৱাহাটীৰ কটন মহাবিদ্যালয়লৈ বদলি হৈ আহে আৰু তাৰেপৰাই তেওঁ ১৯৮৪ চনত উপাধ্যক্ষ ৰূপে অৱসৰ গ্ৰহণ কৰে।[2] নৱকান্ত বৰুৱাই মাজতে ১৯৬৪ চনৰপৰা ১৯৬৭ চনলৈ তিনিবছৰ কাল অসম চৰকাৰৰ মাধ্যমিক শিক্ষা পৰিষদত ইংৰাজী শিক্ষাৰ বিষয়া ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল।[2][7] ২০০২ চনৰ ১৪ জুলাই তাৰিখে শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগি বৰুৱাৰ মৃত্যু হয়।[7] বিদেশ ভ্ৰমণসাহিত্য কৃতিবৰুৱাক অসমীয়া আধুনিক কবিতাৰ নৱজাগৰণ বুলি গণ্য কৰা হৈছিল। বৰুৱাৰ লেখাবোৰ আছিল সেই সময়ৰ পৰিপ্ৰেক্ষিতত অতি সমসাময়িক। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কবিতাৰেই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু স্বাধীনতাৰ পিছৰ পৰ্যায়ৰ আশে-পাশে তেওঁৰ সাহিত্য ৰচনাৰ উত্থান ঘটিছিল। সাহিত্য অকাডেমী বঁটা বিজয়ী “ককাদেউতাৰ হাড়” উপনাসখনক সৰ্বকালৰ ধ্ৰুপদী বুলি উল্লেখ কৰা হৈছে। তেওঁ সৰ্বমুঠ ৫ খন উপন্যাস লিখিছিল। ইয়াৰ লগতে বৰুৱাই শিশুৰ বাবেও সাহিত্য ৰচনা কৰিছিল। তেওঁৰ ৰচনাসমূহো বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে। ১৯৮৪ চনত তেওঁ “সীৰলু” নামৰ এক অসমীয়া আলোচনী প্ৰকাশ কৰে যিখন পৰৱৰ্তী সময়ত “নতুন সীৰলু” হিচাপে প্ৰকাশ পায়।[7]
স্বীকৃতি আৰু সন্মান
তথ্য সংগ্ৰহ
সহায়ক গ্ৰন্থপঞ্জী
বাহ্যিক সংযোগ
|