মুক্তি প্ৰসাদ গগৈ
প্ৰাৰম্ভিক জীৱনমুক্তি প্ৰসাদ গগৈৰ জন্ম হয় কৰিমগঞ্জ জিলাৰ ৰাধাবাৰীত। তেওঁৰ পিতৃ ত্ৰৈলোক্য নাথ গগৈ সেনাবাহিনীত কৰ্মৰত আছিল আৰু মাতৃ জেউতৰা গগৈ আছিল এগৰাকী গৃহিণী। মৰাণ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা সাং কৰি তেওঁ ডিব্ৰুগড় চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। পিছলৈ তেওঁ কলকাতাৰ ৰিপণ কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা শাস্ত্ৰ অধ্যয়ণ কৰে। ১৯৫৬ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা শাস্ত্ৰৰ ডিগ্ৰী লাভ কৰে। ১৯৫৯ চনত তেওঁ obstetrics and gynaecology বিষয়ত ডিপ্লোমা গ্ৰহণ কৰে।[1] কৰ্মজীৱন১৯৬২ চনৰ ৫ নৱেম্বৰত গগৈয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ obstetrics and gynaecology বিভাগত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে। ১৯৭৩ চনত তেওঁ বিভাগৰ মূৰব্বী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে আৰু ১৯৮৮ চনত অৱসৰ গ্ৰহণ কৰালৈকে এই দায়িত্বত থাকে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ একাধিক প্ৰযুক্তিগত উনীতকৰণৰ কৃতিত্ব তেওঁক দিয়া হয়। তেওঁ লণ্ডনৰ ৰয়েল একাডেমী অফ অবষ্টেট্ৰিচিয়ান এণ্ড গাইন'ক'লজী আৰু ভাৰতৰ নেশ্বনেল একাডেমী অব মেডিকেল ছায়েন্সৰো নিৰ্বাচিত সভ্য আছিল। তেওঁ ভাৰতৰ বহুকেইখন বিশ্ববিদ্যালয়ৰ চিকিৎসা শাস্ত্ৰ বিভাগৰ প্ৰশ্নকাকত প্ৰস্তুতি আৰু নীৰিক্ষকৰ দায়িত্বও পালন কৰিছিল।[1] প্ৰকাশিত গ্ৰন্থ
তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia