চৈয়দ আব্দুল মালিক
চৈয়দ আব্দুল মালিক |
---|
| জন্ম |
১৫ জানুৱাৰী, ১৯১৯ নাহৰণি, গোলাঘাট |
---|
মৃত্যু |
২০ ডিচেম্বৰ, ২০০০[1] |
---|
পেচা |
গল্পকাৰ, ঔপন্যাসিক, কবি, নাট্যকাৰ, জীৱনী লেখক, প্ৰৱন্ধকাৰ, ভ্ৰমণ কাহিনী ৰচোঁতা তথা অধ্যাপক |
---|
ভাষা |
অসমীয়া |
---|
ৰাষ্ট্ৰীয়তা |
ভাৰতীয় |
---|
নাগৰিকত্ব |
ভাৰতীয় |
---|
শিক্ষা |
ইংৰাজী সাহিত্যৰ স্নাতক অসমীয়া সাহিত্যৰ স্নাতকোত্তৰ |
---|
মাতৃশিক্ষায়তন |
কটন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় |
---|
সময় |
শেষ আৱাহনৰ যুগৰ পৰা প্ৰকাশৰ যুগলৈ |
---|
উল্লেখনীয় কৰ্মৰাজি |
ধন্য নৰ তনু ভাল অঘৰী আত্মাৰ কাহিনী |
---|
উল্লেখযোগ্য বঁটা |
ছোভিয়েট দেশ নেহৰু বঁটা(১৯৬৫) সাহিত্য অকাডেমি বঁটা(১৯৭২) অসম সাহিত্য সভাৰ সভাপতি (১৯৭৭), পদ্মশ্ৰী বঁটা (১৯৮৪) পদ্মভূষণ(১৯৯২) অসম উপত্যকা সাহিত্য বঁটা(১৯৯৪) শংকৰদেৱ বঁটা(১৯৯৫) |
---|
দাম্পত্যসংগী |
চৈয়দা হাচনা মালিক |
---|
সন্তান |
চৈয়দা নিচাত চিৰিণ জিনেইদা(প্ৰথম কন্যা) ফৰ্জিনা জাহানা মচিহা(দ্বিতীয়া কন্যা) চৈয়দা মঞ্জুমা ৰাহত ইকবাল(তৃতীয়া কন্যা) চৈয়দা হাব্বা আফনান গুলচাৰা (চতুৰ্থা কন্যা) চৈয়দা মান্না কমৰ নুৰানী(পঞ্চমা আৰু কনিষ্ঠা কন্যা) চৈয়দ কামিল হায়াত এহতেছাম (পুত্ৰ) |
চৈয়দ আব্দুল মালিক (ইংৰাজী: Syed Abdul Malik, ১৯১৯-২০০০) অসমীয়া সাহিত্যৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, কবি, নাট্যকাৰ, জীৱনী লেখক, প্ৰৱন্ধকাৰ আৰু ভ্ৰমণ কাহিনী ৰাচোঁতা।[2][3]প্ৰায় পঁষষ্ঠি বছৰ ধৰি দুহেজাৰৰো অধিক গল্প লিখি তেওঁ অসমীয়া গল্প সাহিত্যলৈ এক বৃহৎ অৱদান আগবঢ়াই থৈ গৈছে[4]। তেওঁক অসমীয়া আধুনিক গল্প সাহিত্যৰ ধাৰাটোৰ প্ৰৱৰ্তক বুলি কোৱা হয়।[3] তেওঁৰ গল্প সংকলন ২৫ খনৰো অধিক। তাৰোপৰি তেওঁ প্ৰায় ৬০ খন উপন্যাস, পাঁচখন কবিতা সংকলন, তিনিখন শিশু সাহিত্য আৰু ২০খন মঞ্চ অনাতাঁৰ নাট, অনুবাদ গ্ৰন্থ, ব্যংগ ৰচনা আৰু অসংখ্য প্ৰবন্ধ ৰচনা কৰিছিল।[5] তেওঁ ১৯৭৭ চনত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিবেশনৰ সভাপতিৰ আসন অলংকৃত কৰে।[6] তেওঁ অঘৰী আত্মাৰ কাহিনী উপন্যাসৰ বাবে ১৯৭২ চনত সাহিত্য অকাডেমি বঁটা[7] লাভ কৰাৰ উপৰিও ১৯৯২ চনত অসম উপত্যকা সাহিত্য বঁটা, ১৯৯৯ চনত শংকৰদেৱ বঁটা আৰু ভাৰত চৰকাৰে প্ৰদান কৰা সৰ্ব্বোচ অসামৰিক সন্মান পদ্মশ্ৰী তথা পদ্মভূষণ[8] লাভ কৰে।[9][1] অসমীয়া ভাষাৰ উপৰিও বাংলা, ফাৰ্চী[10], হিন্দী, উৰ্দু অৰু ইংৰাজী ভাষাত মালিকৰ ব্যুৎপত্তি আছিল। ইয়াৰ উপৰিও উড়িয়া, নেপালী, আৰৱী, সংস্কৃত আৰু ৰুছ ভাষাতো তেওঁৰ সম্যক দখল আছিল।[11]
গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি বিভাগৰ গৱেষণা আঁচনিৰ অধীনত গৱেষণা কৰি ১৯৫৮ চনত মালিকে প্ৰকাশ কৰা তেখেতৰ গৱেষণা ভিত্তিক গ্ৰন্থ ‘অসমীয়া জিকিৰ আৰু জাৰী’ অসমীয়া সাহিত্যলৈ এক অমূল্য অৱদান।[11]তেওঁৰ আন এখন গ্ৰন্থ হ’ল চুফী আৰু চুফীবাদ।
মালিকে শংকৰদেৱৰ জীৱনৰ আধাৰত ‘ধন্য নৰ তনু ভাল’ (১৯৮৭) শীৰ্ষক, ৪৩৮ পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ এখন উপন্যাস ৰচনা কৰিছিল। অসমীয়া উপন্যাস সাহিত্যত ‘ধন্য নৰ তনু ভাল’ শংকৰদেৱৰ জীৱন ভিত্তিক প্ৰথমখন উপন্যাস।[2] তেওঁ মাধৱদেৱৰ বৰ্ণাঢ্য কৰ্ম আৰু জীৱনক লৈও ‘প্ৰেম অমৃতৰ নদী’ নামে এখন উপন্যাস ৰচনা কৰিছিল। ইয়াৰ উপৰিও মালিকে ৰচনা কৰা অঘৰী আত্মাৰ কাহিনী, সূৰুজমুখীৰ স্বপ্ন, আধাৰশিলা আদি অসমীয়া উপন্যাস সাহিত্যত মাইলৰ খুঁটি।[12]ৰজনীকান্ত বৰদলৈৰ পাছত ‘উপন্যাস সম্ৰাট’ অভিধা চৈয়দ আব্দুল মালিকৰ ক্ষেত্ৰতো প্ৰয়োগ কৰা হয়।[2]
মালিকৰ এক ৰাজনৈতিক জীৱনো আছিল। তেওঁ স্বাধীনতাৰ আগতে গঠিত হোৱা মুছলীম লীগত, ১৯৪৫-৪৬ চনত যোগদান কৰিছিল। মালিক কমিউনিষ্ট পাৰ্টিৰ সক্ৰিয় সদস্য নাছিল। তথাপি ১৯৫৭ চনৰ সাধাৰণ নিৰ্বাচনত যোৰহাট-গোলাঘাট লোকসভা সমষ্টিৰ পৰা কমিউনিষ্ট পাৰ্টিৰ সমৰ্থনত প্ৰতিদ্বন্দিতা কৰি কংগ্ৰেছ প্ৰাৰ্থীৰ হাতত পৰাজিত হয়। ১৯৭১ চনত তেওঁ কংগ্ৰেছ দলত যোগদান কৰে আৰু ১৯৭২ চনত গৃহ সমষ্টি দেৰগাঁৱৰ পৰা অসম বিধান সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি পুনৰ পৰাজিত হয়। ১৯৭৬ চনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰূপে তেওঁ অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হয় আৰু ১৯৮২ চনত তেওঁৰ সাংসদীয় কাৰ্যকালৰ অন্ত পৰে।[12] তেওঁ সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ সভাপতি আছিল।[13] অসম আন্দোলনৰ সময়ত মালিকক পৰিয়াল সহিতে সমাজৰ পৰা বহিষ্কাৰ কৰা হৈছিল।[14]বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক মতাদৰ্শ গ্ৰহণ কৰি তেওঁ বিতৰ্কৰ বলি হৈছিল।[2]
বৈচিত্ৰ্যময় সৃষ্টিশীলতা, মধুৰ ব্যক্তিত্ব, মনোৰম ৰসিক কথকতাৰ বাবে তেওঁ জীৱনকালতে সৰ্বজন প্ৰিয় এক কিংবদন্তি পৰিণত হৈছিল।[12]
অসমীয়া সাহিত্যলৈ মালিকৰ অৱদানৰ বিষয়ে সুঁৱৰি কথাশিল্পী হোমেন বৰগোহাঞিয়ে লিখিছে[11],
… ‘মালিকে যি বিশাল চিত্ৰশালা সৃষ্টি কৰি থৈ গৈছে সেই চিত্ৰশালাত অসমীয়া সমাজে নিজৰ প্ৰতিচ্ছবি দেখিবলৈ পায়…এই কথা ক’লে বোধহয় অত্যুক্তি কৰা নহ’ব যে আধুনিক যুগত লক্ষ্মীনাথ বেজবৰুৱাৰ পিছত মালিকেই হ’ ল দ্বিতীয়জন লেখক যিজনে সমগ্ৰ অসমীয়া জাতিৰ হৃদয় জয় কৰিবলৈ সমৰ্থ হৈছে।’(‘মালিকৰ সুখ-দুখ’)…
বংশ পৰিচয় আৰু শিক্ষা
সপ্তদশ শতিকাৰ আগভাগত মালিকৰ পূৰ্ব পুৰুষৰ অসমলৈ আগমণ ঘটিছিল। অসমলৈ অহা চাৰিগৰাকী মুছলমান সাধকৰ অন্যতম হজৰত খোন্দকাৰ পীৰ মালিকৰ উপৰি পুৰুষ। মালিকৰ পঞ্চম পুৰুষ চৈয়দ জওহৰ আলিৰপৰা ছয় পুৰুষ উজনি অসমৰ নাহৰণিত বসবাস কৰিছে। নাহৰণি মুছলীম বসতিপূৰ্ণ গাঁও; জিকিৰ আৰু জাৰী চৰ্চাৰ প্ৰাণকেন্দ্ৰ বুলিও নাহৰণিৰ এক সুকীয়া পৰিচয় আছে।[12]
গোলাঘাট জিলা অন্তৰ্গত, এই নাহৰণিতে ১৯১৯ চনৰ ১৫ জানুৱাৰী[15]/ ১৬ জানুৱাৰী[1] তাৰিখে চৈয়দ আব্দুল মালিকৰ জন্ম হয়। পিতৃ ৰহমত আলী আৰু মাতৃ চৈয়দা লুৎফুন্নিছা[16][1] মালিকৰ শিক্ষাৰম্ভ হয় নাহৰণি নিম্ন বুনিয়াদী বিদ্যালয়ত। তাৰপিছত তেওঁ দেৰগাঁও এম ই স্কুলত শিক্ষা লাভ কৰে।[2] তেওঁ যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা ফাৰ্চী ভাষাত লেটাৰ সহ প্ৰথম বিভাগত প্ৰৱেশিকা[17], যোৰহাট মহাবিদ্যালয়ৰ পৰা আই এ আৰু কটন মহাবিদ্যালয়ৰ পৰা ১৯৪১ ত ইংৰাজী বিষয়ত সন্মানসহ[1] সুখ্যাতিৰে বি.এ. পৰীক্ষাত উত্তীৰ্ণ হয়। কেইবা বছৰ চাকৰি কৰাৰ পাছত ১৯৫১ ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ[1] পৰা অসমীয়া বিভাগত প্ৰাইভেটকৈ এম.এ. পাছ কৰে।
কৰ্মজীৱন
১৯৪২ ত আবকাৰী বিভাগৰ চাব ইন্সপেক্টৰ হিচাপে কৰ্ম জীৱন আৰম্ভ কৰা মালিকে দ্বিতীয় মহাসমৰৰ সময়ত সামৰিক বিভাগত যোগ দি প্ৰায় দুবছৰ কাম কৰিছিল[2]। ১৯৪৬ ত যোৰহাট মহাবিদ্যালয়ত পাৰ্ছী ভাষাৰ প্ৰবক্তা হিচাপে দুবছৰ কাম কৰি শ্বিলং-গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত প্ৰ'গেম এচিষ্টেণ্ট হিচাপে যোগ দিয়ে। ডেৰ বছৰ এই কাম কৰাৰ পাছত ঢেকীয়াল হাইস্কুল আৰু কুৰালগুৰি হাইস্কুলত শিক্ষকতা কৰে। তেওঁ ১৯৫০ চনত গোলাঘাট ঢেকীয়াল হাইস্কুলৰ সহকাৰী শিক্ষক আৰু ১৯৫১ চনত কুৰালগুৰি হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।[2] তাত কাম কৰি থকা সময়তে প্ৰাইভেটকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত দ্বিতীয় শ্ৰেণীৰ প্ৰথম স্থান লৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে[2] আৰু লগে লগে আহি ১৯৫১ৰ পৰা ১৯৭৬ লৈ যোৰহাটৰ জে বি কলেজত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কাম কৰে। পিছত এই বিভাগৰ মুৰব্বী ৰূপে অৱসৰ গ্ৰহণ কৰে।[2] ১৯৬৩ৰ পৰা ১৯৬৯ লৈ সাহিত্য অকাডেমি কাউন্সিলৰ সদস্য হিচাপে থকা মালিক ১৯৬৯ত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক নিৰ্বাচিত হয়। ১৯৭৬ত ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত মালিকে তাৰ পাছৰ বছৰত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিবেশনৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। জীৱনৰ কোনো এক নিৰ্দিষ্ট দিশৰ সূত্ৰতে সীমাবদ্ধ নথকা মালিক ভাৰতীয় গণ নাট্য সংঘ আৰু কমিউনিষ্ট আন্দোলনৰ সৈতেও ডেকা বয়সত ওতপ্ৰোতভাৱে জড়িত আছিল।
মৃত্যু
চৈয়দ আব্দুল মালিকৰ ২০০০ চনৰ ২০ ডিচেম্বৰত[1], ৮১ বছৰ বয়সত মৃত্যু হয় ৮২ বছৰ সম্পূূূূূৰ্ণ কৰিবলৈ কিছুদিনহে বাকী আছিলে । ২০০০ চনৰ ডিচেম্বৰ মাহৰ ৪ তাৰিখে উশাহ-নিশাহত হোৱা কষ্টৰ ববে তেওঁক আই চি ইউত ভৰ্তি কৰোৱা হৈছিল। কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক ঘৰলৈ ঘূৰাই অনা হয়। ঘৰতে ১৯ ডিচেম্বৰৰ ৰাতি ১২ বাজি ২৫ মিনিটত আব্দুল মালিকে শেষ নিশ্বাস ত্যাগ কৰে। [13]
অসমীয়া সাহিত্যলৈ অৱদান
বঁটা আৰু সন্মান
১৯৯৯ সাহিত্য অকাডেমীৰ ফিল’শ্বিপ ৷
- জন্মঃ ১৬ জানুৱাৰী,১৯১৯; নাহৰণি, গোলাঘাট
- পিতৃঃ ৰহমত আলী
- মাতৃঃ চৈয়দা লুৎফুন্নিছা
- ১৯৩৭ঃ যোৰহাট চৰকাৰী উচ্চ বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষা উৰ্ত্তীণ
- ১৯৩৯ঃ যোৰহাট কলেজৰ পৰা আই এ উৰ্ত্তীণ
- ১৯৪০ঃ বাঁহী আলোচনীত প্ৰথম উপন্যাস প্ৰকাশ
- ১৯৪১ঃ ইংৰাজী বিষয়ত ‘সন্মান’সহ কটন কলেজৰ পৰা স্নাতক
- ১৯৪২ঃ অসম চৰকাৰৰ আবকাৰী বিভাগত উপ-পৰিদৰ্শক পদত যোগদান
- ১৯৪৫ঃ প্ৰথম গল্প সংকলন পৰশমণি প্ৰকাশিত
- ১৯৪৬ঃ যোৰহাট কলেজত পাৰ্চিয়ান ভাষাৰ শিক্ষক পদত যোগদান
- ১৯৪৮ঃ গুৱাহাটী-শ্বিলং অনাঁতাৰ কেন্দ্ৰত ‘প্ৰ’গাম এছিষ্টেণ্ট’ পদত যোগদান
- ১৯৫১ঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ; জে বি কলেজৰ অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে যোগদান
- ১৯৫৬ঃ অসমীয়া চলচ্চিত্ৰ ৰঙা পুলিচত অভিনয়
- ১৯৬৩ঃ শিৱসাগৰৰ ধাইআলিৰ হাচনা চিস্তিৰ সৈতে বিবাহ; ছোভিয়েট ইউনিয়ন ভ্ৰমণ
- ১৯৬৩-৬৯ঃ সাহিত্য অকাডেমিৰ সাধাৰণ পৰিষদৰ সদস্য
- ১৯৬৫ঃ ভ্ৰমণকাহিনী ‘মাজত মাথো হিমালয়’ৰ বাবে ‘ছোভিয়েট দেশ নেহৰু বঁটা’
- ১৯৭২ঃ অঘৰী আত্মাৰ কাহিনী উপন্যাসৰ ববে সাহিত্য অকাডেমি বঁটা
- ১৯৭৬-৮২ঃ ৰাজ্যসভাৰ সাংসদ ৰূপে কাৰ্যনিৰ্বাহ
- ১৯৭৭ঃ অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচন
- ১৯৮৪ঃ ‘পদ্মশ্ৰী’ সন্মান
- ১৯৯২ঃ ‘পদ্মভূষণ’ সন্মান
- ১৯৯৩ঃ ‘আজান ফকীৰ’ বঁটা
- ১৯৯৪ঃ অসম উপত্যকা সাহিত্য বঁটা
- ১৯৯৫ঃ শংকৰদেৱ বঁটা
- ১৯৯৭ঃ অসম সাহিত্য সভাৰ ‘সাহিত্যাচাৰ্য্য’ সন্মান
- মৃত্যুঃ ২০ ডিচেম্বৰ, ২০০০
তথ্য সংগ্ৰহ
- ↑ 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 1.11 1.12 1.13 1.14 1.15 সম্পাদনা সমিতি (জুন, ২০১৭). "মালিকৰ চমু জীৱনপঞ্জী". In অনুৰাধা শৰ্মা পূজাৰী. সাতসৰী. দ্বাদশ (দ্বাদশ বছৰ, একাদশ সংখ্যা ed.). গুৱাহাটী: সাদিন গোষ্ঠী. pp. ৩৩.
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 2.8 উপেন্দ্ৰ বৰকটকী (জুন ২০১৭). "অফুৰন্ত আৰু বিচিত্ৰ সৃষ্টি প্ৰতিভাৰ অধিকাৰী মানুহজন". সাতসৰী খণ্ড দ্বাদশ বছৰ (একাদশ সংখ্যা): ২৪-২৫.
- ↑ 3.0 3.1 3.2 উপেন্দ্ৰনাথ শৰ্মা (জুন, ২০১৭). "যুদ্ধোত্তৰ যুগৰ চুটিগল্পৰ মালিকজন". In অনুৰাধা শৰ্মা পূজাৰী. সাতসৰী. দ্বাদশ (দ্বাদশ বছৰ, একাদশ সংখ্যা ed.). গুৱাহাটী: সাদিন গোষ্ঠী. pp. ২০–২১.
- ↑ প্ৰাঞ্জল শৰ্মা বশিষ্ঠ (২০১৭). "চৈয়দ আব্দুল মালিকৰ গল্প". In অনুৰাধা শৰ্মা পূজাৰী. সাতসৰী. দ্বাদশ (দ্বাদশ বছৰ, একাদশ সংখ্যা ed.). গুৱাহাটী: সাদিন গোষ্ঠী. pp. ৫৪–৫৫.
- ↑ শান্তনু কৌশিক বৰুৱা (২০২০). অসম ইয়েৰ বুক, ২০২১. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৮৭৩. ISBN 978-93-81485-82-8.
- ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা Archived 2013-01-29 at the Wayback Machine অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
- ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
- ↑ "Search Awardees - Padma Awards - My India, My Pride - Know India: National Portal of India". India.gov.in. Archived from the original on 2009-01-31. https://web.archive.org/web/20090131221505/http://india.gov.in/myindia/advsearch_awards.php। আহৰণ কৰা হৈছে: 2012-12-25.
- ↑ http://www.assaminfo.com/famous-people/35/syed-abdul-malik.htm
- ↑ "পাৰ্চী". http://www.xobdo.org/. http://www.xobdo.org/dic/। আহৰণ কৰা হৈছে: 20 June 2022.
- ↑ 11.0 11.1 11.2 অভিনিবেশ শৰ্মা (২০১৯). অসম ইয়েৰ বুক, ২০১৯. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ২৫-২৮. ISBN 978-93-81485-82-8.
- ↑ 12.0 12.1 12.2 12.3 12.4 প্ৰফুল্ল চন্দ্ৰ বৰা (২০০৬). কথা বৰণ্য ১০০. প্ৰকাশক গুৱাহাটী: কথা. পৃষ্ঠা. ১৪৪-১৪৫. ISBN 81-89148-14-1.
- ↑ 13.0 13.1 চৈয়দ কামিলা হায়াত (২০১৭). "অতীতৰ তিতা-মিঠা ডুখৰীয়া স্মৃতি". In অনুৰাধা শৰ্মা পূজাৰী. সাতসৰী. দ্বাদশ (দ্বাদশ বছৰ, একাদশ সংখ্যা ed.). গুৱাহাটী: সাদিন গোষ্ঠী. pp. ৪৮–৫১.
- ↑ চৈয়দা নিচাত চিৰিণ জিনেইদা (২০১৭). "দেউতাৰ আছিল অফুৰন্ত মনৰ জোৰ". In অনুৰাধা শৰ্মা পূজাৰী. সাতসৰী. দ্বাদশ (দ্বাদশ বছৰ, একাদশ সংখ্যা ed.). গুৱাহাটী: সাদিন গোষ্ঠী. pp. ৪৫–৪৭.
- ↑ Bipuljyoti Saikia. "Bipuljyoti Saikia's Homepage : Authors & Poets - Syed Abdul Malik". Bipuljyoti.in. Archived from the original on 2013-07-26. https://web.archive.org/web/20130726133453/http://bipuljyoti.in/authors/malik.html। আহৰণ কৰা হৈছে: 2012-12-25.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2016-03-05. https://web.archive.org/web/20160305002017/http://www.vedanti.com/Legends/syed_abdul_malik.htm। আহৰণ কৰা হৈছে: 2012-11-15.
- ↑ লুৎফুৰ ৰহমান (২০১৭). "আব্দুল মালিক ডাৰোগা নহ’ল". In অনুৰাধা শৰ্মা পূজাৰী. সাতসৰী. দ্বাদশ (দ্বাদশ বছৰ, একাদশ সংখ্যা ed.). গুৱাহাটী: সাদিন গোষ্ঠী. pp. ৩৭–৪১.
- ↑ 18.0 18.1 18.2 18.3 কৰবী ডেকা হাজৰিকা (২০১৭). "মালিকৰ কবিমন". In অনুৰাধা শৰ্মা পূজাৰী. সাতসৰী. দ্বাদশ (দ্বাদশ বছৰ, একাদশ সংখ্যা ed.). গুৱাহাটী: সাদিন গোষ্ঠী. pp. ৩৪–৩৬.
- ↑ http://www.assaminfo.com/famous-people/35/syed-abdul-malik.htm
সহায়ক গ্ৰন্থপূঞ্জী
- "পদ্মনাথ গোহাঞিবৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ", লেখক: ড॰ ত্ৰিদিব গোস্বামী।
বাহ্যিক সংযোগ
|
---|
| ১৯৫৫-১৯৭০ | |
---|
| ১৯৭১-১৯৯০ |
– (১৯৭১)
চৈয়দ আব্দুল মালিক (অঘৰী আত্মাৰ কাহিনী, ১৯৭২)
– (১৯৭৩)
সৌৰভ কুমাৰ চলিহা (গোলাম, ১৯৭৪)
নৱকান্ত বৰুৱা (ককাদেউতাৰ হাড়, ১৯৭৫)
ভবেন্দ্ৰ নাথ শইকীয়া (শৃংখল, ১৯৭৬)
আনন্দ চন্দ্ৰ বৰুৱা (বকুল বনৰ কবিতা, ১৯৭৭)
হোমেন বৰগোহাঞি (পিতা-পুত্ৰ, ১৯৭৮)
ভবেন বৰুৱা (সোণালী জাহাজ, ১৯৭৯)
যোগেশ দাস (পৃথিৱীৰ অসুখ, ১৯৮০)
নীলমণি ফুকন (কবিতা, ১৯৮১)
মামণি ৰয়ছম গোস্বামী (মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, ১৯৮২)
নিৰ্মলপ্ৰভা বৰদলৈ (সুদীৰ্ঘ দিন আৰু ঋতু, ১৯৮৩)
দেবেন্দ্ৰ নাথ আচাৰ্য (জংগম, ১৯৮৪)
কৃষ্ণকান্ত সন্দিকৈ (কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ, ১৯৮৫)
তীৰ্থনাথ শৰ্মা (বেণুধৰ শৰ্মা, ১৯৮৬)
হৰেকৃষ্ণ ডেকা (আন এজন, ১৯৮৭)
লক্ষ্মীনন্দন বৰা (পাতাল ভৈৰৱী, ১৯৮৮)
হীৰেন গোহাঁই (অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, ১৯৮৯)
স্নেহ দেৱী (স্নেহ দেৱীৰ একুঁকি গল্প, ১৯৯০) |
---|
| ১৯৯১-২০১০ |
অজিৎ বৰুৱা (ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য, ১৯৯১)
হীৰেন ভট্টাচাৰ্য (শইচৰ পথাৰ মানুহ, ১৯৯২)
কেশৱ মহন্ত (মোৰো যে কিমান হেঁপাহ, ১৯৯৩)
শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী) (মধুপুৰ বহুদূৰ, ১৯৯৪)
চন্দ্ৰপ্ৰসাদ শইকীয়া (মহাৰথী, ১৯৯৫)
নিৰুপমা বৰগোহাঞি (অভিযাত্ৰী, ১৯৯৬)
নগেন শইকীয়া (আন্ধাৰত নিজৰ মুখ, ১৯৯৭)
অৰুণ শৰ্মা (আশীৰ্বাদৰ ৰং, ১৯৯৮)
মেদিনী চৌধুৰী (বিপন্ন সময়, ১৯৯৯)
অপূৰ্ব শৰ্মা (বাঘে টাপুৰ ৰাতি, ২০০০)
মহিম বৰা (এধানী মাহীৰ হাঁহি, ২০০১)
নলিনীধৰ ভট্টাচাৰ্য (মহৎ ঐতিহ্য, ২০০২)
বীৰেশ্বৰ বৰুৱা (অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা, ২০০৩)
হীৰেন্দ্ৰ নাথ দত্ত (মানুহ অনুকুলে, ২০০৪)
য়েছে দৰজে ঠংচি (মৌন ওঁঠ মুখৰ হৃদয়, ২০০৫)
অতুলানন্দ গোস্বামী (চেনেহ জৰীৰ গাঁথি, ২০০৬)
পূৰবী বৰমুদৈ (শান্তনুকুলনন্দন, ২০০৭)
ৰীতা চৌধুৰী (দেও লাংখুই, ২০০৮)
ধ্ৰুৱজ্যোতি বৰা (কথা ৰত্নাকৰ, ২০০৯)
কেশদা মহন্ত (অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি, ২০১০) |
---|
| ২০১১-বৰ্তমান |
কবীন ফুকন (এই অনুৰাগী এই উদাস, ২০১১)
চন্দনা গোস্বামী (পাটকাইৰ ইপাৰে মোৰ দেশ, ২০১২)
ৰবীন্দ্ৰ সৰকাৰ (ধূলিয়ৰি ভৰিৰ সাঁচ, ২০১৩)
অৰূপা কলিতা পটংগীয়া (মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা, ২০১৪)
কুল শইকীয়া (আকাশৰ ছবি আৰু অন্যান্য গল্প, ২০১৫)
জ্ঞান পূজাৰী (মেঘমালাৰ ভ্ৰমণ, ২০১৬)
জয়ন্ত মাধৱ বৰা (মৰিয়াহোলা, ২০১৭)
সনন্ত তাঁতি (কাইলৈৰ দিনটো আমাৰ হ'ব, ২০১৮)
জয়শ্ৰী গোস্বামী মহন্ত (চাণক্য, ২০১৯)
অপূৰ্ব কুমাৰ শইকীয়া (বেংছতা, ২০২০)
অনুৰাধা শৰ্মা পূজাৰী (ইয়াত এখন অৰণ্য আছিল, ২০২১)
মনোজ কুমাৰ গোস্বামী (ভুল সত্য, ২০২২)
প্ৰণৱজ্যোতি ডেকা(ড॰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প, ২০২৩) |
---|
|
|
---|
| ১৯৯০-২০০০ | | |
---|
| ২০০১-২০১০ | |
---|
| ২০১১-বৰ্তমানলৈ | |
---|
|
|
|