বাপচন্দ্ৰ মহন্ত
বাপচন্দ্ৰ মহন্ত (জন্ম:১৯২৮-২০১৫ ) একাধাৰে সমালোচক, শংকৰী সাহিত্যৰ গৱেষক, ব্যাকৰণবিদ আদি। শংকৰদেৱক বিশ্ব সাহিত্যত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বাপচন্দ্ৰ মহন্তৰ নাম উল্লেখযোগ্য। তেখেতে অসমীয়া ভাষাৰ লগতে হিন্দী ভাষাতো সাহিত্য চৰ্চা কৰিছিল। পৰিচয়বাপচন্দ্ৰ মহন্তৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ গোহাঁই গাঁৱত। তেখেতে শিক্ষকতা কৰাৰ লগতে অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ প্ৰচাৰক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।[1] পঞ্চদশ-ষোড়শ শতিকাৰ অসমৰ শ্ৰীমন্ত শঙ্কৰদেৱ-মাধৱদেৱৰ ভক্তি-আন্দোলনৰ তাত্ত্বিক আৰু ঐতিহাসিক পটভূমিৰ আলোচনাৰ ক্ষেত্ৰত বাপচন্দ্ৰ মহন্তৰ দীৰ্ঘদিনীয়া অধ্যৱসায়ে নতুন তথ্য কিছুমানতো পোহৰ পেলাইছে। এই ক্ষেত্ৰত তেওঁৰ নামঘোষা তত্ত্বদৰ্শন (১৯৭৮) আৰু সম্পাদিত বৰগীত (১৯৯২) উল্লেখযোগ্য কৃতি বুলি পৰিগণিত হৈছে।[2] মহন্তই বৈষ্ণৱ-সাহিত্যৰ। নানা দিশ আৰু অসমীয়া ব্ৰজাৱলী ভাষাৰ ঐতিহাসিক বিশ্লেষণো আগবঢ়াইছে। ১৯৮৫ চনত তেওঁ যোৰহাট চৰকাৰী উচ্চতৰ বহুমুখী বিদ্যালয়ৰপৰা অৱসৰ গ্ৰহণ কৰে।[3] সাহিত্যৰাজিঅসমীয়া ভাষাত
হিন্দী ভাষাত
সম্পাদনা
তথ্যসূত্ৰলগতে চাওক |
Portal di Ensiklopedia Dunia