মহাৰথী হ’ল অসমীয়া সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱৰদ্বাৰা ৰচিত এখন উপন্যাস। মহাৰথীক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ জীৱনৰ শ্ৰেষ্ঠ সাহিত্য-কৃতি বুলি গণ্য কৰা হয়।[1] ‘মহাৰথী’ শব্দৰ অৰ্থ হৈছে মহান যোদ্ধা।
লেখকৰ পৰিচয়
চন্দ্ৰপ্ৰসাদ শইকীয়া (জন্ম: ১৯২৭ – মৃত্যু: ২০০৬) হৈছে এজন অসমীয়া গল্পকাৰ আৰু ঔপন্যাসিক। কলিকতা বিশ্ববিদ্যালয়ৰ ইংৰাজী বিষয়ত এম.এ. শইকীয়াই সাংবাদিকতাক বৃত্তি হিছাপে গ্ৰহণ কৰি কৰ্মজীৱনৰ পাতনি মেলিছিল। এখন অসমীয়া তিনিদিনীয়া আৰু এখন দৈনিক কাকতৰ প্ৰতিষ্ঠাপক-সম্পাদক চন্দ্ৰপ্ৰসাদ শইকীয়াই অসম প্ৰকাশন পৰিষদৰ সচিব হিছাপে সফলতাৰে কাৰ্যনিৰ্বাহ কৰে। এই উপন্যাসৰ বাবে তেখেতে সাহিত্য অকাডেমি বঁটা[2] আৰু ২০০২ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। অসমীয়া সাহিত্যৰ ধাৰাবাহিক প্ৰবাহ ৰক্ষা কৰি চন্দ্ৰপ্ৰসাদ শইকীয়াই "অসমীয়া", "প্ৰকাশ" আৰু "গৰীয়সী" কাকতৰ সম্পাদনাৰে মৃত্যু পৰ্যন্ত বিশেষ ভূমিকা পালন কৰি গৈছিল। তেখেতে ১৯৯৯ আৰু ২০০০ চনত অসম সাহিত্য সভাৰ সভাপতিৰ পদো অলংকৃত কৰিছিল।[3]
কাহিনীৰ সাৰাংশ
মহাৰথীৰ কাহিনী ভাৰতীয় মহাকাব্য মহাভাৰতৰ ওপৰত আধাৰিত। ইয়াৰ মুখ্য চৰিত্ৰ হৈছে মহাবীৰ কৰ্ণ। কৰ্ণ আছিল সূৰ্য্য আৰু কুন্তীৰ সন্তান। এজন নিপুণ যোদ্ধা হোৱাৰ উপৰিও দয়ালু আৰু দানশীল স্বভাৱৰ বাবেও কৰ্ণ জনাজাত আছিল। প্ৰকৃত পিতৃ-মাতৃৰ পৰিচয় গোপন হৈ থকাৰ বাবে ‘সূত-পুত্ৰ’ বুলি জীৱনকালত কৰ্ণ পদে পদে লাঞ্ছনাৰ সম্মুখীন হৈছিল। মহাভাৰতৰ যুদ্ধত কৌৰৱৰ হৈ যুঁজ দিয়া কৰ্ণৰ নিজৰেই অৰ্দ্ধ-ভ্ৰাতৃ অৰ্জুনৰ হাতত শোকাবহ মৃত্যু ঘটিছিল।
গ্ৰন্থ পৰ্যালোচনা
কৰ্ণৰ মানৱীয়তা আৰু মৰ্মন্তদ জীৱনৰ কাহিনী চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে মহাৰথীত কুশলী ভাষাৰে হৃদয়স্পৰ্শীভাৱে প্ৰকাশ কৰিছে।[4] এক নতুন আংগিকৰ উপন্যাস হিচাপে ই অসমীয়া সাহিত্যৰ জগতত ব্যৱসায়িক দিশতো সফল আছিল।[5]
বঁটা
১৯৯৫ চনত এই উপন্যাসৰ বাবে চন্দ্ৰপ্ৰসাদ শইকীয়াই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
অভিযোজন
ইতিমধ্যে এই উপন্যাসখন বিভিন্ন ভাৰতীয় ভাষালৈ অনূদিত হৈছে আৰু ইয়াৰ নাট্যৰূপো দিয়া হৈছে।
তথ্যসূত্ৰ
|
---|
| ১৯৫৫-১৯৭০ | |
---|
| ১৯৭১-১৯৯০ |
– (১৯৭১)
চৈয়দ আব্দুল মালিক (অঘৰী আত্মাৰ কাহিনী, ১৯৭২)
– (১৯৭৩)
সৌৰভ কুমাৰ চলিহা (গোলাম, ১৯৭৪)
নৱকান্ত বৰুৱা (ককাদেউতাৰ হাড়, ১৯৭৫)
ভবেন্দ্ৰ নাথ শইকীয়া (শৃংখল, ১৯৭৬)
আনন্দ চন্দ্ৰ বৰুৱা (বকুল বনৰ কবিতা, ১৯৭৭)
হোমেন বৰগোহাঞি (পিতা-পুত্ৰ, ১৯৭৮)
ভবেন বৰুৱা (সোণালী জাহাজ, ১৯৭৯)
যোগেশ দাস (পৃথিৱীৰ অসুখ, ১৯৮০)
নীলমণি ফুকন (কবিতা, ১৯৮১)
মামণি ৰয়ছম গোস্বামী (মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, ১৯৮২)
নিৰ্মলপ্ৰভা বৰদলৈ (সুদীৰ্ঘ দিন আৰু ঋতু, ১৯৮৩)
দেবেন্দ্ৰ নাথ আচাৰ্য (জংগম, ১৯৮৪)
কৃষ্ণকান্ত সন্দিকৈ (কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ, ১৯৮৫)
তীৰ্থনাথ শৰ্মা (বেণুধৰ শৰ্মা, ১৯৮৬)
হৰেকৃষ্ণ ডেকা (আন এজন, ১৯৮৭)
লক্ষ্মীনন্দন বৰা (পাতাল ভৈৰৱী, ১৯৮৮)
হীৰেন গোহাঁই (অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, ১৯৮৯)
স্নেহ দেৱী (স্নেহ দেৱীৰ একুঁকি গল্প, ১৯৯০) |
---|
| ১৯৯১-২০১০ |
অজিৎ বৰুৱা (ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য, ১৯৯১)
হীৰেন ভট্টাচাৰ্য (শইচৰ পথাৰ মানুহ, ১৯৯২)
কেশৱ মহন্ত (মোৰো যে কিমান হেঁপাহ, ১৯৯৩)
শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী) (মধুপুৰ বহুদূৰ, ১৯৯৪)
চন্দ্ৰপ্ৰসাদ শইকীয়া (মহাৰথী, ১৯৯৫)
নিৰুপমা বৰগোহাঞি (অভিযাত্ৰী, ১৯৯৬)
নগেন শইকীয়া (আন্ধাৰত নিজৰ মুখ, ১৯৯৭)
অৰুণ শৰ্মা (আশীৰ্বাদৰ ৰং, ১৯৯৮)
মেদিনী চৌধুৰী (বিপন্ন সময়, ১৯৯৯)
অপূৰ্ব শৰ্মা (বাঘে টাপুৰ ৰাতি, ২০০০)
মহিম বৰা (এধানী মাহীৰ হাঁহি, ২০০১)
নলিনীধৰ ভট্টাচাৰ্য (মহৎ ঐতিহ্য, ২০০২)
বীৰেশ্বৰ বৰুৱা (অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা, ২০০৩)
হীৰেন্দ্ৰ নাথ দত্ত (মানুহ অনুকুলে, ২০০৪)
য়েছে দৰজে ঠংচি (মৌন ওঁঠ মুখৰ হৃদয়, ২০০৫)
অতুলানন্দ গোস্বামী (চেনেহ জৰীৰ গাঁথি, ২০০৬)
পূৰবী বৰমুদৈ (শান্তনুকুলনন্দন, ২০০৭)
ৰীতা চৌধুৰী (দেও লাংখুই, ২০০৮)
ধ্ৰুৱজ্যোতি বৰা (কথা ৰত্নাকৰ, ২০০৯)
কেশদা মহন্ত (অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি, ২০১০) |
---|
| ২০১১-বৰ্তমান |
কবীন ফুকন (এই অনুৰাগী এই উদাস, ২০১১)
চন্দনা গোস্বামী (পাটকাইৰ ইপাৰে মোৰ দেশ, ২০১২)
ৰবীন্দ্ৰ সৰকাৰ (ধূলিয়ৰি ভৰিৰ সাঁচ, ২০১৩)
অৰূপা কলিতা পটংগীয়া (মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা, ২০১৪)
কুল শইকীয়া (আকাশৰ ছবি আৰু অন্যান্য গল্প, ২০১৫)
জ্ঞান পূজাৰী (মেঘমালাৰ ভ্ৰমণ, ২০১৬)
জয়ন্ত মাধৱ বৰা (মৰিয়াহোলা, ২০১৭)
সনন্ত তাঁতি (কাইলৈৰ দিনটো আমাৰ হ'ব, ২০১৮)
জয়শ্ৰী গোস্বামী মহন্ত (চাণক্য, ২০১৯)
অপূৰ্ব কুমাৰ শইকীয়া (বেংছতা, ২০২০)
অনুৰাধা শৰ্মা পূজাৰী (ইয়াত এখন অৰণ্য আছিল, ২০২১)
মনোজ কুমাৰ গোস্বামী (ভুল সত্য, ২০২২)
প্ৰণৱজ্যোতি ডেকা(ড॰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প, ২০২৩) |
---|
|
|