লক্ষ্মীনাথ ফুকন |
---|
লক্ষ্মীনাথ ফুকন | জন্ম |
জানুৱাৰী, ১৮৯৭ চকিয়ালচুক, দেৰগাওঁ, অসম |
---|
মৃত্যু |
১৯৭৫ চন |
---|
পিতৃ-মাতৃ |
কাৰ্তিকচন্দ্ৰ (পিতৃ) |
লক্ষ্মীনাথ ফুকন (১৮৯৭–১৯৭৫) এগৰাকী সাংবাদিক আৰু সাহিত্যিক। ১৯১৫ চনৰ পৰা ১৯৬৪ চনলৈ লক্ষ্মীনাথ ফুকন অসমৰ সংবাদ জগতৰ সৈতে জড়িত হৈ আছিল। সাহিত্যিক হিচাপেও লক্ষ্মীনাথ ফুকনৰ অৱদান উল্লেখনীয়। ১৯১৮ চনতে প্ৰকাশ পোৱা 'মালা' শীৰ্ষক ছটা গল্পৰ সংকলনেৰে সাহিত্য জগতত খোজ দিছিল। ১৯৬৯ চনত প্ৰকাশিত 'মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ' শীৰ্ষক জীৱনীমূলক গ্ৰন্থখনিৰ বাবে ১৯৭১ চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়।[1]
জন্ম
ফুকনৰ জন্ম হৈছিল ১৮৯৪ চনৰ ২৯ জানুৱাৰী (১৬ মাঘ)ত, দেৰগাঁৱত। পিতৃ কাৰ্তিক চন্দ্ৰ আৰু ককাদেউতাক নাৰায়ণ ফুকন আৰু মাকৰ নাম দশমী। নাৰায়ণ ফুকনে চিপাহী বিদ্ৰোহৰ সময়ত মণিৰাম দেৱানক সহযোগ কৰাৰ অপৰাধত চৰকাৰে তেওঁৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰে। দেউতাক ফাটেকলৈ যোৱাত কাৰ্তিক চন্দ্ৰ ফুকন দেৰগাঁৱৰ মোমায়েকৰ ঘৰলৈ আহে[2] আৰু তাতেইবসতি স্থাপন কৰে।
প্ৰাৰম্ভিক জীৱন
লক্ষ্মীনাথ ফুকনৰ আজোককাক জুৰণ ফুকনে আহোম ৰজাৰ পৰা 'ফুকন' উপাধি লাভ কৰিছিল। বেণুধৰ শৰ্মাৰ মতে- "জুৰণ ফুকনে মান খেদাত সহায় কৰাৰ কাৰণে গোলাঘাটৰ কাকডোঙাৰ ওচৰত গবৰ্ণমেণ্টৰ পৰা নিষ্কৰ খাত এখন ভোগ কৰিবলৈ পাইছিল। আজিও সেইখন 'মানখাত' নামেৰে প্ৰসিদ্ধ হৈ আছে। প্ৰশাসনীয় কৰ্মত সুদক্ষ দেখি, এওঁলোকৰ পৰিয়ালে চৰকাৰী কামত সদায় প্ৰথম বাছনি লাভ কৰিব বুলি চৰকাৰে এখন 'চনদ' দিছিল। জুৰণ গোলাঘাটৰ নাঙলৰটুপ মৌজাৰ মৌজাদাৰ আছিল। তেওঁৰ সাধনীদাৰ আছিল বাপাৰাম, মহৰী বাপুটি, টেকেলা লুকী আৰু বলো। মৌজাটোৰ মাটিকালি আছিল ১৩৩২ পুৰা ৩ হালিছা ১৭ লোচা।" [3]পিতামহ নাৰায়ণ বৰবৰাই মণিৰাম দেৱানৰ লগত ইংৰাজ বিৰোধী আন্দোলনত যোগ দিয়া হেতুকে কাৰাবাস বৰণ কৰিবলগীয়া হৈছিল। লক্ষ্মীনাথ ফুকনে ১৯০৫ চনত দেৰগাঁও বেজবৰুৱা স্কুলত নাম ভৰ্তি কৰিছিল। দেৰগাঁও বেজবৰুৱা বিদ্যালয়ৰ পৰা ১৯১০ চনত গোলাঘাট বেজবৰুৱা হাইস্কুলত নামভৰ্তি কৰে। গোলাঘাটত প্ৰায় এবছৰকাল অধ্যয়ন কৰাৰ পাছত পুনৰ ১৯১১ চনত যোৰহাট গৱৰ্ণমেণ্ট হাইস্কুলত শিক্ষা গ্ৰহণ কৰে।[1]দেৰগাঁৱৰ 'বেজবৰুৱা ব্ৰাঞ্চ হাইস্কুল'ৰপৰা ১৯১৫ চনত প্ৰৱেশিকা পৰীক্ষা পাছ কৰাৰ পিছত কলিকতাৰ ৰিপন কলেজত ছমাহমান পঢ়ি দেৰগাঁৱলৈ উভতি আহে আৰু ব্ৰাঞ্চ হাইস্কুলত শিক্ষকতাৰ কাম আৰম্ভ কৰে।
কৰ্মজীৱন
ব্ৰাঞ্চ হাইস্কুলৰ শিক্ষকতা পদ ত্যাগ কৰি পাছলৈ এখেতে ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউটত শিক্ষকতা কৰিবলৈ লয়। সেই সময়তে ডিব্ৰুগড়ৰপৰা চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা প্ৰকাশিত অসমীয়া নামৰ কাকতৰ লগত জড়িত হয়। ডেৰ বছৰ পাছত কলিকতালৈ গৈ বলমা কোম্পানীত সোমায় আৰু তাৰ পৰাই সাংবাদিকতাৰ কামত ব্ৰতী হয়।
১৯১৯-২১ কালছোৱাত কলিকতাৰ অমৃত বাজাৰ পত্ৰিকাৰ লগত থাকে। ১৯২২ চনত ৰাধানাথ চাংকাকতীয়ে ডিব্ৰুগড়ৰ পৰা উলিওৱা টাইম্চ অৱ আছাম কাকতৰ উপ-সম্পাদক পদত যোগ দিয়ে। ১৯২২-২৪-ৰ সময়চোৱাত সেই কাকতৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে।
ইয়াৰ পাছত অসমীয়া, ফৰোৱাৰ্ড আৰু বাতৰি কাকতৰ লগত কিছুদিন জড়িত থাকি ১৯৩৮ চনত হিন্দুঃস্থান ষ্টেণ্ডাৰ্ড কাকতৰ সম্পাদক নিযুক্ত হয়।
১৯৩৯ চনত ৰাধাগোবিন্দ বৰুৱা আৰু সোমেশ্বৰ বৰুৱাৰ আমন্ত্ৰণ মতে তেতিয়াৰ ডিব্ৰুগড়ৰ সাদিনীয়া আছাম ট্ৰিবিউন কাকতৰ সম্পাদক হিচাপে যোগদান কৰে। গুৱাহাটীৰপৰা দৈনিক প্ৰকাশিত আছাম ট্ৰিবিউনৰ সম্পাদক ৰূপে ১৯৪৬ চনলৈ দায়িত্বভাৰ চম্ভালে।
ইয়াৰ পাছত মূলতঃ সাহিত্য চৰ্চাৰ কামত নিয়োজিত হৈ থাকে।
সাহিত্য কৰ্ম
লক্ষ্মীনাথ ফুকনে সাংবাদিকতাৰ মাজে মাজে সাহিত্য চৰ্চা অব্যাহত ৰাখিছিল। তেওঁৰ প্ৰথম গল্পপুথি “মালা’’ সম্পৰ্কে পণ্ডিত কৃষ্ণকান্ত সন্দিকৈয়ে কয়: মই কলিকতাত এম এ পঢ়োঁতে ফুকনৰ প্ৰথম গল্পৰ কিতাপ “মালা’’ ছপাই উলিয়াইছিলোঁ। কিতাপখন তেওঁ মোৰ নামতে উছৰ্গা কৰিছিল আৰু ইয়াৰ ছপা খৰচ মই বি এ পাছ কৰোঁতে পোৱা পোষ্টগ্ৰেজুৱেট বৃত্তিৰ পৰা বহন কৰিছিলোঁ। [2]
গল্প, কবিতা আৰু এখন উপন্যাস ৰচনা কৰাৰ উপৰিও এখেত কেইগৰাকীমান ব্যক্তিৰ ওপৰত লিখা আলোচনাত্মক ৰচনাৰ সংকলন 'মহাত্মাৰপৰা ৰূপকোঁৱৰলৈ' গ্ৰন্থৰবাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
- প্ৰকাশিত কাব্য পুথি: সোণালী সপোন (১৯৬২)
- গল্পৰ পুথি: মালা (১৯১৮), ওফাইডাং (১৯৫৩), মৰমৰ মাধুৰী (১৯৬৩) আৰু 'আশাত উৎফুল্ল প্ৰাণ'।
- উপন্যাস: জহৰা।
- ব্যক্তিভিত্তিক আলোচনাত্মক ৰচনা: মহাত্মাৰপৰা ৰূপকোঁৱৰলৈ।
স্বীকৃতি আৰু সন্মান
মৃত্যু
১৯৭৫ চনত লক্ষ্মীনাথ ফুকনৰ মৃত্যু হয়।
তথ্য সংগ্ৰহ
- ↑ 1.0 1.1 সাংবাদিক লক্ষ্মীনাথ ফুকনৰ জীৱন আৰু সাহিত্য:দুগ্ধচন্দ্ৰ গোস্বামী,পৃষ্ঠা:২৬০-২৬৬(দিচে-দৰিয়া,স্মৃতিগ্ৰন্থ,অসম সাহিত্য সভাৰ একসপ্ততিতম দেৰগাঁও অধিৱেশন,হেমচন্দ্ৰ বৰুৱা ক্ষেত্ৰ ১,২,৩ আৰু ৪ ফেব্ৰুৱাৰী, ২০১১ খ্ৰীষ্টাব্দ)
- ↑ 2.0 2.1 বৰকটকী, উপেন্দ্ৰ (সম্পাদনা) (১৯৭৬). লক্ষ্মীনাথ ফুকন সোঁৱৰণী গ্ৰন্থ. অম্বিকাপদ চৌধুৰী, বাণী প্ৰকাশ. পৃষ্ঠা. ১৪.
- ↑ মণিৰাম দেৱান, পৃঃ ১৬৭, বেণুধৰ শৰ্মা।
- ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
- ↑ শিৱনাথ বৰ্মন, 'অসমীয়া জীৱনী অভিধান', চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, ১৯৯২, পৃ: ২৬৮-২৬৯
|
---|
| ১৯৫৫-১৯৭০ | |
---|
| ১৯৭১-১৯৯০ |
– (১৯৭১)
চৈয়দ আব্দুল মালিক (অঘৰী আত্মাৰ কাহিনী, ১৯৭২)
– (১৯৭৩)
সৌৰভ কুমাৰ চলিহা (গোলাম, ১৯৭৪)
নৱকান্ত বৰুৱা (ককাদেউতাৰ হাড়, ১৯৭৫)
ভবেন্দ্ৰ নাথ শইকীয়া (শৃংখল, ১৯৭৬)
আনন্দ চন্দ্ৰ বৰুৱা (বকুল বনৰ কবিতা, ১৯৭৭)
হোমেন বৰগোহাঞি (পিতা-পুত্ৰ, ১৯৭৮)
ভবেন বৰুৱা (সোণালী জাহাজ, ১৯৭৯)
যোগেশ দাস (পৃথিৱীৰ অসুখ, ১৯৮০)
নীলমণি ফুকন (কবিতা, ১৯৮১)
মামণি ৰয়ছম গোস্বামী (মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, ১৯৮২)
নিৰ্মলপ্ৰভা বৰদলৈ (সুদীৰ্ঘ দিন আৰু ঋতু, ১৯৮৩)
দেবেন্দ্ৰ নাথ আচাৰ্য (জংগম, ১৯৮৪)
কৃষ্ণকান্ত সন্দিকৈ (কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ, ১৯৮৫)
তীৰ্থনাথ শৰ্মা (বেণুধৰ শৰ্মা, ১৯৮৬)
হৰেকৃষ্ণ ডেকা (আন এজন, ১৯৮৭)
লক্ষ্মীনন্দন বৰা (পাতাল ভৈৰৱী, ১৯৮৮)
হীৰেন গোহাঁই (অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, ১৯৮৯)
স্নেহ দেৱী (স্নেহ দেৱীৰ একুঁকি গল্প, ১৯৯০) |
---|
| ১৯৯১-২০১০ |
অজিৎ বৰুৱা (ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য, ১৯৯১)
হীৰেন ভট্টাচাৰ্য (শইচৰ পথাৰ মানুহ, ১৯৯২)
কেশৱ মহন্ত (মোৰো যে কিমান হেঁপাহ, ১৯৯৩)
শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী) (মধুপুৰ বহুদূৰ, ১৯৯৪)
চন্দ্ৰপ্ৰসাদ শইকীয়া (মহাৰথী, ১৯৯৫)
নিৰুপমা বৰগোহাঞি (অভিযাত্ৰী, ১৯৯৬)
নগেন শইকীয়া (আন্ধাৰত নিজৰ মুখ, ১৯৯৭)
অৰুণ শৰ্মা (আশীৰ্বাদৰ ৰং, ১৯৯৮)
মেদিনী চৌধুৰী (বিপন্ন সময়, ১৯৯৯)
অপূৰ্ব শৰ্মা (বাঘে টাপুৰ ৰাতি, ২০০০)
মহিম বৰা (এধানী মাহীৰ হাঁহি, ২০০১)
নলিনীধৰ ভট্টাচাৰ্য (মহৎ ঐতিহ্য, ২০০২)
বীৰেশ্বৰ বৰুৱা (অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা, ২০০৩)
হীৰেন্দ্ৰ নাথ দত্ত (মানুহ অনুকুলে, ২০০৪)
য়েছে দৰজে ঠংচি (মৌন ওঁঠ মুখৰ হৃদয়, ২০০৫)
অতুলানন্দ গোস্বামী (চেনেহ জৰীৰ গাঁথি, ২০০৬)
পূৰবী বৰমুদৈ (শান্তনুকুলনন্দন, ২০০৭)
ৰীতা চৌধুৰী (দেও লাংখুই, ২০০৮)
ধ্ৰুৱজ্যোতি বৰা (কথা ৰত্নাকৰ, ২০০৯)
কেশদা মহন্ত (অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি, ২০১০) |
---|
| ২০১১-বৰ্তমান |
কবীন ফুকন (এই অনুৰাগী এই উদাস, ২০১১)
চন্দনা গোস্বামী (পাটকাইৰ ইপাৰে মোৰ দেশ, ২০১২)
ৰবীন্দ্ৰ সৰকাৰ (ধূলিয়ৰি ভৰিৰ সাঁচ, ২০১৩)
অৰূপা কলিতা পটংগীয়া (মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা, ২০১৪)
কুল শইকীয়া (আকাশৰ ছবি আৰু অন্যান্য গল্প, ২০১৫)
জ্ঞান পূজাৰী (মেঘমালাৰ ভ্ৰমণ, ২০১৬)
জয়ন্ত মাধৱ বৰা (মৰিয়াহোলা, ২০১৭)
সনন্ত তাঁতি (কাইলৈৰ দিনটো আমাৰ হ'ব, ২০১৮)
জয়শ্ৰী গোস্বামী মহন্ত (চাণক্য, ২০১৯)
অপূৰ্ব কুমাৰ শইকীয়া (বেংছতা, ২০২০)
অনুৰাধা শৰ্মা পূজাৰী (ইয়াত এখন অৰণ্য আছিল, ২০২১)
মনোজ কুমাৰ গোস্বামী (ভুল সত্য, ২০২২)
প্ৰণৱজ্যোতি ডেকা(ড॰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প, ২০২৩) |
---|
|
|