আনন্দ চন্দ্ৰ আগৰৱালা
আনন্দ চন্দ্ৰ আগৰৱালা (ইংৰাজী: Ananda Chandra Agarwala) (১৮৭৪-১৯৪০) এজন প্ৰসিদ্ধ কবি, অনুবাদক, প্ৰশাসক, ইতিহাসবিদ আৰু লিখক আছিল[2]। জোনাকী যুগৰ অসমীয়া লেখকসকলৰ ভিতৰত এখেত অন্যতম। তেখেতক ‘ভাঙনি কোঁৱৰ’ নামেৰেও জনা যায়। আগৰৱালা দেৱে ১৯১৬ চনত ৰায়চাহাব উপাধি আৰু ১৯২১ চনত ৰায়বাহাদুৰ উপাধি লাভ কৰিছিল। তেওঁ তেজপুৰ পৌৰসভাৰ সভাপতি আছিল। ছাত্ৰ অৱস্থাতে তেওঁ কেইজনমান বন্ধুৰ লগলাগি "ধৰ্ম সঙ্গীত" নামে পুথি ৰচনা কৰিছিল। ১৯০৬ চনত তেওঁ "পুলিচ মেনুৱেল" ৰচনা কৰিছিল[2]। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বিশেষ অৱদানৰ কাৰণে তেখেতক ১৯৩৪ চনত মঙ্গলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। তেওঁ অসমীয়া ভাষা উন্নতি সাধনী সভাৰ এজন সক্ৰিয় সদস্য আছিল আৰু জোনাকী কাকতৰ নিয়মীয়া লিখক আছিল।[3] জন্ম আৰু শিক্ষা১৮৭৪ চনত অসমৰ পূৰ্বৰ শোণিতপুৰ জিলা আৰু বৰ্তমান বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ মহকুমাৰ বৰঙাবাৰীত তেখেতৰ জন্ম হৈছিল[4]। পিতৃৰ নাম আছিল কাশীৰাম আগৰৱালা। বৰঙাবাৰী পাঠশালা আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা সাং কৰি তেখেতে কলিকতা মেট্ৰ’প’লিটান কলেজৰপৰা এফ এত উচ্চ শিক্ষা গ্ৰহণ কৰে। কলিকতাত থকা অৱস্থাত তেওঁ অসমীয়া ভাষা উন্নতি সাধনী সভাৰ এজন সক্ৰিয় সদস্য হয় আৰু জোনাকী কাকতত নিয়মীয়া লিখিবলৈ লয়। সাহিত্য চৰ্চাৰ কামত লাগি থাকি তেওঁৰ পঢ়া আধৰুৱা হয় আৰু বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নোলোৱাকৈয়ে ঘৰলৈ উভতি আহে। কৰ্মজীৱনশিৱসাগৰৰ বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰে চাকৰি জীৱনৰ পাতনি মেলি তেখেতে পিছলৈ ছাব-ইন্সপেক্টৰ, ইন্সপেক্টৰ, শিলচৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ, গুৱাহাটী আৰু ডিব্ৰুগড়ৰ সহ আৰক্ষী অধীক্ষক আদি পদত কাৰ্য্যনিৰ্বাহ কৰে। ১৯৩০ চনত আৰক্ষী অধীক্ষকৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। ইয়াৰ মাজতে তেখেতে জোনাকী আৰু বিজুলী আলোচনীৰ লগত জড়িত হৈ পৰে আৰু অসমীয়া সাহিত্য ক্ষেত্ৰত প্ৰভুত বৰঙণি যোগায়। ১৯৩৪ চনত অসম সাহিত্য সভাৰ মঙ্গলদৈ অধিবেশনত আগৰৱালাদেৱে সভাপতিত্ব কৰিছিল[5][6]। সাহিত্যিক জীৱনজোনাকীৰ পাতত আনন্দ চন্দ্ৰ আগৰৱালাৰ সাহিত্যিক তথা কাব্যিক চেতনা বিকাশ হ’লেও প্ৰকৃততে স্কুলত শিক্ষা গ্ৰহণ কৰি থকাৰ সময়তেই ছাত্ৰ সকলে গঢ়ি তোলা এক বৈঠকত মাধৱ চন্দ্ৰ বৰদলৈয়ে সভাপতিৰ দায়িত্ব ৰূপায়ন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে এই সভাতেই আনন্দ চন্দ্ৰ আগৰৱালাই নিজে ৰচিত ‘নৱবৰ্ষ’ আৰু ‘অসম’ নামৰ দুটা কবিতা পাঠ কৰিছিল। তেতিয়াৰ পৰাই তেওঁ কেতিয়াও থমকি ৰ’ব লগা হোৱা নাই। এক সাংস্কৃতিক তথা বৌদ্ধিক পৰিৱেশত ডাঙৰ হোৱা আনন্দ চন্দ্ৰ আগৰৱালাৰ জীৱনত মাতৃৰ প্ৰভাৱ আছিল অপৰিসীম। তেওঁৰ ধৰ্মপ্ৰাণ মাতৃয়েই হ’ল আনন্দ চন্দ্ৰ আগৰৱালাৰ আদি গুৰু। মৃত্যু১৯৪০ চনৰ ১৬ ডিচেম্বৰত তেজপুৰত আগৰৱালাদেৱৰ দেহাৱসান ঘটে। সাহিত্যকৰ্মতেখেতৰ প্ৰকাশিত পুথিসমূহ হৈছে-
আনহাতে "কোমল পাঠ" (১৯১০) আৰু "অসমীয়া আদি পাঠ" (১৯২০), তেখেতে ৰচনা কৰা দুখন পাঠ্যপুথি[2]। কবিতা সংকলন
অপ্ৰকাশিত সাহিত্য কৰ্মৰ ভিতৰত পদুমণি, জনক জীয়ৰী, অৰুন্ধতী আদি অন্যতম। বিদেশী কবিতা অনুবাদ কৰি জাতে-পাতে অসমীয়া কৰি তোলাত তেখেতৰ ব্যুৎপত্তিৰ বাবে তেখেতক ‘ভাঙনি কোঁৱৰ’ বুলি অভিহিত কৰা হয়[2]। তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia