জোনাকী (আলোচনী)এই প্ৰবন্ধটো অসমীয়া ভাষাৰ আলোচনীখনৰ বিষয়ে। আন ব্যৱহাৰৰ বাবে জোনাকী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চাওক।
জোনাকী (ইংৰাজী: Jonaki) অসমীয়া আলোচনী সাহিত্যৰ পথপ্ৰদৰ্শক। ১৮৮৯ চনৰ ৯ ফেব্ৰুৱাৰীত পোনপ্ৰথমবাৰৰ বাবে এই আলোচনী চন্দ্ৰ কুমাৰ আগৰৱালাৰ সম্পাদনাত কলিকতাৰ পৰা প্ৰকাশ কৰা হয়।[1][2][3][4] 'জোনাকী'ৰ মাধ্যমেৰেই পোনপ্ৰথমবাৰৰ বাবে পশ্চিমীয়া সাহিত্যৰ আৰ্হিৰে অসমীয়া সাহিত্যৰ বিভিন্ন দিশ উন্মোচিত হৈ উঠে। জোনাকী আছিল ‘অসমীয়া ভাষা উন্নতি সাধনী সভা’ৰ মুখপত্ৰ। ইয়াৰ দ্বিতীয় সম্পাদক আছিল হেমচন্দ্ৰ গোস্বামী। পাছলৈ সত্যনাথ বৰা আৰু কনকলাল বৰুৱাৰ সম্পাদনাত গুৱাহাটীৰ পৰা জোনাকী প্ৰকাশ হয়। জোনাকীৰ পাততে চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম ৰোমাণ্টিক কবিতা ‘বন কুঁৱৰী’, হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া চনেট ‘প্ৰিয়তমাৰ চিঠি’ প্ৰকাশ হয়। লক্ষ্মীনাথ বেজবৰুৱাই 'লিতিকাই' প্ৰহসনৰ মাধ্যমেৰে প্ৰথম সাহিত্য সৃষ্টি কৰে আৰু ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ শিতান আৰম্ভ কৰিছিল। অসমীয়া ভাষা-সাহিত্যৰ বিকাশত জোনাকীৰ অৰিহণা অনস্বীকাৰ্য। এই আলোচনীখন ১৮৮৯ চনৰ পৰা ১৯০৩ চনলৈকে চলি আছিল, এই সময়ছোৱাক অসমীয়া সাহিত্যৰ জোনাকী যুগ বুলি কোৱা হয়।[1][2] ইতিহাস১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হোৱাৰ পিছত তেওঁলোকে এখন মাহেকীয়া অসমীয়া আলোচনী উলিয়াবলৈ মন মেলে। কিন্তু সভাৰ সকলো সদস্য ছাত্ৰ হোৱা বাবে আৰ্থিক সমস্যাই দেখা দিয়ে। তেতিয়া ধনী ব্যৱসায়ী পৰিয়ালৰ ল'ৰা চন্দ্ৰ কুমাৰ আগৰৱালা পইছা-পাতিৰে সহায় কৰিবলৈ আগবাঢ়ি আহে আৰু আলোচনীখনক "জোনাকী" নাম দিয়া হয়[5]। আগৰৱালা সংগঠনটোৰ সদস্য হোৱাৰ লগতে প্ৰেচিডেন্সী কলেজৰ এফ. এ. ছাত্ৰ আছিল। তেখেতে আলোচনীখনৰ ছপা আৰু সম্পাদনাৰ বাবে দুটা চৰ্ত আগবঢ়ায়:
এই দুটা চৰ্ত পূৰণ নকৰা সদস্যক ১৫ টকা জৰিমনা বিহা হ'ব। সভাই চৰ্ত দুটা মানি লোৱাত আলোচনীখনৰ প্ৰথম সংখ্যা প্ৰকাশ পায়। প্ৰকাশৰ প্ৰকৃত তাৰিখ গম পোৱা নাযায় কাৰণ আলোচনীখনত কেৱল অসমীয়া মাহ 'মাঘ' আৰু ১৮৮৯ চন বুলি উল্লেখ কৰা হৈছিল। কিন্তু তাৰিখটো ৯ ফেব্ৰুৱাৰী, ১৮৮৯ চন বুলি ভবা হয়। আলোচনীখন ১৮৯৮ চনলৈকে প্ৰকাশ হৈ থাকে।[3] তাৰপিছত ১৯০১ চনৰ পৰা [গুৱাহাটী]]ত আলোচনীখন প্ৰকাশ পায় আৰু 1903 চনলৈকে চলি থাকে।[3][6] গুৱাহাটী সংস্কৰণৰ সম্পাদক আছিল সত্যনাথ বৰা আৰু কনকলাল বৰুৱা। লক্ষ্য আৰু উদ্দেশ্য
আলোচনীখনৰ এটা বিশেষত্ব আছিল যে ইয়াত কোনো সম্পাদকীয় প্ৰকাশ নহৈছিল। তাৰ সলনি ইয়াত "আত্মকথা" নামৰ এটা নিয়মীয়া ওলাইছিল য'ত আলোচনীখনৰ তথা সমাজখনৰ লক্ষ্য প্ৰকাশ কৰা হৈছিল।[3] আলোচনীখনৰ প্ৰথম সংখ্যাৰ সেই শিতানত প্ৰকাশ পোৱা লক্ষ্য আৰু উদ্দেশ্য এনেধৰণৰ আছিল:[3][আলোচনা পৃষ্ঠা চাওক]
"জোনাকী" যুগ"জোনাকী" আলোচনীয়ে অসমীয়া সাহিত্যত ৰোমাণ্টিকতাবাদৰ সূচনা কৰে। চন্দ্ৰকুমাৰ আগৰৱালাই লিখা প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা "বন কুঁৱৰী" আৰু হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া ছনেট "প্ৰিয়তমৰ চিঠি" জোনাকীতে প্ৰকাশ পাইছিল। হেমচন্দ্ৰ গোস্বামীৰ "কাকো আৰু হিয়া নিবিলাওঁ" এটা অন্য সোৱাদৰ কবিতা আছিল। লক্ষ্মীনাথ বেজবৰুৱাই লিখা "কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা" নামৰ এলানি খুহুতীয়া ৰচনাও নিয়মীয়াকৈ প্ৰকাশ পাইছিল। কমলাকান্ত ভট্টাচাৰ্য্যৰ "পাহৰণি" আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ "নিয়ৰ" আছিল প্ৰথম সংখ্যাত প্ৰকাশ পোৱা আন দুটা উল্লেখযোগ্য অসমীয়া কবিতা। এওঁলোকৰ সমূহীয়া প্ৰচেষ্টাত অসমীয়া সাহিত্যত "জোনাকী যুগ" বুলি এটা নতুন যুগৰ সৃষ্টি হয়। অৰুণোদইৰ লেখকসকলে প্ৰধানকৈ গদ্যৰ আশ্ৰয় লৈছিল, কিন্তু "জোনাকী"ৰ কবিসকল আৰু তেওঁলোকৰ সমসাময়িক কবিসকলৰ চেষ্টাত অসমীয়া সাহিত্যত কবিতাৰ গুৰুত্ব বাঢ়ি আহে।[4] আলোচনীখনৰ লগত জড়িত লোকআলোচনীখনৰ লগত জড়িত উল্লেখযোগ্য ব্যক্তিসকল আছিল:[4]
সংখ্যা১৮৮৯-১৮৯৮ চনৰ ভিতৰত "জোনাকী"ৰ প্ৰকাশ হোৱা সংখ্যা আছিল ৬৯ খন।[3][1]
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|