আমাৰ অসম
আমাৰ অসম (ইংৰাজী: Amar Asom অথবা Aamar Asom) হৈছে এখন অসমীয়া ভাষাৰ দৈনিক বাতৰি কাকত। এই কাকতখনৰ প্ৰকাশক হ’ল জি. এল. পাব্লিকেশ্বনছ লিমিটেড (G. L. Publications Ltd.)। ১৯৯৭ চনৰ ২১ এপ্ৰিলৰ পৰা[1] এই বাতৰি কাকতখন সমসাময়িকভাৱে গুৱাহাটী, যোৰহাট আৰু উত্তৰ লখিমপুৰৰ পৰা প্ৰকাশ পাই আহিছে। নতুন দিল্লী, কলকাতা, শ্বিলঙত ইয়াৰ শাখা কাৰ্যালয় আছে।[1] সমলএই কাকতখনে অসমক কেন্দ্ৰ কৰি সমগ্ৰ উত্তৰ পূব ভাৰতৰ বিষয়ে লগতে কিছু পৰিমাণে আন্তৰ্জাতিক বা-বাতৰি, আলোকচিত্ৰ আদি পৰিবেশন কৰি আহিছে। এই কাকতখনে ইণ্টাৰনেট সংস্কৰণো মুকলি কৰিছে। কাকতখনত সাধাৰণতে ১২ পৃষ্ঠা সন্নিবিষ্ট থাকে,[1] য’ত প্ৰত্যেক পৃষ্ঠা অনুসৰি বাতৰিৰ প্ৰকাৰবোৰ শ্ৰেণীকৰণ কৰা হয়। পৃষ্ঠাসমূহ সাধাৰণতে আঞ্চলিক বাতৰি, সম্পাদকীয় শিতান, সাহিত্য, আন্তৰ্জাতিক বাতৰি, খেল-জগত আদিৰ দৰে ভাগত বিভক্ত থাকে।[1] পৰিপূৰক সমূহমুখ্যত বাতৰি কাকতখনক বাহিৰেও, কাকতখনে সময়ে সময়ে কিছুমান পৰিপূৰকো প্ৰকাশ কৰি আহিছে, তাৰে কেইখনমান হৈছে
লগতে চাওকতথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|