উত্তৰ লখিমপুৰ
উত্তৰ লখিমপুৰ (ইংৰাজী: North Lakhimpur) হৈছে অসমৰ পূব প্ৰান্তত অৱস্থিত লখিমপুৰ জিলাৰ সদৰ ঠাই। ঠাইখন অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা প্ৰায় ৩৯৪ কি.মি. দূৰত্বত অৱস্থিত। লখিমপুৰ জিলাৰ সদৰ ঠাই এই চহৰখনৰ নামেৰেই জিলাখনৰ এটা মহকুমাৰ নাম দিয়া হৈছে। ভৌগোলিক অৱস্থানভৌগোলিকভাৱে উত্তৰ লখিমপুৰ ২৭° ১৩' ৬০ উ আৰু ৯৪° ৭' ০ পূ ত অৱস্থিত।[3] শিক্ষামহাবিদ্যালয়
বিদ্যালয়সমূহজনসংখ্যা২০০১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি,[4] উত্তৰ লখিমপুৰৰ মুঠ জনসংখ্যা আছিল ৫৪,২৬২ জন। জনসংখ্যাৰ আধাৰত ইয়াক দ্বিতীয় শ্ৰেণীৰ চহৰ হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে (৫০,০০০ৰ পৰা ৯৯,৯৯৯ জন)। ২০১১ চনৰ লোকপিয়ল অনুসৰি, ইয়াৰ জনসংখ্যা ১,০৫,৩৭৬ জন[উদ্ধৃতিৰ প্ৰয়োজন]। ইয়াত পুৰুষৰ সংখ্যা আছিল ৫৩% আৰু মহিলাৰ সংখ্যা ৪৭%। উত্তৰ লখিমপুৰৰ গড় সাক্ষৰতা হাৰ ৮৯% — যি ৰাষ্ট্ৰীয় গড় ৬৫%তকৈ অধিক; পুৰুষ সাক্ষৰতা হাৰ ৯০% আৰু মহিলা সাক্ষৰতা হাৰ ৮৭%। ইয়াত ৬ বছৰৰ তলৰ শিশুজনসংখ্যা ১৩%। ভাষাসৰ্বাধিক কোৱা ভাষা হৈছে অসমীয়া (৪০,৯৭২ জন), তাৰ পাছতে বাংলা (৯,৯৪২ জন), হিন্দী (৬,৩৮৩ জন) আৰু মিচিং (১,১৯৫ জন)। প্ৰশাসনলখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ২০২১ চনৰ পৰা শ্ৰী মানৱ ডেকা।[6][7] উত্তৰ লখিমপুৰক অৰুণাচলৰ দুৱাৰ বুলি কোৱা হয়। ই বায়ু, ৰাজপথ আৰু ৰেলপথেৰে সু-সংযোগিত। পথউত্তৰ লখিমপুৰ ৰাজপথেৰে ভালদৰে সংযোগিত। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ১৫ চহৰখনৰ জৰিয়তে গৈছে। অসম ৰাজ্যিক পৰিবহণ নিগমৰ লগতে ব্যক্তিগত বাহনৰ দ্বাৰা গুৱাহাটী আৰু অন্য দূৰৱৰ্তী স্থানলৈ এচি আৰু নন-এচি বাছ উপলব্ধ। ৰে'লউত্তৰ লখিমপুৰ ৰে'ল ষ্টেচন নকাৰীত অৱস্থিত। ই ৰঙিয়া–মুৰ্কঙচেলেক শাখা আৰু ৰঙিয়া ৰে'ল বিভাগৰ অন্তৰ্গত। ইণ্টাৰচিটি এক্সপ্ৰেছ (মুৰ্কঙচেলেক–কমাখ্যা) ৰঙিয়া, ৰঙাপাৰা, বিশ্বনাথ চাৰিআলি আদিৰে গুৱাহাটীৰ সৈতে সংযোগ কৰে। আন এটা ইণ্টাৰচিটি এক্সপ্ৰেছ (নাহাৰলগুন–গুৱাহাটী) হৰমুটিৰ পৰা গুৱাহাটীলৈ চলাচল কৰে। হৰমুটি ৰে'লৱে ষ্টেচন উত্তৰ লখিমপুৰৰ পৰা প্ৰায় ৩০ কিমি দূৰত অৱস্থিত। বায়ুপথলীলাবাৰী বিমানবন্দৰ চহৰৰ পৰা প্ৰায় ৮ kilometre (5.0 মাইল) দূৰত অৱস্থিত। ইয়াৰ পৰা কলকাতা আৰু গুৱাহাটীলৈ এলাইয়েন্স এয়াৰৰ বিমান সপ্তাহৰ ৪ দিন পৰ্যন্ত চলাচল কৰে। জলপথউত্তৰ লখিমপুৰৰ পৰা ব্ৰহ্মপুত্ৰ নদ পাৰ হৈ ডিব্ৰুগড়, শিৱসাগৰ আৰু যোৰহাট (মাজুলীৰ জৰিয়তে) জলপথেৰে ভ্ৰমণ কৰিব পাৰি। বগীবিল দলংৰ বাবে ডিব্ৰুগড়লৈ সৰল আৰু দ্ৰুত যাতায়াতৰ সুবিধা হৈছে। মিডিয়ালখিমপুৰত আকাশবাণী লখিমপুৰ নামেৰে আকাশবাণীৰ এটা সম্প্ৰচাৰ কেন্দ্ৰ আছে। এই কেন্দ্ৰৰ পৰা এফ.এম. বেণ্ডত অনুষ্ঠান প্ৰচাৰ কৰা হয়। মুদ্ৰিত সংবাদ মাধ্যমউত্তৰ লখিমপুৰৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ কিতাপৰ ভিতৰত আছে অসমীয়া প্ৰতিদিন আৰু আমাৰ অসম। প্ৰসিদ্ধ ব্যক্তি
তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia