নলবাৰী জিলাএই প্ৰবন্ধটো নলবাৰী জিলাৰ বিষয়ে। নলবাৰী জিলাৰ সদৰৰ বাবে নলবাৰী চাওক।
নলবাৰী (ইংৰাজী: Nalbari) অসমৰ এখন প্ৰশাসনিক জিলা। পূৰ্বতে কামৰূপ জিলাৰ মহকুমা হিচাপে চিহ্নিত নলবাৰীক ১৯৮৫ চনত জিলা হিচাপে ঘোষণা কৰা হয়। ভৌগোলিক বিৱৰণজিলাখনৰ মাটিকালি হৈছে ৯৯৯.৯০ বৰ্গ কিঃমিঃ।[1] ২০০১ চনৰ লোকপিয়ল মতে জিলাখনৰ মুঠ জনসংখ্যা ১১৩৮১৮৪ জন।[1][2] বাৰ্ষিক বৃষ্টিপাত হৈছে ১৫০০ মিঃমিঃ আৰু গড় আৰ্দ্ৰতা ৮০%। সমুদ্ৰপৃষ্ঠৰ পৰা জিলাখনৰ উচ্চতা ১০০০ ফুট।
জিলাখনৰ দক্ষিণ দিশেৰে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে। আনকেইখন প্ৰধান নৈ হ'ল পাগলদিয়া, নোনা, বৰলীয়া, বুঢ়াদিয়া, টিহু।[2] ইতিহাসপোন প্ৰথমতে নলবাৰী কামৰূপ জিলাৰ এক মহকুমা আছিল। ১৯৬৭ চনৰ ১ এপ্ৰিলত অসম চৰকাৰে নলবাৰীক মহকুমা ৰূপে প্ৰশাসনিক দয়িত্ব প্ৰদান কৰে। ১৯৮৫ চনৰ ১৪ আগষ্টৰ পৰা নলবাৰীক জিলা হিচাপে ঘোষণা কৰা হয়। নলবাৰী নামটোৰ উদ্ভৱ সন্দৰ্ভত বহুতো জনশ্ৰুতি আছে-
জন গাঁথনি২০১১ চনৰ লোকপিয়ল অনুসৰি নলবাৰী জিলাৰ জনসংখ্যা ৭৬৯,৯১৯ জন; ইয়াৰে পুৰুষ ৩৯৫,৮০৪ জন আৰু মহিলা ৩৭৪,১১৫ জনী। মহিলাৰ সংখ্যা প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৪৫ জনী। জন-ঘনত্ব প্ৰতি বৰ্গ কিঃমিঃত ৭৬৩ জন। দহ বছৰত জনসংখ্যা বৃদ্ধিৰ হাৰ ১১.৭৪%। শিক্ষিতৰ হাৰ ৭৩.৮৫%। প্ৰশাসনিক গাঁথনিনলবাৰী জিলা মাথোঁ এটা মহকুমাৰে গঠিত। সদৰ নলবাৰী। জিলাখনৰ উন্নয়ন খণ্ডসমূহ হ'লঃ বড়িগোগ বনভাগ, পূব নলবাৰী, বৰভাগ, বৰক্ষেত্ৰী, পশ্চিম নলবাৰী, মধুপুৰ, টিহু, টিহু বৰমা। জিলাখনত তিনিটা বিধানসভাৰ সমষ্টি আছে আৰু তিনিওটা সমষ্টি তিনিটা সুকীয়া সুকীয়া সংসদীয় সমষ্টিৰ অন্তৰ্গত।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia