হোজাই জিলা
হোজাই অসমৰ ৩৫খন জিলাৰ ভিতৰত নতুন জিলা। ১৫ আগষ্ট ২০১৫ চনত হোজাই জিলা গঠন কৰা হয়।[1] হোজাই নৱগঠিত হোজাই জিলাৰ সদৰ। নগাঁও জিলাৰ তিনিখন তহচিল হোজাই, ডবকা আৰু লংকাক একত্ৰিত কৰি হোজাই জিলা গঠন কৰা হয়। অসমীয়া এই অঞ্চলৰ চৰকাৰী ভাষা আৰু মেইতেই (মণিপুৰী) সহ-চৰকাৰী ভাষা।[2][3][4] নামৰ উৎপত্তিমধ্যযুগত হোজাই ডিমাছা-কছাৰী ৰাজ্যৰ অংশ আছিল। আহোম বুৰঞ্জীমতে, ডিমাছা-কছাৰী ৰাজ্য দিখৌ নদীৰ পৰা কলং নদী পৰ্যন্ত বিস্তৃত আছিল। হোজাইত বসবাসকাৰী ডিমাছা-কছাৰীসকল "হোজাই-কছাৰী" নামে জনাজাত আছিল। "হোজাই" ডিমাছা উপজাতিৰ এক বংশ বা গোষ্ঠী সম্ভৱত হোজাই নাম "হোজাই" গোষ্ঠীৰ নামৰ পৰা আহিছে। জনগাঁথনি২০১১ চনৰ লোকপিয়লমতে তিনিটা ৰাজহ চক্ৰ সংলগ্ন নৱগঠিত হোজাই জিলাৰ মুঠ জনসংখ্যা ৯,৩১,২১৮জন। তাৰে ভিতৰত ৪৯,৯৫৬৫জন মুছলমান আৰু ৪২,৪০৬৫জন হিন্দু। অৰ্থাৎ হোজাই জিলাৰ জনসংখ্যাৰ মুছলমানৰ শতকৰা হাৰ ৫৩.৬৫% আৰু হিন্দুৰ শতকৰা হাৰ ৪৫.৫৩%। ডবকা ৰাজহ চক্ৰৰ মুছলমানৰ জনসংখ্যাৰ শতকৰা হাৰ প্ৰায় ৮৭%। হোজাই জিলাৰ আন দুটা ৰাজহ চক্ৰ হিন্দুপ্ৰধান।[5] ২০০১ চনত বৰ্তমান হোজাই জিলাৰ জনসংখ্যা আছিল ৭৪,৪৭৯১জন; তাৰে ভিতৰত ৩৭,৪২০৫জন মুছলমান আৰু ৩৬,৫১৮০জন হিন্দু। অৰ্থাৎ হোজাই জিলাত হিন্দুৰ জনসংখ্যাৰ হাৰ আছিল ৪৯.০৩% আৰু মুছলমান আছিল ৫০.২৪%। হোজাই জিলাত ২০০১ চনৰ পৰা ২০১১ চনলৈ জনসংখ্যা ২৫.০৩% বৃদ্ধি হৈছে।
ৰাজনীতিহোজাই জিলাত তিনিটা বিধানসভা সমষ্টি আছে। এই কেইখন হ’ল—
হোজাই জিলা কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত। তথ্য সংগ্ৰহ
বহিসংযোগ
|