দিছপুৰ
দিছপুৰ /dɪsˈpʊər/,(ইংৰাজী: Dispur) অসমৰ কামৰূপ মহানগৰ জিলাত অৱস্থিত বৃহত্তৰ গুৱাহাটী মহানগৰৰ অন্তৰ্গত এটা নগৰাঞ্চল। ১৯৭৩ চনৰ পৰাই এই অঞ্চলটো অসমৰ ৰাজধানী হিচাপে পৰিগণিত হৈ আহিছে। অসম সচিবালয় আৰু অন্যান্য গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্য্যালয়সমূহ এই অঞ্চলত অৱস্থিত। ইতিহাসমেঘালয় গঠন হোৱাৰ পিছত ১৯৭৩ চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হয়। স্বাস্থ্য সেৱাদিছপুৰত বহুতো চিকিৎসালয় তথা স্বাস্থ্য প্ৰতিষ্ঠান আছে। সেইবোৰৰ ভিতৰত জি. এন. আৰ. চি. হস্পিটেল, ডাউনটাউন হস্পিটেল, দিছপুৰ হস্পিটেল, দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হোম, জি. এন. আৰ. চি. আউটপেইচেন্ট ক্লিনিক আৰু ৰাজধানী ৰাজ্যিক চিকিৎসালয় উল্লেখযোগ্য। যাতায়ত ব্যৱস্থাঅসম ট্ৰাংক ৰোড আৰু জি এছ ৰোড দিছপুৰৰ মাজেৰে পাৰ হৈ গৈছে। শিক্ষাদিছপুৰত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে। ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-
দিছপুৰ মহাবিদ্যালয় ১৯৭৮ চনত স্থাপিত কৰা হয় আনহাতে দিছপুৰ আইন মহাবিদ্যালয় ১৯৯৩ চনত প্ৰতিষ্ঠা হয়। ৰাজনীতিদিছপুৰ গুৱাহাটী (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত। [1] পৰ্যটনৰ স্থান
গুৰুত্বপূৰ্ণ কাৰ্য্যালয়
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia