লেহএই প্ৰবন্ধটো নগৰৰ বিষয়ে। একে নামৰ ঠাইৰ বাবে লেহ জিলা চাওক।
লেহ (ইংৰাজী: Leh) হৈছে ভাৰতীয় কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ গ্ৰীষ্ম ৰাজধানী আৰু আটাইতকৈ বৃহত্তম চহৰ। লেহ চহৰখন লেহ জিলাত অৱস্থিত। এই চহৰখন প্ৰায় ৩,৫২৪ মিটাৰ (১১,৫৬২ ফুট) উচ্চতাত অৱস্থিত। লেহ, ইয়াৰ সুন্দৰ প্ৰাকৃতিক দৃশ্য, চহকী সংস্কৃতি, ঐতিহাসিক কীৰ্তিচিহ্নৰ বাবে জনপ্ৰিয় পৰ্যটন স্থলী। ইতিহাসলেহৰ এক চহকী ইতিহাস দশম শতিকাৰ পৰাই আছে, যেতিয়া ই ভাৰত, তিব্বত আৰু চীনৰ মাজত বাণিজ্যৰ কেন্দ্ৰ আছিল। ইয়াৰ উপৰিও ১৯ শতিকাৰ মাজভাগলৈকে ডোগ্ৰা বাহিনীয়ে লাডাখক জম্মু-কাশ্মীৰ ৰাজ্যৰ লগত সংযুক্ত কৰি লৈছিল। ১ জুলাই ১৯৭৯ চনত লেহ জিলা আৰু কাৰ্গিল জিলা গঠন কৰা হৈছিল। ৩১ অক্টোবৰ ২০১৯ তাৰিখে লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা দিয়াত ঠাইখন জম্মু-কাশ্মীৰৰ সলনি লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ অধীনস্থ হয়।[1] লেহ যুগ যুগ ধৰি তিব্বত, কাশ্মীৰ, ভাৰত আৰু চীনৰ মাজত সিন্ধু উপত্যকাৰ কাষৰীয়া বাণিজ্যিক পথত গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল। কঢ়িয়াই অনা মূল সামগ্ৰীসমূহ আছিল নিমখ, শস্য, পশম বা কাশ্মীৰী উল, তাৰিম অৱবাহিকাৰ পৰা অহা চৰা বা ভাংৰ ৰেজিন, নীলা, ৰেচম সূতা আৰু বেনাৰস ব্ৰকেড। লেহ ৰাজপ্ৰসাদলেহ প্ৰসাদ নামেৰে জনাজাত এই ৰাজপ্ৰসাদটো ৰজা চেংগে নামগিয়ালে (১৬১২–১৬৪২ চনত) নিৰ্মাণ কৰিছিল। অনুমানিকভাৱে ১৬৩১ চনত পৰ্তুগীজ জেচুইট পুৰোহিত ফ্ৰান্সিস্কো ডি আজেভেডোৱে লেহ ভ্ৰমণ কৰাৰ সময়ছোৱাৰ মাজত, আৰু ইয়াৰ কোনো উল্লেখ কৰা নাছিল। ১৬৪২ চনত চেংগে নামগ্যালৰ মৃত্যু হৈছিল। ভূগোলএই চহৰখন সিন্ধু নদীৰ পাৰত অৱস্থিত। লেহৰ চাৰিওফালে থকা ভূ-প্ৰকৃতিত পাহাৰবোৰে আধিপত্য বিস্তাৰ কৰিছে, কাৰণ এই চহৰখন ৩৫০০ মিটাৰ উচ্চতাত আছে। নংগা চেগোৰ দৰে শৃংগ ৫৫০০ মিটাৰৰ বহু ওপৰলৈকে যাব পাৰে। প্ৰধান প্ৰৱেশ পথসমূহৰ ভিতৰত আছে ৪৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ শ্ৰীনগৰ-লেহ ঘাইপথ আৰু ৪২৮ কিলোমিটাৰ লেহ-মানালী ঘাইপথ। দুয়োটা পথ কেৱল ঋতু অনুসৰিহে খোলা থাকে। যদিও শীতকালত শ্ৰীনগৰ আৰু মানালীৰ পৰা অহা ৰাস্তাবোৰ প্ৰায়ে বৰফেৰে বন্ধ হৈ থাকে, তথাপিও সিন্ধু উপত্যকাৰ স্থানীয় পথবোৰ সাধাৰণতে খোলা থাকে কাৰণ বৰফ পৰাৰ পৰিমাণ কম হয়। কৃষিলেহ চহৰখনৰ গড় উচ্চতা প্ৰায় ৩৫০০ মিটাৰ, অৰ্থাৎ তাত বছৰি মাত্ৰ এটা শস্যহে খেতি কৰিব পৰা যায়। আনহাতে, লেহ জিলাৰ খালাৎচেত দুটা শস্য খেতি কৰিব পাৰি। লেহত মে’ মাহৰ শেষৰ পৰা শস্য ৰোপণ কৰাৰ সময়লৈকে খালাৎচেত শস্যৰ আধা খেতি হৈ যায়। ইয়াৰ মূল শস্যটো হৈছে যৱ, পোহনীয়া যৱৰ এটা প্ৰাচীন ৰূপ যাৰ খোলা আঁতৰোৱাটো সহজ। লাডাখৰ প্ৰধান খাদ্য ছাম্পা এই যৱৰ পৰাই তৈয়াৰ কৰা হয়। মুখ্য আকৰ্ষণ
যাতায়তলেহ ভাৰতৰ বাকী অংশৰ সৈতে দুটা সুউচ্চ পথেৰে সংযোগ হৈ আছে, দুয়োটা পথতে ভূমিস্খলন হয় আৰু শীতকালত বৰফৰ বাবে দুয়োটাৰে কোনোটোৱেই যাতায়তৰ কাৰণে সুচল নহয়। শ্ৰীনগৰৰ পৰা কাৰ্গিল হৈ ৰাষ্ট্ৰীয় ঘাইপথ ১ সাধাৰণতে বেছি দিনৰ কাৰণে খোলা থাকে। অতি ওখ পাছ আৰু মালভূমিৰ বাবে লেহ-মানালী ঘাইপথটো অসুবিধাজনক হ’ব পাৰে। যাতায়ত সুচল কৰিবলৈ তৃতীয়টো পথ নিৰ্মাণৰ কাম চলি আছে। এই ঠাইখন ৰাষ্ট্ৰীয় ঘাইপথ ১ ৰ জৰিয়তে দক্ষিণ-পশ্চিমে শ্ৰীনগৰ আৰু দক্ষিণে লেহ-মানালী ঘাইপথ (ৰাষ্ট্ৰীয় ঘাইপথ ৩ৰ অংশ)ৰ জৰিয়তে মানালীৰ সৈতে সংযুক্ত। বিমান বন্দৰলেহ কুশোক বাকুলা ৰিম্পোচি বিমানবন্দৰৰ পৰা দিল্লী, জম্মু, শ্ৰীনগৰ আৰু চণ্ডীগড়লৈ অহা-যোৱা কৰিব পাৰি। এয়াৰ ইণ্ডিয়া, গ’ ফাৰ্ষ্ট, ইণ্ডিগ’ আৰু ভিষ্টাৰাই দৈনিক দিল্লীৰ পৰা লেহলৈ চলাচল কৰে আৰু শীৰ্ষ সময়ত একাধিক বিমান সেৱা আগবঢ়ায়। ৰে'লপথবৰ্তমান লাডাখত কোনোধৰণৰ ৰে'ল সেৱা নাই যদিও দুটা ৰেʼলপথৰ প্ৰস্তাৱ দিয়া হৈছে: ভানুপ্লি–লেহ ৰে'লওয়ে লাইন আৰু শ্ৰীনগৰ–কাৰ্গিল–লেহ ৰে'লওয়ে লাইন।[2] সংবাদ মাধ্যম আৰু যোগাযোগচৰকাৰী মালিকানাধীন অল ইণ্ডিয়া ৰেডিঅ’ৰ লেহত এটা স্থানীয় ষ্টেচন আছে, য’ত বিভিন্ন অনুষ্ঠান প্ৰসাৰিত কৰা হয়। লেহ মুখ্য ডাকঘৰেও যোগাযোগৰ এক প্ৰধান মাধ্যম হিচাপে কাম কৰে। ২০২১ চনৰ ১৪ ডিচেম্বৰত লেহত লাডাখৰ প্ৰথমটো এফ এম ৰেডিঅ’ ষ্টেচন স্থাপন কৰা হয়।[3] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia