জয়পুৰ
জয়পুৰ ভাৰতৰ ৰাজস্থান ৰাজ্যৰ ৰাজধানী তথা বৃহত্তম চহৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি, ৩১ লাখ লোকৰ সৈতে ই ভাৰতৰ দশম আটাইতকৈ জনবহুল চহৰ। ইয়াক গোলাপী নগৰ (Pink City) বুলিও জনা যায় কাৰণ ইয়াৰ অধিকাংশ অট্টালিকাৰ ৰং গুলপীয়া। ভাৰতৰ ৰাজধানী নতুন দিল্লীৰ পৰা ইয়াৰ দূৰত্ব ২৬৮ কি:মি: (১৬৭ মাইল)। ১৭২৯ চনত আজমেৰৰ ৰাজপুত শাসক দ্বিতীয় জয় সিঙৰ দ্বাৰা জয়পুৰ চহৰ স্থাপন কৰা হয়, যাৰ নামত চহৰখনৰ নাম ৰখা হ'ল। ইয়াক আধুনিক নগৰ পৰিকল্পনাবিদসকলৰ দ্বাৰা সুপৰিকল্পিত আৰু সুসংগঠিত নগৰসমূহৰ মাজত গণ্য কৰা হয়। ইয়াৰ পৰিকল্পনা বিদ্যাধৰ ভট্টাচাৰ্যৰ দ্বাৰা কৰা হৈছে। ঔপনিৱেশিক কালত ই জয়পুৰ ৰাজ্যৰ ৰাজধানী হিচাপে কাম কৰিছে। ১৯৪৭ চনত স্বাধীনতাৰ পাছত ইয়াক নৱগঠিত ৰাজস্থান ৰাজ্যৰ ৰাজধানী চহৰ কৰা হয়। জয়পুৰ ভাৰতৰ এক জনপ্ৰিয় পৰ্যটন স্থল আৰু ই দিল্লী আৰু আগ্ৰাসহ পশ্চিমীয়া গ'ল্ডেন ট্ৰায়েংগেল টুৰিষ্ট চাৰ্কিটৰ এক অংশ। ই ৰাজস্থানৰ অন্য পৰ্যটন স্থল যেনে- যোধপুৰ, জয়শালমেৰ, উদয়পুৰ, কোটা, আবু পৰ্বত আদিৰ প্ৰৱেশদ্বাৰ হিচাপেও কাম কৰে। জয়পুৰ ছিমলাৰ পৰা ৬১৬ কি:মি: দূৰৈত অৱস্থিত। ২০১৯ চনৰ ৬ জুলাই তাৰিখে ইউনেস্কো ঐতিহ্যবাহী স্থান সমিতিয়ে “ভাৰতৰ গোলাপী নগৰ” জয়পুৰক বিশ্ব ঐতিহ্যবাহী স্থানসমূহৰ তালিকাত অন্তৰ্ভুক্ত কৰে। ইয়াত ইউনেস্কো ঐতিহ্যবাহী স্থান আমেৰ কিল্লা আৰু যন্তৰ মন্তৰো অৱস্থিত। বুৰঞ্জীআমেৰত ১৬৯৯ চনৰ পৰা ১৭৪৩ চনলৈ শাসন কৰা দ্বিতীয় জয় সিঙৰ দ্বাৰা ১৭২৭ চনত জয়পুৰ চহৰ স্থাপন কৰা হয়। জনসংখ্যা আৰু পানীৰ নাটনি বৃদ্ধি পোৱাৰ বাবে জয় সিঙে তেওঁৰ ৰাজধানী আমেৰৰ পৰা ১১ কিলোমিটাৰ দূৰৈত অৱস্থিত জয়পুৰলৈ স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰে। প্ৰাচীন ভাৰতীয় শিল্পশাত্ৰ আৰু বাস্তুশাত্ৰৰ ওপৰত ভিত্তি কৰি নিৰ্মিত এই চহৰখনৰ প্ৰধান স্থপিতবিদ আছিল বিদ্যাধৰ ভট্টাচাৰ্য। চহৰখনৰ নিৰ্মাণ কাৰ্য্য ১৭২৬ চনত আৰম্ভ হয় আৰু প্ৰধান পথ, কাৰ্য্যালয় আৰু ভৱনসমূহৰ নিৰ্মাণ কাৰ্য্য প্ৰায় চাৰি বছৰত সম্পূৰ্ণ হয়। চহৰখনক নটা খণ্ডত বিভক্ত কৰা হয়। তাৰে দুটা খণ্ডত ৰাজ্যিক ভৱনসমূহ আছিল আৰু বাকীকেইটা আছিল জনসাধাৰণৰ বাবে। ১৮৭৬ চনত ৱেইল্চৰ ৰাজকোঁৱৰ এইচ আৰ এইচ এলবাৰ্ট এডৱাৰ্ডৰ আগমনৰ পূৰ্বে চহৰখনক আকৰ্ষণীয় কৰি তুলিবলৈ ছৱাই ৰাম সিঙে সমগ্ৰ চহৰখনক গুলপীয়া ৰং দিবলৈ আদেশ দিয়ে। তেতিয়াৰে চহৰখনক ‘গোলাপী নগৰ’ৰ নামেৰে জনা যায়। ১৯ শতিকাত জয়পুৰ চহৰৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পায় আৰু ১৯০০ চনলৈ ইয়াৰ জনসংখ্যা হ'লগৈ ১৬০,০০০জন। ১৮৬৮ চনত এই চহৰখনত কলা বিদ্যালয় স্থাপন কৰা হয়। দ্বিতীয় মহাৰাজ ৰাম সিঙৰ শাসনকালত সংস্কৃত মহাবিদ্যালয়কে ধৰি তিনিখন মহাবিদ্যালয় স্থাপন কৰা হয়। ভৌগোলিক বিৱৰণজনগাঁথনি২০১১ চনৰ লোকপিয়ল অনুসৰি জয়পুৰৰ জনসংখ্যা ৩,০৭৩,৩৫০জন।[1] সাক্ষৰতাৰ হাৰ হৈছে ৮৪.৩৪%। পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ক্ৰমে ৯০.৬১% আৰু ৭৭.৪১%।[1] লিংগ অনুপাত হৈছে প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে ৮৯৮ গৰাকী মহিলা।[1] চহৰখনৰ জনসংখ্যাৰ ৭৭.৯% হিন্দু, ১৮.৬% মুছলমান, ২.৪% জৈন আৰু ১.২% অন্য ধৰ্মাৱলম্বী লোক।[2]
আন্তঃগাথঁনিউল্লেখযোগ্য ঠাইমঠ-মন্দিৰউদ্যানসংস্কৃতি=জাতীয় খাদ্য= জাতীয় উৎসৱশৈক্ষিক প্ৰতিষ্ঠানতথ্য-সংগ্ৰহ
|