ইছলাম
ইছলাম (ইংৰাজী ভাষা/ˈɪslɑːm/; আৰবী ভাষাত: الإسلام আল্ ইছলাম্) এটা একেশ্বৰবাদী আব্ৰাহামিক ধৰ্ম।[1] ইছলাম (আৰবী: الإسلام) শব্দটো আহিছে আৰবী س-ل-م (ছালাম) শব্দটোৰ পৰা যাৰ অৰ্থ দুটা; ১▪ শান্তি ২▪ আত্মসমৰ্পণ কৰা। সংক্ষেপত, ইছলাম হ'ল শান্তি (প্ৰতিষ্ঠা)'ৰ উদ্দেশ্যেৰে এক আৰু অদ্বিতীয় ঈশ্বৰ (আল্লাহ)ৰ ওচৰত আত্মসমৰ্পণ কৰা। "ইছলাম" শব্দৰ অৰ্থ হৈছে "আত্মসমৰ্পণ", বা একক স্ৰষ্টাৰ ওচৰত নিজকে সমৰ্পন কৰা।[2] ইছলাম শব্দটো উৎপত্তি হৈছে ছালামৰ পৰা, যাৰ অৰ্থ হৈছে শান্তি।[3] খৃষ্টীয় সম্তম শতিকাত আৰৱৰ ধৰ্মীয় আৰু ৰাজনৈতিক নেতা মুহাম্মাদে (ছাঃ) এই ধৰ্ম প্ৰচাৰ কৰে। কোৰআন ইছলামৰ মূল ধৰ্মগ্ৰন্থ। এই ধৰ্মত বিশ্বাসী সকলক মুছলমান বা মুছলিম বোলা হয়। কোৰআন আল্লাহৰ বাণী আৰু মুহাম্মাদ(ছাঃ)ৰ ওপৰত অৱতীৰ্ণ হৈছিল বুলি মুছলিম সকলে বিশ্বাস কৰে। তেওঁলোকৰ বিশ্বাস অনুসৰি মুহাম্মাদ চাল্লাহু আলাইহি ওয়াছাল্লাম শেষ নবী। হাদিছৰ পৰা প্ৰাপ্ত নিৰ্দেশিত কাম আৰু শিক্ষাৰ ভিত্তিতহে কোৰআন'ক ব্যাখ্যা কৰা হয়। ইহুদি আৰু খ্ৰীষ্টান ধৰ্মৰ ন্যায় ইছলাম ধৰ্ম আৰু আব্ৰাহামীয়।[4] মুছলমানৰ সংখ্যা অনুমাণিক ১৪০ কোটি আৰু তেওঁলোক পৃথিৱীৰ দ্বিতীয় বৃহত্তম ধৰ্মাৱলম্বী গোষ্ঠী।[5] মুহাম্মাদ চাল্লাহু আলাইহি ওয়াছাল্লাম আৰু তেওঁৰ উত্তৰসূৰী সকলৰ প্ৰচাৰ আৰু উত্তম আদৰ্শৰ ফলশ্ৰুতিতে ইছলাম ধৰ্মৰ বিশ্বত দ্ৰুত বিস্তাৰ হয়।[6] বৰ্তমান সমগ্ৰ বিশ্বব্যাপী, বিশেষকৈ মধ্যপ্ৰাচ্য, উত্তৰ আফ্ৰিকা, পূৰ্ব আফ্ৰিকা, পশ্চিম আফ্ৰিকা. দক্ষিণ এছিয়া, মধ্য এছিয়া, দক্ষিণ-পূৱ এছিয়াত মুছলমানসকল বাস কৰে। আৰব দেশত মুঠ মুছলমানৰ সংখ্যা শতকৰা মাত্ৰ ২০ বিশভাগ।[7] যুক্তৰাজ্যসহ বহুকেইখন ইউৰোপীয় দেশৰ দ্বিতীয় বৃহত্তম ধৰ্ম ইছলাম।[8][9] Pew Research Centerৰ জৰীপৰ মতে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি হৈ থকা ধৰ্ম হৈছে ইছলাম।[10] ধৰ্মবিশ্বাসমুছলিম সকলে বিশ্বাস কৰে যে, আল্লাহ মানৱজাতিৰ বাবে তেখেতৰ বাণী ফৰিষ্টা জিব্ৰাইলৰ (আঃ) মাধ্যমেৰে মুহাম্মাদ(ছাঃ)ৰ ওচৰত অৱতীৰ্ণ কৰিছে। কোৰআনত উক্ত "খতমে নবুওৱত" আৰু মুহাম্মাদ(ছাঃ) নিজৰ দাবীৰ ভিত্তিত মুছলিম সকলে তেওঁক শেষ বাণীবাহক (নবী) বুলি বিশ্বাস কৰে। তেওঁলোকৰ বিশ্বাসমতে, তেখেত সকলৰ পবিত্ৰ গ্ৰন্থ কোৰআন নিখুঁত, অবিকৃত আৰু মানৱজাতিৰ উদ্দেশ্যে অৱতীৰ্ণ আল্লাহৰ শেষ বাণী, যি পুনৰুত্থান দিৱস পৰ্যন্ত বৰ্তী বা কাৰ্যকৰী হৈ থাকিব। মুছলিম সকলৰ বিশ্বাস অনুযায়ী, আদম (আঃ) ৰ পৰা আৰম্ভ কৰি ঈশ্বৰ-প্ৰেৰিত সকলো পুৰুষ ইছলামৰ বাণীয়েই প্ৰচাৰ কৰি গৈছে। পৱিত্ৰ কোৰআনৰ ছূৰা ফাতিৰত কোৱা হৈছে, ইছলামৰ দৃষ্টিত ইহুদি আৰু খ্ৰীষ্টান উভয়েই আব্ৰাহামৰ শিক্ষাৰ ঐতিহ্য পৰম্পৰা। উভয় ধৰ্মাৱলম্বীকেই কোৰানত "আহলে কিতাব" (আকাশী কিতাব পোৱা) বুলি সম্বোধন কৰা হৈছে আৰু বহুদেৱতাবাদীসকলৰ পৰা পৃথক কৰা হৈছে। পৱিত্ৰ কোৰআনৰ ছূৰা আলে ইমৰাণত আহ্বান কৰা হৈছে,
এই ধৰ্ম দুটাৰ গ্ৰন্থসমূহৰ বিভিন্ন ঘটনা আৰু বিষয়ৰ উল্লেখ কোৰানত আছে, কিন্তু বহুত ক্ষেত্ৰত পাৰ্থক্যও দেখা যায়। ইছলামী বিশ্বাসানুসাৰে এই দুই ধৰ্মৰ অনুশৰণকাৰীসকলে তেখেতসকলৰ ওচৰত প্ৰদত্ত ঈশ্বৰৰ বাণীৰ অৰ্থগত আৰু নানাবিধ বিকৃতসাধন কৰিছে; ইহুদিসকলৰৰ তৌৰাতক (তোৰাহ) আৰু খ্ৰীষ্টানসকলৰ মতে ইঞ্জিল (নতুন বাইবেল)। আল্লাহপ্ৰধান প্ৰবন্ধ: আল্লাহ
মুছলমানসকলে তেওঁলোকৰ সৃষ্টিকৰ্তাক 'আল্লাহ' বুলি সম্বোধন কৰে। ইছলামৰ মূল বিশ্বাস হ’ল আল্লাহৰ একত্ব বা তৌহিদ। ইছলাম পৰম একেশ্বৰবাদী আৰু কোনোভাবেই আপেক্ষিক বা বহুত্ববাদী নহয়। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তমভৰ মাজৰ প্ৰথম, যাক শ্বাহাদাহ/কলিমা বোলা হয়। ইয়াৰ আসমীয়ানুবাদ হ'ল-
ছূৰা এখলাছত আল্লাহৰ বৰ্ণনা এনেদৰে দিয়া হৈছে,
কোৰআনৰ ২:২৫৫ত কোৱা হৈছে,
ব্যুৎপত্তিগতভাৱে আল্লাহ শব্দটো "ইলাহ" তকৈ আগত। খ্ৰীষ্টানসকলে খ্ৰীষ্টান ধৰ্মক একেশ্বৰবাদী বুলি দাবী কৰিলেও মুছলমানসকলে খ্ৰীষ্টানসকলৰ ত্ৰিত্ববাদ (trinity) বা এক ঈশ্বৰৰ মাজৰ পিতা, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ মিলন, এই বিশ্বাসক বহু-ঈশ্বৰবাদী ধাৰণা বুলি অস্বীকাৰ কৰে। ইছলামী ধাৰণাত ঈশ্বৰৰ সাদৃশ্য একোৱেই নাই। মুছলমানসকলে তেওঁলোকৰ সৃষ্টিকৰ্তাক তেওঁৰ বিভিন্ন গুণবাচক নাম আৰু গুণাবলীৰ মাধ্যমেৰে বৰ্ণনা কৰে। ফৰিষ্টাপ্ৰধান প্ৰবন্ধ: ফৰিষ্টা
ফৰিষ্টা ইছলামী ধৰ্মাম্বলম্বীসকলৰ বিশ্বাসমতে স্বৰ্গীয় দূত। ফৰিষ্টাৰ বিশ্বাস ইছলাম ধৰ্ম বিশ্বাসৰ এটা মূল নীতি। এয়া মানুহৰ ন্যায় আল্লাহৰ আৰু এক সৃষ্টি। ফৰিষ্টাই নভোমণ্ডল আৰু ভূমণ্ডলৰ মাজত যোগাযোগ ৰক্ষা কৰে। ফৰিষ্টাত তেওঁলোকৰ সংখ্যা অগণন। আৰবীত ফৰিষ্টাক একবচনত মালাইক আৰু বহুবচনত মালাক বোলা হয়। ইছলামত তেওঁলোকৰ কোনো শ্ৰেণীবিন্যাস কৰা নহ'লেও চাৰিজন ফৰিষ্টাক প্ৰাধান্য দিয়া হৈছে:
ইছলাম, খ্ৰীষ্টান ধৰ্ম আৰু ইহুদি ধৰ্মৰ বাদে হিন্দু ধৰ্মতো ফৰিষ্টা তথা স্বৰ্গীয় দূতসকলৰ অস্তিত্ত্বৰ কথা কোৱা হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন] পয়গম্বৰ(নবী), বাৰ্তাবাহক(ৰাছুল)প্ৰধান প্ৰবন্ধ: ইছলামৰ পয়গম্বৰ
ইছলামত পয়গম্বৰ (আৰবী: نبي) হ'ল সেইজন ব্যক্তি যিজনক স্ৰষ্টাই মানুহক দিক নিৰ্দেশনা প্ৰদানৰ বাবে মনোনীত হিচাবে বিবেচনা কৰে। ইছলামী পৰিভাষাত ইয়াক কোৱা হয় নাবী(নবী)। ইছলামী ঐতিহ্য মতে ঈশ্বৰে প্ৰত্যেক জাতিৰ ওচৰত পয়গম্বৰ প্ৰেৰণ কৰিছে। ইছলাম অনুযায়ী একমাত্ৰ মুহাম্মদ(আঃ)কেই আল্লাহৰ বাৰ্তা সমগ্ৰ মানৱজাতিৰ ওচৰত পঠিয়াই দিয়াৰ বাবে প্ৰেৰিত হৈছিল, য'ত অন্যান্য পয়গম্বৰ সকল এটা নিৰ্দিষ্ট গোত্ৰ বা জাতিৰ ওচৰত প্ৰেৰিত হৈছিল। ইহুদি আৰু খ্ৰীষ্টধৰ্মৰ বিপৰীতে, ইছলামত আল্লাহৰ বাৰ্তাবাহক আৰু পয়গম্বৰ (নবীৰ) মাজত পাৰ্থক্য কৰে। উভয়েই “ঐশ্বৰিক অণুপ্ৰেৰণা”ৰ দ্বাৰা আল্লাহৰ প্ৰত্যাদেশ প্ৰাপ্ত। তদুপৰি, বাৰ্তাবাহকসকল গ্ৰন্থ আকাৰে এটা সম্প্ৰদায়ৰ বাবে ঐশ্বৰিক নিয়ম কানুন প্ৰদান কৰে আৰু পয়গম্বৰসকলৰ বিপৰীতে আল্লাহৰ কৰ্তৃক সাফল্যৰ নিশ্চয়তা প্ৰাপ্ত ব্যক্তি। যেনেকৈঃ মুছলিমসকলৰ ধৰ্মগ্ৰন্থ কোৰআনত কোৱা হৈছে, সকলো বাৰ্তাবাহক(ৰাছুল আৰু কেইজনমান পয়গম্বৰৰ নাম কোৰআনত উল্লিখিত আছে। মুছলিম সকলে বিশ্বাস কৰে যে আদম হ'ল প্ৰথম পয়গম্বৰ (নবী), পক্ষান্তৰে শেষ পয়গম্বৰ হ'ল মুহাম্মাদ(ছাঃ)। খ্ৰীষ্টধৰ্মৰ নিচিনাই ইছলামেও ঈছা(আঃ) (যীশু)ৰ জন্মবাদৰ ৰহস্যত বিশ্বাস কৰে আৰু বিশ্বাস কৰা হয় যে তেখেত নবী আছিল কাৰণ আল্লাহৰ পৰা তেখেতে ওহী প্ৰাপ্ত। যীশু এজন বাৰ্তাবাহক হিচাবেও বিবেচিত হয় কাৰণ আল্লাহে তেখেতৰ ওপৰত সুসমাচাৰ(New Testament) প্ৰকাশ কৰিছিল।[16] অৱশ্যে, খ্ৰীষ্টধৰ্মৰ বিপৰীতে ইছলাম ধৰ্মত আল্লাহৰ পুত্ৰ দাবি কৰা ধৰ্ম বিৰোধী আৰু যীশু এজন মানুহ হিচাবেই বিবেচিত হয়। ঐশ্বিক গ্ৰন্থঐশ্বিক গ্ৰন্থ বা আচমানী কিতাব বুলিলে এনে কিছুমান গ্ৰন্থক বুজায় যিবোৰ ইছলাম ধৰ্মত মুছলমানসকলে ঈশ্বৰপ্ৰদত্ত গ্ৰন্থ বুলি বিশ্বাস কৰে। সকলো ঐশ্বিক গ্ৰন্থৰ ওপৰত ঈমান অনাটো ইছলামৰ অপৰিহাৰ্য অংগ। প্ৰথম মানৱ তথা নবী আদম (আঃ)ৰ পৰা শেষ নবী হজৰত মুহাম্মাদ (ছঃ) লৈ কালক্ৰমে বিভিন্ন নবীৰ ওপৰত এনে ঐশ্বিক গ্ৰন্থসমূহ অৱতীৰ্ণ হয়। ইয়াৰে প্ৰধাণ চাৰিটা ঐশ্বিক গ্ৰন্থ হ'ল-
বিচাৰ দিৱসমুছলমানসকলে বিশ্বাস কৰে যে প্ৰত্যেক ব্যক্তিৰ কৃতকৰ্মৰ এদিন হিচাব লোৱা হ'ব। পৃথিৱীত কৰি যোৱা কৰ্ম অনুযায়ী আখিৰাত (মৃত্যুৰ পিছৰ জীৱন)-ত তেওঁলোকে ফল ভোগ কৰিব। ভাল কৰ্ম কৰাসকলক জান্নতৰ দ্বাৰা পুৰস্কৃত কৰা হ’ব আৰু নিচ কৰ্ম কৰাসকলক জাহান্নামত নিক্ষেপ কৰা হ’ব। ইছলামীয় বিশ্বাস অনুযায়ী সেই বিচাৰ দিৱসৰ কিছু পৰিস্থিতি নিম্নৰূপ-
ইছলামৰ পঞ্চস্তম্ভ
তথ্যসূত্ৰ
বহিঃসংযোগ
|