ইব্ৰাহিম
ইব্ৰাহিম বা ইব্ৰাহীম, সম্মানাৰ্থত হজৰত ইব্ৰাহিম (আঃ) (আৰবী: ابراهيم, হিব্ৰু: אַבְרָהָם) তোৰাহ অনুসৰি আব্ৰাহাম (ইংৰাজী: Abraham) (আনুমানিক জন্ম: ১৯০০ খৃষ্টপূৰ্বৰ পৰা ১৮৬১ খৃষ্ট পূৰ্বলৈ – মৃত্যু: ১৮১৪ খৃষ্টপূৰ্বৰ পৰা ১৭১৬ খৃষ্ট পূৰ্বলৈ), ইছলাম ধৰ্মৰ এজন গুৰুত্বপূৰ্ণ নবী আৰু ৰাছুল।[1][2] কা'বুল আহবাৰৰ মতে তেখেত ১৯৫ বছৰ জীৱিত[3] আছিল। সৃষ্টিকৰ্তাৰ প্ৰতি তেখেতৰ দৃঢ় বিশ্বাসৰ ফলত সৃষ্টিকৰ্তাই তেখেতক সৰ্ৱকালৰ সকলো জাতিৰ নেতা বনোৱাৰ প্ৰতিজ্ঞা কৰিছে।[4] ইছলামত তেখেতৰ কাৰ্যক্ৰমক স্মৰণ কৰি ঈদুল আজহা পালিত হয়। ইব্ৰাহিম আৰু তেখেতৰ শিশুপুত্ৰ ইছমাইলে ইছলামত কোৰবাণী[5], হজ্জ প্ৰতিষ্ঠা কৰে যিটো বৰ্তমানৰ মুছলিমৰ দ্বাৰাও পালিত হয়। উল্লেখ্য যে কোৰবাণী প্ৰথা আদম (আঃ) সময়ৰ পৰাই আৰম্ভ হৈছে বুলি মুছলিম সকলে বিশ্বাস কৰে। জন্ম আৰু বংশ পৰিচয়তেখেতৰ পিতাৰ নাম আযৰ। তেখেতৰ স্ত্ৰীৰ নাম ছাৰা। তেখেতৰ চাৰিজন পুত্ৰ আছিল: ইছমাইল (ইংৰাজী: Ishmael), ইছহাক (ইংৰাজী: Isaac), মাদয়ান আৰু মাদায়েন। মতান্তৰে, তেখেতৰ ৬-১২জন পুত্ৰ আছিল।[3] আকাশী কিতাপইছলাম ধৰ্মমতে, নবী ইব্ৰাহিমৰ [আঃ] ওপৰত ২০খন ছহীফা অৱতীৰ্ণ হয়।[3] অন্যান্যইছলাম ধৰ্মমতে তেখেতেই প্ৰথম মিছওৱাক কৰে, প্ৰস্ৰাৱৰ পাছত পানীৰ দ্বাৰা পৰিষ্কাৰ হয়, খৎনা কৰে, হালুয়া তৈয়াৰ কৰে আৰু মেহমানদাৰিৰ প্ৰচলন কৰে।[3] তথ্যসূত্ৰ
বহিঃসংযোগ |