মছজিদমছজিদ (আৰবী: مسجد উচ্চাৰণ:ˈmæsdʒɪd)[1] মুছলিমসকলৰ দলবদ্ধভাবে নামাজ পঢ়াৰ বাবে নিৰ্মিত স্থাপনা। শব্দটোৰ উৎপত্তি আৰবী "السجود"ৰ পৰা, যাৰ আভিধানিক অৰ্থ শ্ৰদ্ধাৰে শিৰ নত কৰা অৰ্থাৎ ছিজদাহ কৰা। সাধাৰণতে, যিবোৰ ইমাৰত বা স্থাপনাত মুছলিমসকলে একত্ৰীত হৈ প্ৰতিদিনে পাঁচ ওয়াক্ত নামাজ (আৰবী: صلاة ছালাত) আদায় কৰে, তাকেই মছজিদ বোলে। আকৌ যিবোৰ ডাঙৰ আকাৰৰ মছজিদসমূহ নিয়মিত নামাজৰ লগতে শুক্ৰবাৰৰ জুম'আ ৰ নামাজ আদায় কৰা হয় আৰু অন্যান্য ইছলামিক কাৰ্যাবলী (যেনেকৈঃ কোৰআন শিক্ষা দিয়া) সম্পাদিত হয়, সেইসমূহ মছজিদক জামে মছজিদ (مسجد جامع) নামেৰে অভিহিত কৰা হৈছে। ইমামে নামাজৰ ইমামতি কৰে বা নেতৃত্ব দিয়ে। মছজিদ মুছলিমসকলৰ বিভিন্ন ধৰ্মীয় কাৰ্যাবলীৰ প্ৰাণকেদ্ৰ। ইয়াত প্ৰাৰ্থনা কৰাৰ উপৰিও শিক্ষা প্ৰদান, তথ্য বিতৰণ আৰু বিৰোধ নিষ্পত্তি কৰা হয়। বৰ্তমানে বিভিন্ন আকৃতিৰ মছজিদ দেখা পোৱা যায়। কিছুমান সুবিশাল গম্বুজ, ওখ মিনাৰ আৰু বৃহৎ আকৃতি বিশিষ্ট দেখা যায়। মছজিদৰ উৎপত্তি আৰব উপদ্বীপ যদিও বৰ্তমানে পৃথিৱীৰ সকলো দেশতেই বিয়পি পৰিছে। অসমৰ আটাইতকৈ পুৰণি মছজিদপানবাৰী মছজিদ ইতিহাসআৰব উপদ্বীপত নিৰ্মাণ হোৱা প্ৰথম তিনিটা মছজিদৰ গঠন আছিল সৰল। সময়ৰ আৱৰ্তনত পৰৱৰ্তী হাজাৰ হাজাৰ বছৰৰ পাছত সেয়া বিশ্বৰ বিভিন্ন দেশৰ নিত্যনতুন কৃষ্টি আৰু স্থাপত্যশৈলীৰ ধাৰক হয়। বিস্তাৰ আৰু বিৱৰ্তনবিশ্বৰ বিভিন্ন দেশত মুছলিমসকলৰ অভিযানৰ লগে লগে মছজিদ আৰব উপদ্বীপৰ সীমা পাৰ হৈ বিস্তাৰ লাভ কৰিবলৈ ধৰে। ৬৪০ খ্ৰীষ্টাব্দৰ প্ৰথমদিশত মিছৰত বহুত মুছলিমৰ সমাগম ঘটে। তেতিয়া এই দেশত বহুত মছজিদ নিৰ্মাণ কৰা হয়। যাৰ ফলতেই ৰাজধানী কায়ৰোক হাজাৰ মিনাৰৰ চহৰ বুলি মাতা হৈছিল।[3] মিছৰীয় মছজিদসমূহত সু্যোগ-সুবিধাৰ ভিন্নতা আছিল, যেনেকৈঃ কিছু মছজিদত আছিল মাদ্ৰাছাৰ নিচিনাকৈ বিদ্যালয়, আকৌ অন্য মছজিদসমূহত অন্তভুৰ্ক্ত আছিল চিকিৎসালয় নাইবা কবৰস্থান।[4] চিচিলি আৰু স্পেনৰ মছজিদসমূহত সিহঁতৰ পূৰ্বৰ ভিছিগোথিক স্থাপত্যশৈলীৰ চিহ্নৰ মিল পোৱা নাযায়,বৰঞ্চ মোৰদৰ ইছলামী স্থাপত্যৰ প্ৰতিফলন দেখা যায়।[5] ধৰ্মীয় কাৰ্যাৱলীতথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia