হজ্জ
হজ্জ বা হজ্জ্ব (আৰবী: حج হ্বজ্জ্) ইছলামৰ বৰ্ণনা অনুসৰি হজ্জ এটা আৱশ্যকীয় বা ফৰজ উপাসনা বা ইবাদত। এইটো ইছলামৰ ৫ম স্তম্ভ। হজ্জ শব্দৰ আভিধানিক অৰ্থ হৈছে- "'ইচ্ছা"' বা "'সংকল্প'" কৰা। আচাৰ আৰু আদব-কায়দাৰ বিবেচনাত হজ্জ হ'ল বছৰৰ নিৰ্দিষ্ট দিনত নিৰ্দিষ্ট পোচাকত কেইটামান স্থানত অৱস্থান বা ওকুফ, কাবা তাওয়াফ, পশু কোৰবাণী, ছফা-মৰওয়াৰ মাজত খুজকঢ়া। শাৰীৰিক আৰু আৰ্থিকভাৱে সক্ষম প্ৰত্যেক মুছলিম নৰ-নাৰীৰ বাবে জীৱনত এবাৰ হজ্জ সম্পাদন কৰা ফৰজ বা আৱশ্যিক।[1] আৰৱী জিলহজ মাহৰ ৮ ৰ পৰা ১২ তাৰিখ হজ্জৰ বাবে নিৰ্ধাৰিত সময়। হজ্জ পালনৰ বাবে বৰ্তমান চৌদি আৰৱৰ মক্কা নগৰী আৰু সন্নিহিত মিনা, আৰাফাত, মুযদালফা প্ৰভৃতি স্থানত গমন আৰু অৱস্থান আৱশ্যক। এইটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ বছৰেকীয়া তীৰ্থযাত্ৰা।[2] যিজনে হজ্জ সম্পাদনৰ বাবে গমন কৰে তেখেতক কোৱা হয় হাজী। হজ ইছলামৰ পঞ্চম ৰুকুন। যিসকল বালিকা পুৰুষ বা মহিলাই নিজৰ পৰিয়ালক অন্ততঃ ছ'মাহ পৰ্য্যন্ত চলিব পৰাকৈ প্ৰয়োজনীয় ধন প্ৰদান কৰি নিজৰ ঘৰৰপৰা মক্কা মুঅজ্জমালৈ গৈ আকৌ ঘৰলৈ উভতি আহিব পৰা সামৰ্থ ৰাখে তেওঁলোকৰ ওপৰত হজ ফৰ্জ হয়। হজ হৈছে মুছলমানসকলৰ বাবে আটাইতকৈ পবিত্ৰ চহৰ চৌদি আৰৱৰ মক্কালৈ বাৰ্ষিক ইছলামিক তীৰ্থযাত্ৰা। হজ হৈছে সক্ষম মুছলমানসকলৰ বাবে বাধ্যতামূলক ধৰ্মীয় কৰ্তব্য যিটো জীৱনত এবাৰ হ’লেও সকলো প্ৰাপ্তবয়স্ক মুছলমানে পালন কৰিব লাগিব যিসকলে যাত্ৰাটো গ্ৰহণ কৰিবলৈ শাৰীৰিক আৰু আৰ্থিকভাৱে সক্ষম, আৰু ঘৰৰ পৰা অনুপস্থিত থকাৰ সময়ত পৰিয়াল পোহপাল দিবলৈ সক্ষম।
মক্কাত মুআজ্জামাতৰ আগমনপবিত্ৰ চহৰ মক্কা আধুনিক চৌদি আৰৱত অৱস্থিত। প্ৰায় চাৰি হাজাৰ বছৰ আগতে হজৰত ইব্ৰাহিম (আঃ)য়ে নিজৰ পুত্ৰ ইছমাইল (আঃ)ক লৈ আল্লাহৰ ঘৰ কাবা নিৰ্মাণ কৰিছিল। তেতিয়াৰ পৰা সমগ্ৰ বিশ্বৰ মানুহে বিশেষকৈ মুছলমান সকলে এই ঘৰখনক ইবাদত বা উপাসনা কৰে। এই ঘৰত অহৰহ তীৰ্থযাত্ৰী আৰু উমৰা হজযাত্ৰী আহে। ইছলামৰ পূৰ্বৰ যুগত মক্কাৰ বিভিন্ন প্ৰান্তৰ পৰা বৰষুণৰ পানী জমা হ’বলৈ ধৰাৰ সময়তে এই ঘৰটো পুনৰ নিৰ্মাণ কৰা হৈছিল। তেনে কৰাৰ সময়ত ঘৰটো অলপ দক্ষিণ দিশলৈ লৈ যোৱা হ’ল আৰু মূল ভেটিটোৰ উত্তৰ ফালটো এৰি দিয়া হ’ল। এই অংশটো বেৰৰ মাজত আৱদ্ধ হৈ থকা এটা অৰ্ধবৃত্ত। ইয়াৰ নাম হতিম। মূল কাবাৰ পূব-দক্ষিণ কোণত দেৱালত স্থাপন কৰা হৈছে হজৰত আছৱাদ নামৰ ক’লা শিল।হজযাত্ৰীসকলে নামাজ পঢ়াৰ সময়ত শিলটোক চুমা খায়। আল্লাহৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে পবিত্ৰ মছজিদৰ সীমা নিৰ্ধাৰণ কৰিবলৈ তেওঁৰ প্ৰিয় সঙ্গী হজৰত কাব ইবনে আছাদক নিয়োগ কৰিলে। তাৰ পিছত এই কমপ্লেক্সটোত চিহ্নিত কৰা হৈছে। বৰ্তমান কাবাৰ কিছু অংশ মুকলি চৌহদ হিচাপে সংৰক্ষিত আৰু পবিত্ৰ মছজিদৰ অৱশিষ্টসমূহ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ শীততাপ নিয়ন্ত্ৰিত তিনিমহলীয়া অট্টালিকা। কাবাৰ দক্ষিণে ছাফা আৰু মাৰৱা নামৰ দুটা পাহাৰ আছে আৰু ইয়াৰ মধ্যৱৰ্তী এলেকাক অন্তৰ্ভুক্ত কৰি এখন বৃহত্তৰ দুমহলীয়া অট্টালিকা নিৰ্মাণ কৰা হৈছে। হছযাত্ৰীসকলে উভয় মহলাৰ মাজেদি ছপা আৰু মৰৱাৰ ছঈ অৰ্থাৎ দৌৰ সম্পন্ন কৰে কৰে।
পৃথিৱীৰ বিভিন্ন দেশৰ পৰা হছযাত্ৰীসকল সাত জিলহজ্জ তাৰিখৰ আগতে মক্কা মুঅনজ্জমাত উপস্হিত হয়। তেওঁলোক মীকাত অতিক্ৰম কৰি আহোতে যথাৰীতি ইব্ৰাহম বান্ধি আহে। তেওঁলোকে পোন প্ৰথমে মছজিদে-হাৰামলৈ যায় আৰু প্ৰথমতঃ পবিত্ৰ কা'বা শ্বৰীফৰ পিনে লক্ষ্য কৰি 'আল্লাহু আকবৰ আৰু লাইলাহা আল্লাহ পাঠ কৰে। দ্বিতীয়তঃ হজৱে আছওৱাদৰ সন্মুখত ৰৈ আল্লাহু আকবৰ, লাইলাহা আল্লাহু পাঠ কৰি তাক চুম্বনৰ কৰে। ইতিহাসচৈধ্যশ হেজাৰ পূৰ্বে আল্লাহৰ নবী ইব্ৰাহিম আৰু তেওঁৰ পুত্ৰ ইছমাইল (আঃ) য়ে আল্লাহৰ আদেশত কা'বা শ্বৰীফৰ নিৰ্মাণ কৰে। প্ৰথমে যিটো ঠাইত নিৰ্মাণ কৰিছিল পিছলৈ তাৰ ঠিক বাওঁফালে স্থানান্তৰ কৰা হয়। কা'ব শ্বৰীফৰ নিৰ্দিষ্ট (Round) ঠাইখনক হাৰায় শ্বৰীফ বুলি কোৱা হয়। মুছলমান বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ মুছলমানে প্ৰতি বছৰে কৰা মক্কাৰ তীৰ্থযাত্ৰা হৈছে এই হজ। ইয়াৰ ইতিহাস বহু শতিকাৰ আগৰ। ইছলামিক হজৰ বৰ্তমানৰ আৰ্হিটো ইছলামিক নবী মহম্মদে প্ৰতিষ্ঠা কৰিছিল, প্ৰায় ৬৩২ খ্ৰীষ্টাব্দত, যিয়ে পৌত্তলিক আৰবসকলৰ বিদ্যমান তীৰ্থযাত্ৰা পৰম্পৰাৰ সংস্কাৰ সাধন কৰিছিল। ইছলামিক পৰম্পৰা অনুসৰি হাজ হাজাৰ হাজাৰ বছৰৰ আগৰ পৰাই আৰম্ভ হয়, যেতিয়া ইব্ৰাহামে ঈশ্বৰৰ আজ্ঞাত কাবা ("ঈশ্বৰৰ ঘৰ") নিৰ্মাণ কৰিছিল। এই ঘন ভৱনটোক ইছলামৰ আটাইতকৈ পবিত্ৰ স্থান বুলি গণ্য কৰা হয় আৰু হজৰ আচাৰ-ব্যৱহাৰৰ ভিতৰত ইয়াৰ চাৰিওফালে বাৰে বাৰে খোজ কঢ়াও অন্তৰ্ভুক্ত। তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia