ইবাদতইবাদাত শব্দৰ আভিধানিক অৰ্থ হ'ল:- চূড়ান্ত বিনয়, আনুগত্য আৰু বশ্যতা। শ্বৰী‘আতৰ পৰিভাষাত:- প্ৰকাশ্য নাইবা গোপনীয় যিবোৰ কথা আৰু কাম আল্লাহে ভালপায় আৰু পছন্দ কৰে, সেই সকলোবোৰৰ এটা সমষ্টিৰ নামেই হ'ল ইবাদাত। সেয়েই যিবোৰ কথা-বতৰা আৰু কাম-কাজ আল্লাহে পছন্দ কৰে, যেনে:- ছালাত(নামায) প্ৰতিষ্ঠা কৰা, ছিয়াম(ৰোজা) পালন কৰা, কোৰবাণী, নয্ৰ-মানত প্ৰদান কৰা, ছাদকাহ, জাকাত প্ৰদান কৰা, আল্লাহৰ ওচৰত প্ৰাৰ্থনা (দুআ) কৰা, আল্লাহক মাতা, আল্লাহৰ প্ৰতি ভয় আৰু আশা পোষণ কৰা, আল্লাহৰ ওপৰত ভৰসা কৰা, আল্লাহৰ তাছবীহ (মহিমা), তাহমীদ (প্ৰশংসা), তাকবীৰ (মহত্ত্ব), তাহলীল (আল্লাহৰ একত্ব) বৰ্ণনা কৰা, কোৰআন কাৰীম তিলাওয়াত কৰা, কোৰআন আৰু ছুন্নাহৰ বৰ্ণিত আৰু নিৰ্দেশিত দুআ আৰু যিকৰ-আযকৰ কৰা, ৰাছুলৰ প্ৰতি ছালাত আৰু ছালাম পাঠ কৰা ইত্যাদি, এই সকলো প্ৰতিটো কামেই হ'ল একোটাকৈ ইবাদাত। ৰাছুলৰ অনুসৃত আৰু প্ৰদৰ্শিত পন্থানুযায়ী একমাত্ৰ আল্লাহ ৰাব্বুল ‘আলামীনৰ উদ্দেশ্যৰে, তেওঁৰেই (আল্লাহৰ) সন্তুষ্টি লাভৰ নিমিত্তে, তেওঁৰ (আল্লাহৰ) প্ৰতি শ্ৰদ্ধাপূৰ্ণ ভয় আৰু সৰ্বোচ্চ ভালপোৱা লৈ, তেওঁৰ প্ৰতি পূৰ্ণ বশ্যতা আৰু আনুগত্য প্ৰদৰ্শন পূৰ্বক তেওঁৰ (আল্লাহৰ) মহত্ত্বৰ সম্মুখত অৱনত মস্তক চূড়ান্ত বিনয়ৰ সৈতে ছাওয়াবৰ(পুণ্যৰ) (আল্লাহৰ ওচৰত উত্তম প্ৰতিদান লাভৰ) আগ্ৰহ আৰু সুদৃঢ় আশা লৈ উপৰোক্ত যিকোনো কৰ্ম সম্পাদন কৰাকে আল্লাহৰ ইবাদাত বুলা হয়। [1] তথ্যসূত্ৰ |
Portal di Ensiklopedia Dunia