ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা
ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা (United Nations Educational, Scientific, and Cultural Organization) বা ইউনেস্কো (UNESCO) হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা। বিশ্বৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতিৰ প্ৰসাৰ আৰু উন্নয়নৰ মাধ্যমত মানুহৰ জীৱন মানৰ উন্নয়ন ঘটোৱা এই সংস্থাৰ প্ৰধান লক্ষ্য। ১৯৪৫ চনৰ নৱেম্বৰ মাহত লণ্ডনত হোৱা এখন সন্মিলনত ইউনেস্কো প্ৰতিষ্ঠাৰ সিদ্ধান্ত লোৱা হয়। ১৯৪৬ চনত এই সংস্থা ৰাষ্ট্ৰসংঘৰ সহায়ক সংস্থা হিচাপে স্বীকৃতি লাভ কৰে। পেৰিছত ইয়াৰ সদৰ দপ্তৰ অৱস্থিত।[1] ৰাষ্ট্ৰসংঘৰ সঞ্চালক সকলপ্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈকে সঞ্চালকৰ পদত থকা ব্যক্তিসকল হৈছে:[2]
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|