ভাৰতীয় ষ্টেট বেংক
ভাৰতীয় ষ্টেট বেংক (চমুকৈ এছ বি আই) দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ ব্যৱসায়িক বেংক। ই আন্তৰ্জাতিক ৰাজহুৱা খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত। ২০১৭ চনৰ ফৰ্চুন গ্লোৱেল ৫০০ ৰ ৰেংকিঙত ভাৰতীয় ষ্টেট বেংক ২১৬তম স্থান লাভ কৰে। ই ভাৰতৰ সৰ্ববৃহৎ বেংক। ভাৰতীয় বজাৰত সম্পত্তিৰ হিচাপত ইয়াৰ অংশ ২৩% আৰু ঋণ আৰু জমা টকাৰ বজাৰত এক চতুৰ্থাংশ।[5][6] এই বেংক ১৮০৬ চনত বেংক অফ কলিকতা হিচাপে স্থাপিত হৈছিল। ভাৰতীয় ষ্টেট বেংক ভাৰত উপমহাদেশৰ আটাইতকৈ পুৰণি বিত্তীয় প্ৰতিষ্ঠান। পিছলৈ ব্ৰিটিছ ভাৰতৰ বেংক অফ মাদ্ৰাজ আৰু দুখন "প্ৰেচিডেন্সী বেংক" ইয়াৰ লগত বিলয় হোৱাৰ পিছত বেংক অফ বোম্বে আৰু বেংক অফ কলিকতাৰ মিলনৰ ফলত ১৯২১ চনত ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া গঠন হয়। ভাৰত স্বাধীন হোৱাৰ পিছত ১৯৫৫ চনত এই বেংক ভাৰতীয় ষ্টেট বেংক হৈ পৰে।[7]১৯৫৫ চনত ভাৰত চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ লগত ইম্পেৰীয়েল বেংক অফ ইণ্ডিয়াৰ নিয়ন্ত্ৰণ কৰিবলৈ লয়। ভাৰত চৰকাৰে ইয়াৰ ৬০% অংশ নিজৰ লগত ৰাখি ইয়াক ভাৰতীয় ষ্টেট বেংক নামকৰণ কৰে। ২০০৮ চনত ভাৰত চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অংশ খিনিও নিজৰ অধীনলৈ আনে। শেহতীয়া বঁটা আৰু সন্মান
তথ্য উৎস
বাহ্যিক সংযোগ
|