বেংকবেংক হৈছে এক বিত্তীয় প্ৰতিষ্ঠান যিয়ে ৰাইজৰ পৰা জমা হিচাবে মুদ্ৰা গ্ৰহণ কৰে ঋণ বা বিনিয়োগ কৰাৰ বাবে। সেই মুদ্ৰা, চেক, ড্ৰাফ্ট, আদেশ (অৰ্ডাৰ) অথবা আন উপায়ে উলিয়াই অনাৰ ব্যৱস্থা থাকে। বেংকসমূহে জমা তথা ঋণৰ উপৰিও অন্যন্যা সুবিধা যেনে মুদ্ৰা স্থানান্তৰ, চেক সংগ্ৰহ আদিৰ সুবিধা প্ৰদান কৰে। আনহাতে বেংকে অধিশেষ (Surplus) খণ্ডৰ পৰা ঘাটি খণ্ডলৈ বিত্তৰ গতি ঘটাই অৰ্থনীতিৰ ভাৰসাম্যতা বজাই ৰাখি বিত্তীয় মধ্যস্থতাকাৰীৰ ভূমিকাও পালন কৰে। যিয়ে সমাজৰ আৰ্থিক দিশৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আধুনিক গোলকীয় অৰ্থনীতিত বেংক ব্যৱস্থা হৈছে একোখন দেশৰ প্ৰধান অৰ্থনৈতিক চালিকা শক্তি। অন্য কথাত বেংক, একো একোখন দেশৰ ইন্ধন উদ্যোগ (ফুৱেল ইণ্ডাষ্ট্ৰী) । টকা সকলো উদ্যোগৰে ইন্ধন। বেংকে টকা যোগানকাৰী উদ্যোগ অথাৎ ইন্ধন উদ্যোগ ৰূপে কাম কৰে। আন্তৰ্জাতিক লেনদেনৰ ক্ষেত্ৰতো মুখ্য মাধ্যম হিচাবে বেংকে কাম কৰে। শব্দৰ উৎপত্তিবেংক শব্দটো প্ৰাচীন ইটালীয় শব্দ "banco" শব্দৰ পৰা অহা বুলি অনুমান কৰা যায়, যাৰ অৰ্থ "বেঞ্চ"। আনহাতে ভাৰততো ইয়াৰ উদ্ভব সম্পৰ্কে কিছু তথ্য পোৱা যায়। অনুমান কৰা হয় যে সংস্কৃত শব্দ "ब्यय" অৰ্থাত খৰছ আৰু "अंक" অৰ্থাত হিচাব "ब्यय+अंक= ब्ययअंक" ৰ পৰা আহিছে। যাৰ প্ৰচলন আজিকোপতি বাংলা ভাষাত দেখা যায়, বাংলা ভাষাত বেংকক "ব্যাঙ্ক" (ব্যায় + অঙ্ক) বুলি লিখা দেখা যায়। সেই সময়চোৱাত লেনদেনৰ বাবে বেঞ্চৰ ব্যৱহাৰ কৰা হৈছিল, যিবিলাকৰ ওপৰত পাৰিবলৈ সেউজীয়া কাপোৰ ব্যৱহাৰ কৰিছিল৷ ইতিহাসআধুনিক বেংকৰ জন্ম নৱজাগৰণৰ প্ৰাৰম্ভিক কালত উত্তৰ ইটালীৰ ধনী চহৰ বিশেষকৈ ফ্লোৰেঞ্ছ, ভেনিছ আৰু জেনোআত হোৱা বুলি জনা যায়। চতুৰ্দশ শতিকাত বৰ্দি আৰু পেৰুজি পৰিয়ালে ফ্লোৰেঞ্ছৰ বেংকিং জগতত একচ্ছত্ৰ প্ৰাধান্য বিস্তাৰ কৰিছিল। তাৰোপৰি ইউৰোপৰ বিভিন্ন অংশত বেংকৰ শাখা প্ৰতিষ্ঠা কৰিছিল। তাৰোপৰি, আটাইতকৈ জনপ্ৰিয় ইটালীয় বেংকটো আছিল মেডিছি বেংক, যিটো ১৩৯৭ চনত গিওভেন্নী মেডিছিয়ে প্ৰতিষ্ঠা কৰিছিল। সেই কালৰ বেংকসমূহৰ ভিতৰত "বেংকো ডি চান জিওৰ্জিও"ই (বেংক অৱ চেণ্ট জৰ্জ) প্ৰাচীনতম ৰাষ্ট্ৰীয় সঞ্চয় বেংক হিচাবে চিহ্নিত হৈছে, ১৪০৭ চনত ইটালীৰ জেনোআত উক্ত বেংকটো প্ৰতিষ্ঠিত হৈছিল।[1][2] তথ্যসংগ্ৰহ
|
Portal di Ensiklopedia Dunia