ধেমাজি জিলাএই প্ৰবন্ধটো জিলাখনৰ বিষয়ে। একে নামৰ সদৰ স্থানৰ বাবে ধেমাজি চাওক।
ধেমাজি ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে অৱস্থিত অসম ৰাজ্যৰ এখন জিলা।[1] জিলাখনৰ উত্তৰে আৰু পূবে অৰুণাচল প্ৰদেশ, দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু পশ্চিমে লখিমপুৰ জিলা। ধেমাজি জিলাৰ মুঠ মাটিকালি হৈছে ৩২৩৭ বৰ্গ কিঃমিঃ। জিলাখন দুটা মহকুমাত ভাগ কৰা হৈছে: ধেমাজি আৰু জোনাই। ধেমাজি নগৰ ধেমাজি জিলাৰ সদৰ। ২০০১ চনৰ লোকপিয়ল মতে, জিলাখনৰ মুঠ জনসংখ্যা হৈছে ৫.৭১ লাখ। ইয়াৰে ২.৯৫ জন পুৰুষ আৰু ২.৭৬ গৰাকী মহিলা। সাক্ষৰতাৰ হাৰ ৬৬%। সমুদ্ৰপৃষ্ঠৰ পৰা গড় উচ্চতা ১০৪ মিটাৰ। জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলো মিটাৰত ১৭৬ জন।[1] ধেমাজি নামৰ উৎপত্তিধেমাজি নামৰ উৎপত্তি সম্পৰ্কে থকা এক মতবাদ অনুসৰি, এই অঞ্চলত থকা এখন নদীয়ে ইয়াৰ গতিপথ সঘনাই সলনি কৰিছিল। ইয়াৰ ফলত অঞ্চলটোৰ বিভিন্ন অংশ আৱৰি অপ্ৰত্যাশিত বানপানী হৈছিল। সেয়েহে নদীখন এক প্ৰকাৰৰ অশুভ আত্মা বুলি বিশ্বাস কৰা হৈছিল। বানপানী আৰু খেল শব্দৰ অসমীয়া সংস্কৰণ হৈছে ক্ৰমে "ধল" আৰু "ধেমালি"। অঞ্চলটোত বানপানী এক চিৰস্থায়ী ঘটনা হৈ পৰাত ঠাইখন বানপানীৰ খেলপথাৰ বুলি কোৱা হৈছিল। এইদৰে "ধল-ধেমালি" শব্দটোৰ পৰা ধল শব্দটি বিলুপ্ত হয় আৰু পিছলৈ "ধেমালি" শব্দটো "ধেমাজি" হিচাপে উচ্চাৰণ কৰা আৰম্ভ হৈছিল।[2] ইয়াৰোপৰি চুতীয়া সকলে "ধেমাজি" শব্দটো চুতীয়ামূলৰ শব্দ বুলি কয়। তেওঁলোকৰ মতে "দেমা-জি"ৰ পৰা সৃষ্টি হৈছে যাৰ অৰ্থ হৈছে "অত্যধিক পানী"।[উদ্ধৃতিৰ প্ৰয়োজন] প্ৰচলিত পৌৰাণিক জনবিশ্বাস মতে, "ধেমাজি" নামৰ উৎপত্তি এসময়ত সেই ঠাইত এখন নদীয়ে সঘনাই নিজৰ সূঁতি সলাইছিল তথা বানপানীৰ তাণ্ডৱলীলা চলোৱা বাবে, সেইসময়ৰ লোকসকলে ইয়াক কোনো অশুভ শক্তিৰ দ্বাৰা প্ৰভাৱিত বুলি ভাবিছিল। এইদৰে সঘনাই হোৱা বানপানী আৰু নদীয়ে সূঁতি সলোৱা বাবে লোকসকলে বানপানী অৰ্থাৎ "দেমা-জি" নাম দিলে।[উদ্ধৃতিৰ প্ৰয়োজন] ইতিহাস![]() চুতীয়া ৰাজ্যধেমাজি অতি প্ৰাচীন কালৰ পৰাই চুতীয়া সকলৰ অধীনত আছিল। মধ্যযুগত বীৰপাল নামৰ এজন চুতীয়া মুখিয়াল ৰজা বনিছিল আৰু ধেমাজি জিলাৰ সোনাগিৰিত(সোৱনশিৰি পাৰত) ৰাজধানী স্থাপন কৰিছিল। বীৰপালৰ দদায়েক ভদ্ৰশেনৰ ৰাজ্য বৰ্তমানৰ দক্ষিণ ধেমাজি আৰু লক্ষিমপুৰ জিলাৰ অন্তৰ্গত আছিল। ১২৩০ শতিকাত বীৰপালৰ পুত্ৰ ৰত্নধ্বজপালে ভদ্ৰেশেন ৰজাক পৰাস্ত কৰি মাজুলী অঞ্চলত ৰতনপুৰ নামৰ এখন নগৰ নিৰ্মাণ কৰি ৰাজধানী স্থাপন কৰিছিল। আহোম ৰাজ্যটাই-আহোম ভাষাত লিখা সাচিপটিয়া দীন-বুৰঞ্জী অনুসৰি চাওলুং চ্যুকাফা আৰু তেঁওৰ লগত অহা ৯০৩০ জন লোকে ধেমাজী জিলাৰ হাবুঙত তিনি চন্দ্ৰ বৰ্ষ ক্ৰমে লাকনি দাপকেও, লাকনি ৰাইছেও আৰু লাকনি মুঙপ্লাও গড় বান্ধি পঞ্চম ৰাজধানী পাতে কিন্তু বানপানী হোৱাৰ ফলত পুনৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ ঘূৰি যায়।[3] ১৫২৩ খ্ৰীষ্টাব্দত আহোম ৰজা চুহুংমুঙৰ আক্ৰমণত চুতীয়া ৰজা নীতিপাল নিহত হোৱাৰ পিছত এই অঞ্চল পুনৰ আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত হয়।[4] ধেমাজি জিলা গঠনবৰ্তমানৰ ধেমাজি জিলা ১৯৭১ চনলৈকে ডিব্ৰুগড়ত সদৰ ঠাই থকা পুৰণি লক্ষীমপুৰ জিলাৰ অংশ আছিল। ১৯৭১ চনত পুৰণি লক্ষীমপুৰ জিলাৰ বিভাজন কৰি ডিব্ৰুগড় আৰু লক্ষীমপুৰ দুখন জিলা কৰাৰ সময়ত ধেমাজিক লক্ষীমপুৰ জিলাৰ মহকুমা ঘোষণা কৰা হয়।[4] সেই সময়ৰ ধেমাজি মহকুমাত বৰ্তমানৰ জোনাই মহকুমা (এতিয়াৰ ধেমাজি জিলাৰ অংশ) আৰু ঢকুৱাখনা মহকুমা (এতিয়াৰ লখিমপুৰ জিলাৰ অংশ) অন্তৰ্ভুক্ত আছিল। ১৯৮৯ চনত লক্ষীমপুৰ জিলা ভাঙি বৰ্তমানৰ লখিমপুৰ আৰু ধেমাজি জিলা গঠিত হয়। খ্ৰীষ্টীয় ১৯৮৯ চনৰ ১৪ আগষ্টত ধেমাজি জিলাৰ গঠন অসম চৰকাৰে ঘোষণা কৰে।[5] তদানীন্তন লখিমপুৰ জিলাৰ ধেমাজি মহকুমাৰ পৰা ঢকুৱাখনাৰ অংশ বাদ দি বাকী অংশ, মাছখোৱা মৌজাৰ একাংশ আৰু বৰদলনি মৌজা আৰু জোনাই মহকুমাৰে ধেমাজি জিলা গঠন হয়। জিলা সদৰক লৈ চিলাপথাৰ নগৰ আৰু ধেমাজি নগৰৰ মাজত হোৱা টনাটনিৰ অৱসান ঘটাই ১ অক্টোবৰ ১৯৮৯ তাৰিখৰপৰা ধেমাজি নগৰক সদৰ হিচাপে ধেমাজি জিলাৰ প্ৰতিষ্ঠা হয়।[6] ভৌগোলিক অৱস্থিতিধেমাজি জিলাৰ ভৌগোলিক বিস্তৃতি ৯৪° ১২' ১৮'' ডিগ্ৰী পূৱৰ পৰা ৯৫° ৪১' ৩২'' ডিগ্ৰী পূৱ আৰু ২৭° ০৫' ২৭'' ডিগ্ৰী উত্তৰৰ পৰা ২৭° ৫৭' ১৬'' ডিগ্ৰী উত্তৰলৈ। জিলা সদৰ ধেমাজি নগৰৰ ভৌগোলিক স্থানাংক ২৭.৪৮ উত্তৰ ৯৪.৫৮ পূৱ। সমুদ্ৰপৃষ্ঠৰ পৰা গড় উচ্চতা ১০৪ মিটাৰ। মাটিকালি প্ৰায় ৩২৩৭ বৰ্গ কিঃমিঃ (১২৫০ বৰ্গ মাইল)।[6] প্ৰশাসনিক বিভাজনধেমাজি জিলা জোনাই বিধানসভা সমষ্টি আৰু ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত।[7] এই দুয়োটা সমষ্টি অনুসূচীত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।[8][7] এই দুয়োটা বিধানসভা সমষ্টি লক্ষিমপুৰ (লোকসভা সমষ্টি)ৰ অংশ।[9]
জিলা উপায়ুক্ত : পি বিজয় ভাস্কৰ ৰেডী, আই. এ. এছ
প্ৰশাসনিক দিশৰ পৰা ধেমাজি জিলাক দুটা মহকুমাত ভাগ কৰা হৈছে : ধেমাজি আৰু জোনাই।[8]
আৰক্ষী অধীক্ষক : ৰঞ্জন ভূঞা, এ.পি.এছ.
ধেমাজি সদৰ আৰক্ষী থানা, গোগামুখ আৰক্ষী থানা, গেৰুকামুখ আৰক্ষী থানা, চিলাপথাৰ আৰক্ষী থানা, চিমেন চাপৰি আৰক্ষী থানা, চেঙাজান আৰক্ষী থানা, জোনাই আৰক্ষী থানা
বৰদলনি আৰক্ষী চকী, মাছখোৱা আৰক্ষী চকী, লিকাবালি আৰক্ষী চকী, ডিমৌ তহলদাৰী আৰক্ষী চকী, চিচিবৰ গাঁও আৰক্ষী চকী, লাইমেকুৰী তহলদাৰী আৰক্ষী চকী অৰ্থনীতি
জনগাঁথনি২০০১ চনৰ লোকপিয়ল অনুসৰি ধেমাজি জিলাৰ মুঠ জনসংখ্যা ৫,৭১,৯৪৪ জন (পুৰুষ ২,৯৪,৬৪৩ আৰু মহিলা ২,৭৭,৩০১)।[10] লিংগ অনুপাত প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে ৯৩৬ গৰাকী মহিলা। জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলো মিটাৰত ১৭৬ জন।[10][11] মুঠ জনসংখ্যাৰ ৪৭.২৭% আৰু ৫.৩৩% ক্ৰমে অনুসূচীত জনজাতি আৰু অনুসূচীত জাতি শ্ৰেণীৰ অন্তৰ্ভুক্ত।[11] ধেমাজি এক গ্ৰাম্য প্ৰধান জিলা। জিলাখনৰ নগৰীয়া জনসংখ্যা মুঠ জনসংখ্যাৰ মুঠেই ১.৮৫%। সমগ্ৰ ধেমাজি জিলা অঞ্চল মিচিং, সোণোৱাল কছাৰী, বড়ো, দেউৰী আৰু তিৱা/লালুং আদি জনগোষ্ঠীৰ থলুৱা বসতিস্থল আছিল। বিভিন্ন সময়ত আহোম, ৰাভা, তাই-খামতি, কোঁচ, কেওঁট (কৈৱৰ্ত), ব্ৰাহ্মণ, কায়স্থ, কলিতা আদি গোষ্ঠীৰ এই অঞ্চললৈ প্ৰব্ৰজন ঘটে।[4] ১৯৭১ চনৰ পৰা ১৯৯১ চনলৈকে এই দুই দশকৰ ভিতৰত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ১০৪.৪৮% হাৰত জিলাখনৰ অন্তৰ্ভুক্ত অঞ্চলৰ জনসংখ্যা বৃদ্ধি পায়। এই সময়চোৱাত ৰাজ্যখনৰ অন্যান্য অঞ্চলৰ পৰা ইয়ালৈ নতুন কৃষিভূমি বিচাৰি পাম খাবলৈ অহা লোকৰ তীব্ৰ হাৰত প্ৰব্ৰজন ঘটিছিল। সামগ্ৰিকভাৱে জিলাখনৰ বছৰেকীয়া জনসংখ্যা বৃদ্ধিৰ হাৰ ৫.২২% (ৰাজ্যিক গড় ২.৬২%)।[10] জিলাখনৰ জনসংখ্যাৰ এক বৃহৎ অংশ অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত। এই সকল হৈছে আহোম,চুতীয়া, কোঁচ ইত্যাদি। অনুসূচীত জনজাতি বিলাকৰ ভিতৰত মিচিং, সোণোৱাল কছাৰী, বড়ো, দেউৰী, তিৱা/লালুং , হাজং আদিয়েই প্ৰধান। কৈৱৰ্ত সম্প্ৰদায় এই জিলাৰ মূল অনুসূচীত জাতি। নগণ্য সংখ্যক (প্ৰাক্তন) চাহ শ্ৰমিক সমুদায়ৰ লোকো এই জিলাত আছে।[10]
হিন্দু ধৰ্ম প্ৰধান ধৰ্ম। সীমিত পৰিমাণে খ্ৰীষ্টান আৰু ইছলাম ধৰ্মৰও প্ৰচলন আছে। এই জিলাত সাম্প্ৰদায়িক হিংসাৰ তথ্য প্ৰায় নাই বুলিব পাৰি।[10]
অসমীয়া হ'ল প্ৰধান আৰু সাধাৰণ ভাৱে ব্যৱহৃত ভাষা। ইয়াৰ উপৰিও ধেমাজি জিলাত মিচিং, বড়ো আৰু বাংলা ভাষা ঘৰুৱাভাৱে ব্যৱহাৰ হয়। শিক্ষাজিলাখনৰ সাক্ষৰতাৰ হাৰ ২০১১ চনৰ লোকপিয়ল মতে ৭২.৭০%। মহিলা সাক্ষৰতাৰ হাৰ ৬৫.২১%।
পৰিবহণধেমাজি জিলাত মুঠ ৪৩.৭৫ কিঃমিঃ ৰাজ্যিক PWD আৰু ১৪১ কিঃমিঃ পথ ৰাষ্ট্ৰীয় ঘাইপথৰ অধীনত। Boarder Roads Organisation-এ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথটো তদাৰক কৰে।[12]
৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ ধেমাজি জিলাৰ দীঘে দীঘে ইমূৰৰ পৰা সিমূৰলৈ প্ৰায় সোঁমাজেৰে পাৰ হৈছে।[12] ইয়াকে আলম কৰি ধেমাজি জিলাৰ নগৰ সমূহ (পশ্চিমৰ পৰা পূৱলৈ ক্ৰমে) গোগামুখ, ধেমাজি, চিলাপথাৰ আৰু জোনাই গঢ়ি উঠিছে।
ৰাষ্ট্ৰীয় ঘাই পথৰ প্ৰায় সমান্তৰাল ভাৱে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰঙিয়া ডিভিজনৰ অন্তৰ্গত উত্তৰ ৰঙাপাৰা-মূৰ্কংচেলেক ব্ৰড গজ শাখাৰ এক একাকী ৰেলপথ আছে। জোনাইৰ সমীপৰ মূৰ্কংচেলেক এই শাখাৰ অন্তিম ৰেল আস্থান।
ধেমাজি জিলাৰ কাৰেং ঘাট, মাজৰ বাৰী ঘাট, উৰিয়াম ঘাটৰ পৰা ডিব্ৰুগড় জিলালৈ নিয়মীয়াকৈ ফেৰী চলাচল কৰে।[12] ধেমাজিৰ উল্লেখযোগ্যউল্লেখযোগ্য ঠাই
প্ৰাকৃতিক দুৰ্যোগপূৱ-হিমালয়ৰ পাদদেশত অৱস্থিত এই জিলাখনক অতিশয় ভূকম্পনপ্ৰৱণ অঞ্চল হিচাপে গন্য কৰা হয়। দেশৰ ভিতৰতে অন্যতম বানপানী প্ৰৱণ জিলা হিচাপে দুৰ্নাম থকা জিলাখনৰ বহু অঞ্চল বছৰটোৰ বাৰিষাৰ মাহ কেইটাত প্ৰায়েই ৰাজ্যৰ অন্য অংশৰ পৰা বিচ্ছিন্ন হৈ থাকে। সকলৰ অকৰ্মণ্যতা তথা স্থানীয় স্তৰত বিৰাজ কৰা প্ৰশাসনিক দুৰ্নীতিৰ ফলশ্ৰুতিত জিলাখনত সঘনাই হোৱা বানপানী আৰু বাটপথৰ অৱস্থা তেনেই শোচনীয় হোৱাৰ মুল কাৰণ বুলি ক’ব পাৰি। [1] চিত্ৰভঁৰাল
আৰু চাওকতথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia