এশিঙীয়া গঁড়
গঁড় (বৈজ্ঞানিক নাম: Rhinoceros unicornis) এটি স্তন্যপায়ী জন্তু।[2] ইয়াক একচৰ, একশৃংগ, খড়্গী আদি নামেৰেও জনা যায়। পৃথিৱীত বৰ্তমান ৩০০০ মানহে গঁড় আছে আৰু ইয়াৰে প্ৰায় ২০০০ অসমত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্য আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়।[3] বিস্তৃতিএশিঙীয়া গঁড় প্ৰধানকৈ বাংলাদেশ, ভূটান, ভাৰত আৰু নেপালত দেখা পোৱা যায়। ভাৰতত একালত এই গঁড় ব্ৰহ্মপুত্ৰ, গংগা আৰু সিন্ধু নদীৰ উপত্যকাৰ বনাঞ্চলত উভৈনদী আছিল যদিও বৰ্তমান কেৱল অসম, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগত সীমিত সংখ্যক গঁড় আছেগৈ। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য আদিৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ঘাঁহনি অঞ্চলত বৃহৎ সংখ্যক এশিঙীয়া গঁড় দেখা পোৱা যায়।[4] দৈহিক গঠনএশিঙীয়া গঁড়ৰ ওজন প্ৰায় ১৮০০-২৭০০ কিলোগ্ৰাম, উচ্চতা ১.৭৫-২ মিটাৰ আৰু দৈৰ্ঘ্য ৩-৩.৮ মিটাৰ। ইয়াৰ ছালখন ধোঁৱা বৰণীয়া, নোমবিহীন, দেখাত যুদ্ধত ব্যৱহাৰ কৰা বৰ্মৰ দৰে কঠিন। তথ্য অনুসৰি এশিঙীয়া গড়ৰ ছাল ৪ ছেমি পৰ্য্যন্ত ডাঠ হ’ব পাৰে। এই গঁড়ৰ খড়্গ মাথোঁ এটা। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২০-৬১ ছেমি আৰু ওজন ৩ কিলোগ্ৰাম পৰ্য্যন্ত হয়। এই খড়্গ ভাঙিলে পুনৰ গজিব পাৰে।[5] আচৰণএশিঙীয়া গঁড় মূলতঃ অৰ্ধ জলচৰ। ইহঁতে জলাশয় আৰু পিতনিত চৰি ভাল পায়। ই সাধাৰণতে অকলশৰীয়াকৈ থাকে। কেৱল পোৱালি আৰু মাকেহে একেলগে চৰা দেখা যায়। মতা এশিঙীয়া গঁড়ে নিজৰ ভৌগোলিক পৰিসীমা (territory) ৰক্ষা কৰি চলে আৰু ইয়াৰ ভিতৰত অন্য মতা গঁড়ে প্ৰবেশ কৰিলে হিংস্ৰতাৰে আক্ৰমণ কৰে। মাইকী গঁড়ে অৱশ্যে বিনাবাধাই এনে পৰিসীমাৰ বাহিৰ-ভিতৰ হ’ব পাৰে। এশিঙীয়া গঁড়ে একে ঠাইতে মল ত্যাগ কৰে আৰু এই মলৰ দ’মৰ যোগেদি অন্য প্ৰাণীক নিজৰ ভৌগোলিক পৰিসীমাৰ সংকেত দিয়ে। ইহঁতে সাধাৰণতে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ একেটা বাট ব্যৱহাৰ কৰে আৰু ভৰিৰ তলুৱাত থকা গ্ৰন্থিৰ পৰা ওলোৱা গোন্ধৰে চিন ৰাখি যায়। এই বাটটোক ‘দণ্ডী’ বুলি কোৱা হয়। ইহঁতৰ শ্ৰবণ আৰু গোন্ধ শক্তি তীব্ৰ কিন্তু দৃষ্টিশক্তি তেনেই দুৰ্বল।[4] মাইকী এশিঙীয়া গঁড় চাৰি বছৰ বয়সত আৰু মতা গঁড় নবছৰ বয়সত প্ৰজননৰ বাবে সাজু হয়। প্ৰায় ১৫-১৬ মাহ গৰ্ভধাৰণ কৰি মাইকী গঁড়ে একোটা পোৱালিৰ জন্ম দিয়ে। পোৱালিৰ ওজন প্ৰায় ৫৮-৭০ কিলোগ্ৰাম হয় আৰু জন্মৰ পিচত প্ৰতিদিনে পোৱালিটোৰ ওজন ১-২ কিলোগ্ৰামকৈ বাঢ়ে। প্ৰথম বছৰটো পোৱালি মাকৰ লগে লগে থাকে। এশিঙীয়া গঁড়ৰ আয়ুস সাধাৰণতে ৩০-৪৫ বছৰ। ই প্ৰধানকৈ ঘাঁহ, গছৰ পাত, জলচৰ উদ্ভিদ আদি খাই জীয়াই থাকে।[4] স্থিতি তথা সংৰক্ষণএশিঙীয়া গঁড়ক আই ইউ চি এন ৰঙা তালিকা (IUCN Red List)-ত অসুৰক্ষিত (vulnerable) বুলি গণ্য কৰা হৈছে। বিস্তীৰ্ণ ঘাঁহনি আৰু পিতনি অঞ্চলৰ ধ্বংসপ্ৰাপ্তি তথা চোৰাং চিকাৰ ইয়াৰ মূল কাৰণ বুলি অভিহিত কৰা হয়।[6] তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia