যোৰহাট জিলাএই প্ৰবন্ধটো জিলাখনৰ বিষয়ে। একে নামৰ সদৰ স্থানৰ বাবে যোৰহাট চাওক।
যোৰহাট জিলা ভাৰতৰ অসম ৰাজ্যৰ ৩৩খন জিলাৰ ভিতৰত এখন। ইয়াৰ সদৰ স্থান যোৰহাট চহৰ। যোৰহাট জিলাক অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বা সাংস্কৃতিক নগৰী বুলিও জনা যায়।[2] পূৰ্বতে যোৰহাট শিৱসাগৰ জিলাৰ অন্তৰ্গত এটা মহকুমা আছিল। ১৯৮৩ চনত ইয়াক এক সুকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়।[3] জিলাখনক দুটা মহকুমাত ভাগ কৰা হৈছে: যোৰহাট আৰু তিতাবৰ। পূৰ্বতে মাজুলী যোৰহাট জিলাৰ এক মহকুমা আছিল। ২০১৬ বৰ্ষৰ ৮ ছেপ্টেম্বৰত মাজুলীক এখন পূৰ্ণ পৰ্যায়ৰ জিলাৰূপে অসম চৰকাৰে ঘোষণা কৰে। অবিভক্ত যোৰহাট জিলা বা মাজুলী জিলা গঠনৰ পূৰ্বৰ যোৰহাট জিলাৰ মুঠ মাটিকালি হৈছে ২,৮৫১ বৰ্গ কিলোমিটাৰ। ২০১১ চনৰ লোকপিয়ল মতে অবিভক্ত যোৰহাট জিলাৰ জনসংখ্যা হৈছে ১০,৯২,২৫৬ জন।[1] ইতিহাসপ্ৰধান প্ৰবন্ধ: যোৰহাট জিলাৰ ইতিহাস
প্ৰখ্যাত জীৱনীকাৰ গুণাভিৰাম বৰুৱাই 'আসাম বুৰঞ্জী' গ্ৰন্থত উল্লেখ কৰা এক প্ৰচলিত প্ৰবাদ মতে প্ৰাচীন মগধৰাজ জৰাসন্ধই বহুতো ক্ষুদ্ৰ ৰাজ্য ( প্ৰায় ৮৬খন ) জয় কৰি ইয়াৰ ৰজাসকলক এতিয়াৰ যোৰহাটত বন্দী কৰি ৰাখিছিল। পিছত ভীমে জৰাসন্ধক বধ কৰি ৰজাসকলক মুকলি কৰি দিয়ে আৰু তেতিয়াৰে পৰা ৰাজ্যবোৰৰ মাজত সুখ-শান্তি বিৰাজ কৰিবলৈ দিয়ে। এতিয়াৰ চেকণীধৰা, কমলাবৰীয়া আৰু আতিলা গাঁও আগুৰি থকা ঠাইখণ্ড জৰাসন্ধ ৰজাৰ পোতাশাল আছিল বুলি জনা যায়। ব্ৰিটিছ শাসনৰ প্ৰথম দশকতেই ১৮৩৯ চনত গোমধৰ কোঁৱৰ, পিয়লী ফুকন, জীউৰাম দুলীয়া বৰুৱা আদিৰ বিদ্ৰোহৰ সূত্ৰপাত হয়। সেই বছৰতেই যোৰহাট আৰক্ষী চকী স্থাপন কৰা হয় আৰু ১৮৫৮ চনত সেই স্থানতে চিপাহী বিদ্ৰোহৰ নেতাসকলক ফাঁচী দিয়া হয়। ১৮৮৫ চনত নেৰ'-গজ ৰেল সেৱা (যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে) আৰম্ভ হয় আৰু ফলত চাহ উদ্যোগৰ দ্ৰুত উত্তৰণ হয়। ১৮৬৯ চনত যোৰহাটক শিৱসাগৰ জিলাৰ অন্তৰ্গত এটা মহকুমা হিচাপে স্বীকৃতি দিয়া হয়[3] আৰু ১৯১১ চনত যোৰহাটক শিৱসাগৰ জিলাৰ সদৰ ঠাই বুলি ঘোষণা কৰা হয়। সেই সময়ত অবিভক্ত শিৱসাগৰ জিলা বুলিলে বৰ্তমানৰ শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ লগতে কাৰ্বি আংলঙৰ অলপ অংশ সামৰি এটা বিস্তীৰ্ণ অঞ্চল বুজোৱা গৈছিল।[4] মেজৰ প্লে'ফেয়াৰ আছিল অবিভক্ত শিৱসাগৰ জিলাৰ প্ৰথম উপায়ুক্ত। ১৯৮৩ চনত শিৱসাগৰ জিলাৰ পৰা আঁতৰাই যোৰহাট জিলাক সুকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়।[2][5] ২০১৬ চনৰ ৮ ছেপ্টেম্বৰত যোৰহাট জিলাৰ মাজুলী মহকুমাক পৃথক কৰি এখন পূৰ্ণ পৰ্যায়ৰ জিলাৰূপে স্বীকৃতি দিয়া হয়। মধ্যযুগীয় নিৰ্মাণপথ
যোৰহাটৰ প্ৰথম পকী পথটো আছিল ব্ৰিটিছে সজোৱা নগৰৰ মধ্যভাগৰ পৰা জিমখানা ক্লাব সংলগ্ন 'ক্লাব ৰ'ড'। মঠ/মন্দিৰ
সত্ৰ
ভৌগোলিক তথ্যঅবিভক্ত যোৰহাট জিলাৰ মাটিকালি হৈছে ২,৮৫১ বৰ্গ কিলোমিটাৰ।[1][8] বাৰ্ষিক বৃষ্টিপাতৰ হাৰ ২০২৯ মিলিমিটাৰ।[9] উত্তৰ-পশ্চিম মৌচুমীৰ বৰঙণি ইয়াত বেছি। তাপমাত্ৰা ৯°ৰ পৰা ৩৯° হ'ব পাৰে। জিলাখনৰ উত্তৰ দিশত ব্ৰহ্মপুত্ৰৰ মাজত পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী অৱস্থিত। পূৰ্বতে এই নদীদ্বীপ যোৰহাট জিলাৰ অংশ আছিল। বৰ্তমান ই এক স্বকীয় জিলা। বনাঞ্চল১৯৯৭ চনত যোৰহাটত হোলোঙাপাৰ গিবন অভয়াৰণ্য মুকলি কৰা হয়।[10] ই যোৰহাট নগৰৰ পৰা প্ৰায় ১৯ কিমি আৰু মৰিয়নিৰ পৰা ৫ কিমি আঁতৰত অৱস্থিত। ২১ বৰ্গ কিমি মাটিকালিৰ এই অভয়াৰণ্য হলৌ বান্দৰকে ধৰি বহুতো বন্যপ্ৰাণীৰ বাসস্থান। ব্ৰিটিছৰ দিনত ইয়াক হোলোঙাপাৰ হাবি বুলি কোৱা হৈছিল। অৰ্থনীতিযোৰহাট জিলাত প্ৰায় ১৩৫খন চাহ বাগিছা আছে। ক্ষুদ্ৰ চাহ বাগিছাই ১৫০.৬ হেক্টৰ মাটি অধিকাৰ কৰি আছে। প্ৰধান খাদ্যশস্য হৈছে ধান। মুঠ শস্য ক্ষেত্ৰ হৈছে ১৫২৩৭৯ হেক্টৰ (৫৩.৪৪%)। জনমুৰি খাদ্য শস্যৰ উৎপাদন বছৰেকত ২০৫ কিলোগ্ৰাম।[11] ২০০০-২০০১ চনৰ তথ্য অনুসৰি যোৰহাট জিলাৰ বাসিন্দাৰ জনমুৰি আয় ১১২২২ টকা যি অসমৰ গড় আয়ৰ প্ৰায় দুগুণ আৰু সৰ্বভাৰতীয় গড়তকৈও বেছি।[12] চাহৰ বাদে যোৰহাটৰ মুখ্য খাদ্য-শস্য হল ধান। প্ৰশাসনিক বিভাজনযোৰহাট জিলাখনক দুটা মহকুমাত ভাগ কৰা হৈছে: যোৰহাট আৰু তিতাবৰ। এই জিলাত অসম বিধানসভাৰ ৫টা সমষ্টি আছে: দেৰগাঁও (৯৭), যোৰহাট (৯৮), তিতাবৰ (১০০), মৰিয়নি (১০১) আৰু টিয়ক (১০২)।[13] দেৰগাঁও সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত।[13] দেৰগাঁও কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত, আন চাৰিখন ঠাই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত।[14] জনগাঁথনিভাৰতৰ ২০১১ চনৰ লোকপিয়লৰ তথ্য মতে অবিভক্ত যোৰহাটৰ জনসংখ্যা হৈছে ১০,৯২,২৫৬ জন।[1] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত যোৰহাটৰ স্থান ৪১৮তম।[15] ঘনবসতি প্ৰতি কিলোমিটাৰত ৩৮৩.১ জন।[16] ২০০১-২০১১ দশকত জনসংখ্যা বৃদ্ধিৰ হাৰ ৯.২১%।[16] যোৰহাটৰ লিঙ্গ অনুপাত হৈছে প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে ৯৬২ গৰাকী মহিলা[1] আৰু সাক্ষৰতাৰ হাৰ ৮২.১৫%।[1] জিলাখনত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোক মুঠ জনসংখ্যাৰ ক্ৰমে ৭.৬১% আৰু ১২.০৯%। ভাষাযোৰহাট জিলাৰ প্ৰধান ভাষা হৈছে অসমীয়া। তাৰ লগতে হিন্দী, বঙালী, মিচিং, নেপালী, ভোজপুৰী, চাদ্ৰী আদি ভাষাৰো প্ৰচলন আছে। ১৫০০ মান লোকৰ মাজৰ প্ৰচলিত আৰু বাৰ্মীয় লিপিত লিখা আন এটা ভাষা হৈছে আইটন।[17] উল্লেখযোগ্য ব্যক্তিযোৰহাট কেইবাজনো বিখ্যাত অসমীয়া লেখক, বুৰঞ্জীবিদ, সাংবাদিক, ব্যৱসায়ী আদিৰ বাসস্থান আৰু কৰ্মস্থান। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কৃষ্ণকান্ত সন্দিকৈ, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য,[18]'সুগন্ধি পখিলা'ৰ কবি হীৰেন ভট্টাচাৰ্য, বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী আদিয়ে যোৰহাটত জন্ম গ্ৰহণ কৰিছিল। তদুপৰি স্বাধীনতা যুঁজাৰু সোণাৰাম চুতীয়া, সমাজকৰ্মী দেবেশ্বৰ শৰ্মা, চিকিৎসক 'দীনবন্ধু' প্ৰসাদ বৰদলৈ, শিৱ প্ৰসাদ বৰুৱা, কৃষকপ্ৰাণ সৰ্বেশ্বৰ বৰদলৈ, চাহ উদ্যোগী হেমেন্দ্ৰ প্ৰসাদ বৰুৱা, ধ্বনিকবি বিনন্দ চন্দ্ৰ বৰুৱা‚ প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱা‚ সংগীতশিল্পী জুবিন গাৰ্গ আদিৰো মূল বাসস্থান যোৰহাটতে। শিক্ষাপ্ৰধান প্ৰবন্ধ: যোৰহাট জিলাৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ তালিকা
যোৰহাটক আধুনিক শিক্ষাৰ বাবে এখন ভাল ঠাই বুলি গণ্য কৰা হয়। ২০১১ চনৰ লোকপিয়ল অনুসৰি স্বাক্ষৰতাৰ হাৰত অসমৰ জিলাসমূহৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ পিছতে যোৰহাট জিলাৰ স্থান দ্বিতীয়ত।[19] ১৮৮৩ চনত বিজ্ঞান শিক্ষাৰ ব্যৱস্থা সম্বলিত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয় স্থাপন কৰা হয়। ১৯৩০ চনত স্থাপিত জগন্নাথ বৰুৱা মহাবিদ্যালয় জিলাখনৰ তথা উজনি অসমৰ ভিতৰতে প্ৰথম মহাবিদ্যালয়।[4] ২০০০ চনৰ তথ্য অনুসৰি জিলাখনত ১৮খন প্ৰাক-প্ৰাথমিক বিদ্যালয়, ১৭৬১খন প্ৰাথমিক বিদ্যালয়, ৪৪৩খন মধ্য ইংৰাজী বিদ্যালয়, ২৫১খন উচ্চ মাধ্যমিক বিদ্যালয়, ২৫খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ৪খন কনিষ্ঠ মহাবিদ্যালয় আছে।[20] ১৯৬৯ চনত স্থাপিত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ-পূব ভাৰতৰে একমাত্ৰ কৃষি বিশ্ববিদ্যালয়। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান, অসম (২০১৯), যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় (১৯৬০), উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (১৯৬১), প্ৰিন্স অফ ৱেল্চ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (১৯২৬), যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (১৯৭১), টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান (১৯১১), বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট (১৯৮৮) আদি উল্লেখযোগ্য শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠানসমূহ অৱস্থিত।[4] যাতায়াতপ্ৰধান প্ৰবন্ধ: যোৰহাট জিলাৰ পৰিবহণ
যোৰহাট বিমান বন্দৰক ৰৰৈয়া বিমানবন্দৰ নামেৰে জনা যায়। নগৰৰ মাজতে ইয়াৰ অৱস্থান। যোৰহাটৰ পৰা নিয়মীয়াভাৱে গুৱাহাটী, কলকাতা, দিল্লী আৰু মুম্বাইলৈ যাত্ৰীবাহী বিমান চলাচল কৰে।
যোৰহাট ভাৰতীয় ৰেলসেৱাৰ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অন্তৰ্গত। নগৰৰ ভিতৰত যোৰহাট ৰেল ষ্টেচন আৰু কিছু আঁতৰত মৰিয়নি জংচন আছে। গুৱাহাটী-যোৰহাটজন শতাব্দী এক্সপ্ৰেছ আৰু গুৱাহাটী-যোৰহাট-মৰিয়নি ইণ্টাৰচিটি এক্সপ্ৰেছ হৈছে প্ৰধান ৰেল সংযোগ। আনহাতে মৰিয়নি জংচনৰ পৰা ৰাজধানী এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ, ব্ৰহ্মপুত্ৰ মেইল আদিৰ দৰে গুৰুত্বপূৰ্ণ ৰেল চলাচল কৰে।
উত্তৰ-পূব ভাৰতৰ প্ৰধান নগৰ-চহৰসমূহৰ লগত যোৰহাটৰ পথেৰে সু-সংযোগ আছে। চহৰৰ তৰাজানৰ কটকীপুখুৰীস্থিত আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা ৰাজ্য তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইলৈ বাছ চলাচল কৰে। ৰাষ্ট্ৰীয় ঘাইপথ ৩৭-এ যোৰহাটক অসমৰ আন ঠাইসমূহৰ লগত সংযোগ কৰিছে। এই ঘাইপথে চুই যোৱা জিলাখনৰ প্ৰধান ঠাইসমূহ হ'ল- মহবন্ধা, পুলিবৰ, যোৰহাট, চেনিজান, লাহদৈগড়, কাকজান, টীয়ক |
যোৰহাটৰ নিমাতী ঘাটৰ পৰা মাজুলীলৈ নিয়মীয়াকৈ জাহাজ চলাচল কৰে। এই জলপথেই হৈছে যোৰহাটৰ পৰা মাজুলীলৈ যোৱাৰ একমাত্ৰ মাধ্যম। সংবাদপত্ৰযোৰহাটৰ পৰা জনমভূমি গোট আৰু জি.এল. প্ৰকাশন গোটৰ দ্বাৰা পাঁচখন দৈনিক বাতৰি কাকত প্ৰকাশ পায়।[4] জনমভূমি গোটৰ কেইখন হৈছে- সাপ্তাহিক জনমভূমি, দৈনিক জনমভূমি আৰু 'Eastern Clarion' (বৰ্তমান প্ৰকাশ বন্ধ)। সাপ্তাহিক জনমভূমিয়ে প্ৰকাশৰ ৬৯ বছৰ আৰু দৈনিক জনমভূমিয়ে ৪৫ বছৰ সম্পূৰ্ণ কৰিছে। জি.এল. প্ৰকাশন গোটৰ কাকতসমূহ হ'ল- অসমীয়াত আমাৰ অসম, ইংৰাজীত North East Times আৰু হিন্দীত "পূৰ্বাঞ্চল প্ৰহৰী।" ইয়াৰোপৰি অসমীয়া খবৰ আৰু দৈনিক অগ্ৰদূত কাকত দুখনো যোৰহাটৰ পৰা প্ৰকাশিত হয়। উল্লেখযোগ্য স্থানপ্ৰধান প্ৰবন্ধ: যোৰহাট জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা
১৪৬১ চনত মাধৱদেৱৰ দ্বাৰা স্থাপিত এটা নামঘৰ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি যোৰহাটৰ পৰা ১৫ কি:মি: পূবত ঢেঁকীয়াখোৱা গাঁৱত অৱস্থিত। নামঘৰৰ ১৩ বিঘা মাটি আছে আৰু নিজা এক প্ৰেক্ষাগৃহ আছে। কথিত আছে যে নামঘৰৰ মূল খুঁটাটো শাল গছেৰে নিৰ্মিত। কাহিনীমতে এৰাতি এজন ভকতে সপোনত দেখা পালে যে ঢেঁকীয়াখোৱা জানৰ সোঁত ওলোটা দিশত বৈছে আৰু তাত এডাল শাল গছ উটি আহিছে। পিছদিনা এই সপোন সঁচা হোৱা দেখি গাঁৱৰ ৰাইজে নামঘৰৰ মূল খুঁটাটো এই গছৰ পৰা তৈয়াৰ কৰে।
এই ঐতিহাসিক তীৰ্থ ক্ষেত্ৰ যোৰহাট নগৰৰ পৰা প্ৰায় ১৩ কিল’মিটাৰ উত্তৰ-পশ্চিম দিশত মালৌপথাৰত অৱস্থিত। এই ঐতিহাসিক ক্ষেত্ৰত বাৰ্ষিক ভাৱে 'ন-লগোৱা উৎসৱ' পালনৰ পৰম্পৰা চলি আহিছে।[21] হোলোঙাপাৰ গিবন অভয়াৰণ্য (পূৰ্বে হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চল বুলি জনা গৈছিল) হৈছে চিৰসেউজ অৰণ্যৰ এক সংৰক্ষিত অঞ্চল। ১৯৯৭ চনত ইয়াক চৰকাৰীভাৱে অভয়াৰণ্যৰ মৰ্যাদা দিয়া হয়। ১৮৮১ চনত প্ৰতিষ্ঠিত এই বনাঞ্চলৰ সীমা পাটকাই পৰ্বতৰ পাদদেশলৈকে বিস্তৃত আছিল। পিছলৈ অৰণ্যখন সৰু সৰু গাঁও আৰু চাহ বাগানে আৱৰি ধৰে। ১৯শ শতিকাৰ প্ৰথম ভাগত অৰণ্যখনৰ বিকাশৰ বাবে বৃক্ষৰোপণ কৰা হৈছিল আৰু ফলত জৈৱ বৈচিত্ৰ্যও বৃদ্ধি পায়। হোলোঙাপাৰ গিবন অভয়াৰণ্যত ভাৰতৰ একমাত্ৰ গিবন হলৌ বান্দৰ আৰু উত্তৰ-পূব ভাৰতৰ একমাত্ৰ নিশাচৰ প্ৰাইমেট লাজুকী বান্দৰ পোৱা যায়। বুঢ়ীগোসানী দেৱালয় হৈছে যোৰহাট চহৰৰ মাজমজিয়াত গড় আলিৰ পূবে অৱস্থিত এক শাক্ত মন্দিৰ। ১৭০৮ চনত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়ন্তীয়া ৰাজ্যৰ পৰা গোসানীৰ বিগ্ৰহ আনি গড়গাঁৱত স্থাপন কৰিছিল। গড়গাঁৱৰ পৰা ৰংপুৰ আৰু ৰংপুৰৰ পৰা যোৰহাটলৈ আহোম ৰাজ্যৰ ৰাজধানী সলনি হোৱাত পিছলৈ এই দেৱালয় বৰ্তমানৰ ঠাইত স্থাপিত কৰা হয়।[22] মন্দিৰত থকা মূৰ্তিজনা দুৰ্গা দেৱীৰ। আগৰ দিনত বুঢ়ীগোসানী দেৱালয়ক "বৰপূজাঘৰ দ'ল" বুলিও জনা গৈছিল।
আহোম সেনাপতি লাচিত বৰফুকনৰ মৈদাম। ১৬৭২ খ্ৰীষ্টাব্দত লাচিত বৰফুকনৰ নেতৃত্বত আহোমা সৈন্যই শৰাইঘাটৰ যুদ্ধত মোগলক পৰাস্ত কৰিছিল। মৈদামটো মেলেং-হোলোঙাপাৰৰ গোঁহাই গাঁৱত অৱস্থিত। ১৮৭৬ চনত চেকনীধৰা গাঁৱত ডি. স্লিমনৰ দ্বাৰা স্থাপিত। স্থাপন হোৱা বছৰ ধৰি ইয়াত ঘোঁৰা দৌৰ অনুষ্ঠিত হৈ আহিছে য'ত বিজয়ীক "গ'ভাৰ্ণৰছ কাপ" প্ৰদান কৰা হয়। ইয়াত থকা 'নাইন হ'ল গ'ল্ফ ক'ৰ্ছ' এছিয়াৰ আটাইতকৈ পুৰণি গ'ল্ফ ক'ৰ্ছ আৰু বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ পুৰণি। ১৮৮০ চনত ৰায়বাহাদুৰ শিৱপ্ৰসাদ বৰুৱাৰ দ্বাৰা নিৰ্মিত। প্ৰথম অসমীয়া দৈনিক কাকত 'দৈনিক বাতৰি' ইয়াৰপৰাই আৰম্ভ কৰা হৈছিল।[23] ৰাধাকান্ত সন্দিকৈয়ে দান কৰা চন্দ্ৰকান্ত সন্দিকৈ ভৱন অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়। ১৯২৬ চনত ইয়াক সজা হৈছিল। যোৰহাটৰ পৰা চন্দ্ৰধৰ বৰুৱা, ডিম্বেশ্বৰ নেওগ, মিত্ৰদেৱ মহন্ত আদি ব্যক্তিয়ে অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলঙ্কৃত কৰিছিল।
আহোম যুগত নিৰ্মিত এই গড়টোৰে মোৱামৰিয়া বিদ্ৰোহীসকলক বাধা দিয়াৰ চেষ্টা কৰা হৈছিল। আহোম ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ নেতৃত্বত ১৭৯১ চনত সজা গড়টো দেখি মোৱামৰীয়া সকলে পোনতে বিবুধি হৈছিল বাবে ইয়াৰ নাম বিবুধি গড় পৰে। বৰ্তমানে যোৰহাট চহৰৰ গড় আলি পূৰ্বৰ বিবুধি গড়ৰেই একাংশ।
প্ৰথম আহোম ৰজা স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ স্মৃতিৰক্ষাৰ বাবে যোৰহাটৰ ওচৰৰ ম'হবন্ধাত নিৰ্মাণ কৰা হৈছে। ইয়াত আহোম যুগৰ বুৰঞ্জী প্ৰসিদ্ধ সমলৰ এক সংগ্ৰহালয়ো আছে। ৰাজ্য চৰকাৰে এই ক্ষেত্ৰৰ বাবে ২০ কোটি টকাৰ অনুদান দিছে।
যোৰহাট চহৰৰ পৰা পশ্চিমত চাংচোৱা চাহ বাগিছাৰ ওচৰত এক সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত এই গ'ল্ফ ৰিজ'ৰ্ট অৱস্থিত। ইয়াত গ'ল্ফ খেলাৰ সকলো সুবিধা আছে। এই ৰিজ'ৰ্টতে বুঢ়া চাহিব বঙলা নামৰ ব্ৰিটিছ স্থাপত্যৰ এক ঐতিহ্য বঙলাও আছে। তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|