ডিম্বেশ্বৰ নেওগ
ডিম্বেশ্বৰ নেওগ (ইংৰাজী: Dimbeswar Neog) (১৮৯৯ -১৯৬৬) অসমৰ এগৰাকী প্ৰসিদ্ধ কবি, প্ৰবন্ধকাৰ, ঔপন্যাসিক, ভাষা সাহিত্যৰ গৱেষক, নাট্যকাৰ, সমালোচক আৰু শিক্ষক আছিল।[1][2] মূলতঃ অসমীয়া ভাষাত সাহিত্য ৰচনা বাদেও তেখেতে ইংৰাজী ভাষাতো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। ১৯৬৫ চনৰ অসম সাহিত্য সভাৰ নলবাৰীত অনুষ্ঠিত অধিবেশনৰ সভাপতিত্ব কৰাৰ লগতে অসম সাহিত্য সভা পত্ৰিকাৰ সম্পাদক পদটো তেখেত নিয়োজিত হৈছিল। তেখেতক অসমীয়া সাহিত্যত ইন্দ্ৰধেনুৰ কবি বুলিও জনা যায়।[3] অসম আন্দোলনৰ সময়ত তেখেৰ এটা বক্তব্যই চৌদিশে কঁপাই তুলিছিল৷ বক্তব্যটো আছিল- ‘মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন’৷[4] জন্মডিম্বেশ্বৰ নেওগৰ জন্ম ১৮৯৯ চনৰ ৭ আগষ্টত শিৱসাগৰ জিলাৰ কমাৰফদীয়া নামেৰে এখন গাঁৱত হৈছিল।[1] তেখেতৰ পিতৃৰ নাম আছিল মাণিক চন্দ্ৰ নেওগ আৰু মাতৃৰ নাম চন্দ্ৰপ্ৰভা নেওগ।[3] শিক্ষা আৰু কৰ্ম জীৱননেওগ এজন মেধাৱী ছাত্ৰ আছিল। সৰুকালৰেপৰাই পঢ়া শুনাত আগৰণুৱা নেওগক পাঁচ বছৰ বয়সত বিদ্যালয়ত নামভৰ্তি কৰি দিয়া হয়। শিক্ষাৰ্থী জীৱনৰ আৰম্ভণিৰ পৰাই তেখেতে নিয়মিত কাব্য চৰ্চা আৰম্ভ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন] ১৯২৪ চনত তেখেতে সুখ্যাতিৰে বি.এছ.চি পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ দুবছৰৰ পাছতে তেওঁ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯২৫ চনৰ ১৯ এপ্ৰিলত তেখেতে শিৱসাগৰ চৰকাৰী বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰে।[2] তাৰ পাছতো তেখেতে চৰকাৰী শিক্ষক হিচাপে অসমৰ বিভিন্ন ঠাইত কাম কৰে। ১৯৩৬ চনত তেখেতে বি.টি. পাছ কৰে। তাৰ পাছতেই তেখেতে নৰ্মাল স্কুলত শিক্ষকতা কৰে। চাকৰিৰ মাজতেই তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত এম. এ. পাছ কৰে। অৱশেষত তেখেত নৰ্মাল স্কুলৰ অধ্যক্ষ হয় আৰু তাৰপৰাই অৱসৰ গ্ৰহণ কৰে। বিবাহ, পৰিয়ালডিম্বেশ্বৰ নেওগৰ বিবাহ সেইসময়ৰ ডিব্ৰুগৰ জিলা ন্যায়াধীশ, তথা অসমৰ এজন প্ৰসিদ্ধ লেখক বেণুধৰ ৰাজখোৱাৰ জীয়েক আজলীতৰা ৰাজখোৱাৰ লগত সম্পন্ন হয়।[3] ডিম্বেশ্বৰ আৰু আজলীতৰা নেওগৰ সাতোটি সন্তান আছিল।[3] মৃত্যুদীৰ্ঘসময় শাৰীৰিক অসুস্থতাত ভোগাৰ পাছত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত ১৯৬৬ চনৰ ১১ নৱেম্বৰত তেখেতৰ মৃত্যু হয়।[1][3] সাহিত্য জগতত তেখেতৰ অৱদাননেওগ এজন কবি, প্ৰবন্ধকাৰ, সমালোচক আৰু শিক্ষক আছিল। সাহিত্যিকগৰাকীয়ে অসম সাহিত্য সভাৰ সভাপতি,[5] প্ৰধান সম্পাদক আৰু অসম সাহিত্য সভা পত্ৰিকাৰ সম্পাদক হিচাপেও নিজৰ অৱদান আগবঢ়াই থৈ গৈছিল। সমালোচক হিচাপে গঠনমূলক, বলিষ্ঠ, স্পষ্ট মন্তব্য আৰু পুংখানুপুংখ বিশ্লেষণৰে তেওঁ অসমীয়া সাহিত্যক নতুন মাত্ৰা প্ৰদান কৰিছিল। অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে ভালেমান পুথি ৰচনা কৰি জাতিটোক চহকী কৰি যোৱা প্ৰয়াত ডিম্বেশ্বৰ নেওগৰ ৰচিত ভালে সংখ্যক কিতাপ আছে, সেইবোৰৰ লেখত ল’বলগীয়া পুথিসমূহ হ’ল:[1] ভাষা-সাহিত্যৰ ইতিহাস বিষয়ক গ্ৰন্থ
ভাষা-সাহিত্য বিষয়ক গবেষণাধৰ্মী গ্ৰন্থ
বৈষ্ণৱ ধৰ্ম আৰু বৈষ্ণৱ সাহিত্য বিষয়ক মূল্যৱান গ্ৰন্থ
কবিতা পুথি
অসমীয়া লোক-সাহিত্য বিষয়ক গ্ৰন্থ
ভাষা-সাহিত্য বিষয়ক গ্ৰন্থ
উপন্যাস
গল্প-সংকলন
নাটক
ভিন্নধৰ্মী গ্ৰন্থ
আত্মকাহিনী
তেওঁৰ দ্বাৰা ৰচিত উল্লেখযোগ্য দুটিমান কবিতা হ’ল ‘শাপমুক্তা’, ‘মোৰ গাঁও’, ‘শেষ গায়ক’ ইত্যাদি। অন্যান্য কৰ্মৰাজিসমাজ সচেতন নেওগ দেৱৰ স্বদেশপ্ৰীতিও আছিল অতুলনীয়। অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ সময়ত তেওঁৰ “মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন?” বাক্যশাৰীয়ে জাতীয়তাবাদী ভাবধাৰা প্ৰসাৰত বিশেষ অৰিহণা আগবঢ়াইছিল। ডিম্বেশ্বৰ নেওগৰ মাতৃভাষাৰ প্ৰতি থকা অপাৰ প্ৰেমৰ বাবেই ১৯২৪ চনত ‘শেষ গায়ক’ কবিতাত লিখিছিল:[1]
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia