লক্ষ্মীনন্দন বৰা (ইংৰাজী: Lakshmi Nandan Bora; ১৫ জুন, ১৯৩২ – ৩ জুন ২০২১) এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ। 'ৰামধেনু' যুগত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰি তেখেতে পিছলৈ উপন্যাস ৰচনাতো হাত দিয়ে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰা বৰাই ১৯৮৮ চনত 'পাতাল ভৈৰৱী' গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেখেতে ১৯৯৬ চনত অসম সাহিত্য সভাৰ বোকাখাত অধিবেশনত সভাপতিৰ আসন শুৱনি কৰিছিল। তেওঁক ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।[2] তেখেতৰ উপন্যাস 'গঙা চিলনীৰ পাখি'ৰ আধাৰত পদুম বৰুৱাই নিৰ্মাণ কৰিছিল একে নামৰ চলচ্চিত্ৰখন। ২০২১ চনৰ ৩ জুনত ক'ভিড-১৯ৰ ফলত হোৱা জটিলতাৰ বাবে তেওঁৰ মৃত্যু হয়।[1]
পত্নীৰ সৈতে লক্ষ্মীনন্দন বৰা
জন্ম আৰু শিক্ষা
নগাওঁ জিলাৰ হাতীচোং অঞ্চলৰ কুজিদাঁহ গাঁৱত ১৯৩২ চনত লক্ষ্মীনন্দন বৰাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম ফেটুৰাম বৰা আৰু মাতৃৰ নাম ফুলেশ্বৰী বৰা। লক্ষ্মীনন্দন বৰাই বেবেজিয়া পণ্ডিত কণকচন্দ্ৰ শৰ্মা হাইস্কুলত মাধ্যমিক শিক্ষা আৰম্ভ কৰিছিল যদিও পাছলৈ নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত নাম ভৰ্তি কৰে। ১৯৪৮ চনত সেই বিদ্যালয়ৰ পৰাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। পাছত কটন মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। ১৯৫২ চনত কটন মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ১৯৫৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন
১৯৫৫ চনত শ্বিলঙৰ ছেইণ্ট এন্থনী কলেজত পদাৰ্থ বিজ্ঞানৰ প্ৰৱক্তাৰূপে লক্ষ্মীনন্দন বৰাই কৰ্মজীৱনৰ পাতনি মেলে। তাৰপিছত জগন্নাথ বৰুৱা মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয়, কটন মহাবিদ্যালয় আদিত শিক্ষকতা কৰি ১৯৫৮ চনত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত যোগদান কৰে। ১৯৯২ চনত তেখেত অসম কৃষি বিশ্ববিদ্যালয়ত অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰে। কিছুদিন জাৰ্মানীৰ গুটেনবাৰ্গ বিশ্ববিদ্যালয়ৰ বতৰ বিজ্ঞানৰ ভিজিটিং প্ৰফেচৰ হিছাপে, ইণ্ডো-জাৰ্মান গৱেষণা প্ৰকল্পৰ আৰু অসম প্ৰদূষণ ব’ৰ্ডৰ অধ্যক্ষ ৰূপেও দায়িত্ব নিৰ্বাহ কৰে। তেখেতে ১৯৭৯ চনত কিছুদিনৰ বাবে কলিকতাৰ পৰা প্ৰকাশ হোৱা 'দ্য ইকনমিকচ টাইমছ্' কাকতৰ যোৰহাটৰ সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি ১৯৯২ৰ পৰা ১৯৯৫ চনলৈ সাপ্তাহিক 'ৰংপুৰ' কাকতৰো তেওঁ সম্পাদক আছিল।[4]
সাহিত্যিক জীৱন
লক্ষ্মীনন্দন বৰাই ৰামধেনুত গল্পকাৰ ৰূপে আত্মপ্ৰকাশ কৰে। তেখেতৰ গল্পসমূহ ৰামধেনু, নতুন অসমীয়া, অৰুণাচল আদিত প্ৰকাশ হৈছিল।[5] সাংবাদিকতাৰ লগতো জড়িত বৰাৰ বাৰটি গল্প সংকলন আৰু পঁচিশখনৰো অধিক উপন্যাস প্ৰকাশ হৈছে। ১৯৮৮ চনত তেখেতে "পাতাল ভৈৰৱী" গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু ২০০৪ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। ড॰ বৰা অসম সাহিত্য সভাৰ ১৯৯৬ চনৰ বোকাখাত অধিবেশনৰ সভাপতি আছিল[6]। তেখেতে ২০২১ চনৰ জুন মাহলৈকে গৰীয়সী আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। 'নিশাৰ পূৰৱী' (১৯৬২) হ’ল তেখেতৰ প্ৰথম উপন্যাস। 'কাল বলুকাত খোজ' তেখেতৰ আত্মজীৱনীমূলক গ্ৰন্থ।[7]
গ্ৰন্থপঞ্জী
- উপন্যাস
- গঙা চিলনীৰ পাখি
- যাকেৰি নাহিকে উপাম
- পাতাল ভৈৰৱী
- শিখৰ সুৰভি
- মেঘালী দুপৰ
- বলুকাত বিজুলী
- উত্তৰ পুৰুষ
- বিশেষ এৰাতি
- পতন
- নায়ক অধিনায়ক
- মৎস্যকন্যা
- সেহি গুণনিধি
- মেঘত মাদল বাজে
- কায়কল্প
- চতুৰংগ
- কাঁচিয়লিৰ কুঁৱলী
- মন মাটি মেঘ
- গৌৰি ৰূপক
- নিষিদ্ধ চেতনা
- মাজত তৃষাৰ নৈ
- মাটিত মেঘৰ ছাঁ
- দহন দুলড়ী
- বহ্ন ব্যাকুলতা
- কাল ডিঙৰাৰে পাল
- আকাশ থমকি ৰয়
- ছাঁ জুইৰ পোহৰত
- গণেশগুৰি
- আকৌ শৰাইঘাট
- এৰাবাৰীৰ লেছেৰী
- প্ৰেয়সী
- পাখি
- হিয়াত তিৰেবিৰায়
- আত্মজীৱনী
- নাটক
- চুটিগল্প
- দৃষ্টিৰূপা
- সেই সুৰে উতলা
- গোপন গধূলি
- অচিন কইনা
- এই ৰূপ এই চন্দ
- ব্যতিক্ৰম
- দুষ্টৰ কাৰাগাৰ
- প্ৰেয়সী ইত্যাদি
- ভ্ৰমণ কাহিনী
- জোৰালগা জাৰ্মানীত
- সীমাৰ পৰিধি ভাঙি
বঁটা আৰু স্বীকৃতি
তথ্য সংগ্ৰহ
|
---|
| ১৯৯০-২০০০ | | |
---|
| ২০০১-২০১০ | |
---|
| ২০১১-বৰ্তমানলৈ | |
---|
|
|
---|
| ১৯৯১–২০০০ | |
---|
| ২০০১–২০১০ | |
---|
| ২০১১–২০২০ | |
---|
| ২০২১–বৰ্তমান | |
---|
|
|
---|
| ১৯৫৫-১৯৭০ | |
---|
| ১৯৭১-১৯৯০ |
– (১৯৭১)
চৈয়দ আব্দুল মালিক (অঘৰী আত্মাৰ কাহিনী, ১৯৭২)
– (১৯৭৩)
সৌৰভ কুমাৰ চলিহা (গোলাম, ১৯৭৪)
নৱকান্ত বৰুৱা (ককাদেউতাৰ হাড়, ১৯৭৫)
ভবেন্দ্ৰ নাথ শইকীয়া (শৃংখল, ১৯৭৬)
আনন্দ চন্দ্ৰ বৰুৱা (বকুল বনৰ কবিতা, ১৯৭৭)
হোমেন বৰগোহাঞি (পিতা-পুত্ৰ, ১৯৭৮)
ভবেন বৰুৱা (সোণালী জাহাজ, ১৯৭৯)
যোগেশ দাস (পৃথিৱীৰ অসুখ, ১৯৮০)
নীলমণি ফুকন (কবিতা, ১৯৮১)
মামণি ৰয়ছম গোস্বামী (মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, ১৯৮২)
নিৰ্মলপ্ৰভা বৰদলৈ (সুদীৰ্ঘ দিন আৰু ঋতু, ১৯৮৩)
দেবেন্দ্ৰ নাথ আচাৰ্য (জংগম, ১৯৮৪)
কৃষ্ণকান্ত সন্দিকৈ (কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ, ১৯৮৫)
তীৰ্থনাথ শৰ্মা (বেণুধৰ শৰ্মা, ১৯৮৬)
হৰেকৃষ্ণ ডেকা (আন এজন, ১৯৮৭)
লক্ষ্মীনন্দন বৰা (পাতাল ভৈৰৱী, ১৯৮৮)
হীৰেন গোহাঁই (অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, ১৯৮৯)
স্নেহ দেৱী (স্নেহ দেৱীৰ একুঁকি গল্প, ১৯৯০) |
---|
| ১৯৯১-২০১০ |
অজিৎ বৰুৱা (ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য, ১৯৯১)
হীৰেন ভট্টাচাৰ্য (শইচৰ পথাৰ মানুহ, ১৯৯২)
কেশৱ মহন্ত (মোৰো যে কিমান হেঁপাহ, ১৯৯৩)
শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী) (মধুপুৰ বহুদূৰ, ১৯৯৪)
চন্দ্ৰপ্ৰসাদ শইকীয়া (মহাৰথী, ১৯৯৫)
নিৰুপমা বৰগোহাঞি (অভিযাত্ৰী, ১৯৯৬)
নগেন শইকীয়া (আন্ধাৰত নিজৰ মুখ, ১৯৯৭)
অৰুণ শৰ্মা (আশীৰ্বাদৰ ৰং, ১৯৯৮)
মেদিনী চৌধুৰী (বিপন্ন সময়, ১৯৯৯)
অপূৰ্ব শৰ্মা (বাঘে টাপুৰ ৰাতি, ২০০০)
মহিম বৰা (এধানী মাহীৰ হাঁহি, ২০০১)
নলিনীধৰ ভট্টাচাৰ্য (মহৎ ঐতিহ্য, ২০০২)
বীৰেশ্বৰ বৰুৱা (অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা, ২০০৩)
হীৰেন্দ্ৰ নাথ দত্ত (মানুহ অনুকুলে, ২০০৪)
য়েছে দৰজে ঠংচি (মৌন ওঁঠ মুখৰ হৃদয়, ২০০৫)
অতুলানন্দ গোস্বামী (চেনেহ জৰীৰ গাঁথি, ২০০৬)
পূৰবী বৰমুদৈ (শান্তনুকুলনন্দন, ২০০৭)
ৰীতা চৌধুৰী (দেও লাংখুই, ২০০৮)
ধ্ৰুৱজ্যোতি বৰা (কথা ৰত্নাকৰ, ২০০৯)
কেশদা মহন্ত (অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি, ২০১০) |
---|
| ২০১১-বৰ্তমান |
কবীন ফুকন (এই অনুৰাগী এই উদাস, ২০১১)
চন্দনা গোস্বামী (পাটকাইৰ ইপাৰে মোৰ দেশ, ২০১২)
ৰবীন্দ্ৰ সৰকাৰ (ধূলিয়ৰি ভৰিৰ সাঁচ, ২০১৩)
অৰূপা কলিতা পটংগীয়া (মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা, ২০১৪)
কুল শইকীয়া (আকাশৰ ছবি আৰু অন্যান্য গল্প, ২০১৫)
জ্ঞান পূজাৰী (মেঘমালাৰ ভ্ৰমণ, ২০১৬)
জয়ন্ত মাধৱ বৰা (মৰিয়াহোলা, ২০১৭)
সনন্ত তাঁতি (কাইলৈৰ দিনটো আমাৰ হ'ব, ২০১৮)
জয়শ্ৰী গোস্বামী মহন্ত (চাণক্য, ২০১৯)
অপূৰ্ব কুমাৰ শইকীয়া (বেংছতা, ২০২০)
অনুৰাধা শৰ্মা পূজাৰী (ইয়াত এখন অৰণ্য আছিল, ২০২১)
মনোজ কুমাৰ গোস্বামী (ভুল সত্য, ২০২২)
প্ৰণৱজ্যোতি ডেকা(ড॰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প, ২০২৩) |
---|
|
|