গঙা চিলনীৰ পাখি (চলচ্চিত্ৰ)এই প্ৰবন্ধটো পদুম বৰুৱা পৰিচালিত অসমীয়া চলচ্চিত্ৰখনৰ বিষয়ে। লক্ষ্মীনন্দন বৰা ৰচিত একে নামৰ উপন্যাসৰ বাবে গঙা চিলনীৰ পাখি (উপন্যাস) চাওক।
গঙা চিলনীৰ পাখি (ইংৰাজী: Ganga Chilonir Pakhi ) ১৯৭৬ চনত মুক্তিপ্ৰাপ্ত এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিৰ পৰিচালনা আৰু সঙ্গীত আছিল পদুম বৰুৱাৰ। পদুম বৰুৱা পৰিচালিত এইখন একমাত্ৰ কথাছবি।[1] মুক্তিৰ পিছত গঙা চিলনীৰ পাখিয়ে দৰ্শকৰ বিশেষ সঁহাৰি লাভ কৰা নাছিল। কিন্তু পিছলৈ ই ধ্ৰুপদী ছবিৰ মৰ্যাদা পাইছিল। ছবিখনত কোনো চলচ্চিত্ৰীয় গীতৰ অন্তৰ্ভুক্ত কৰা হোৱা নাছিল যদিও ইয়াত বৰগীত, নাম-প্ৰসংগ, বিয়া নাম, টোকাৰী গীত, মহগোৱালৰ গীতৰ সম্পূৰ্ণ নতুবা অংশবিশেষৰ প্ৰয়োগ কৰা হৈছিল। গঙা চিলনীৰ পাখি চলচ্চিত্ৰৰ চিনেমাট'গ্ৰাফী ইন্দুকল্প হাজৰিকাৰ।[2] ছবি নিৰ্মাণৰ আঁৰৰ কথাগঙা চিলনীৰ পৰিচালক পদুম বৰুৱা কৈশোৰ কালতে প্ৰথম অসমীয়া ছবি জয়মতী চাই চলচ্চিত্ৰ শিল্পৰ প্ৰতি আগ্ৰহী হৈছিল। স্কুলীয়া জীৱনত তেখেত কলকাতাৰ নিউ থিয়েটাৰ আৰু পুণেৰ প্ৰভাত কোম্পানীয়ে নিৰ্মাণ কৰা কিছু সংখ্যক ছবি চোৱাৰ সৌভাগ্য হৈছিল। প্ৰমথেশ বৰুৱা, দেৱকী বসু আৰু ভি শান্তাৰামৰ কেমেৰাৰ কাম, শব্দৰ নাটকীয় প্ৰয়োগ আৰু আকৰ্ষণীয় সম্পাদনাই তেখেতক অতিশয় আনন্দ আৰু সম্তুষ্টি প্ৰদান কৰিছিল। জয়মতীয়ে তেখেতৰ মনত চলচ্চিত্ৰৰ বীজ অংকুৰিত কৰিছিল যদিও জয়মতী নিৰ্মাণৰ চাৰি দশকৰ পাছত আঠ বছৰৰ কঠোৰ সংগ্ৰামৰ অন্তত তেখেতে তেখেতৰ প্ৰথম আৰু একমাত্ৰ ছবি 'গঙা চিলনীৰ পাখি' নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। ছবিৰ কাহিনীলক্ষ্মীনন্দন বৰাৰ উপন্যাস 'গঙা চিলনীৰ পাখি'ৰ কাহিনীৰ আধাৰত এই চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছিল। সোণাই নৈৰ পাৰৰ ভোগৰামে ঘৈণীয়েক, ল'ৰা-ছোৱালী দুটা, মাক আৰু ভনীয়েক বাসন্তীক লৈ কোনোমতে জীৱন-নিৰ্বাহ কৰি আছিল। দূৰণিৰ কোনোবা গাঁৱৰ পৰা আহি সেই গাঁৱতে থিতাপি লোৱা হোমিওপেথিক ডাক্তৰ ধনঞ্জয়ৰ ভোগৰামৰ ঘৰখনলৈ আহ-যাহ কৰোঁতে বাসন্তীৰ লগত ভালপোৱাৰ সম্পৰ্কই গঢ় ল'লে। ইফালে নিৰ্বাচন আছিল। নিৰ্বাচনক কেন্দ্ৰ কৰি ভোগেশ্বৰ আৰু ধনঞ্জয়ৰ মাজত মনোমালিন্য হ'ল। নিৰ্বাচনৰ যোগেদি বেচ কিছু পইচা ঘটি ভোগেশ্বৰৰ অৱস্থা গজগজীয়া হ'ল। বাসন্তীৰ সৈতে ধনঞ্জয়ৰ বিয়াখন আৰু হৈ নুঠিল। ধনঞ্জয়ে তাইক পলুৱাই নিবলৈ জা-যোগাৰ কৰিছিল যদিও ঘৰখনৰ কথা ভাবি অৱশেষত তাই কানুনগোৰ পুতেক মথুৰাৰ সৈতে হোমৰ গুৰিত বহিল।[1] ঘটনাক্ৰমে বাসন্তীৰ পূৰ্বৰ প্ৰেমৰ কথা মথুৰাৰ কাণত পৰিল। দুয়োৰো মাজত আৰম্ভ হ'ল অশান্তি। এই অশান্তিজৰ্জ্বৰ পৰিস্থিতিৰ মাজতে হঠাৎ মটৰ দুৰ্ঘটনাত পতিত গৈ মথুৰা ঢুকাই থাকিল। অকালতে বিধৱা হোৱা বাসন্তীয়ে কেইদিনমান পিছত কেঁচুৱা এটা জন্ম দিলে যদিও সেইটো নাবাচিল। এদিন তাইৰ খবৰ ল'বলৈ ধনঞ্জয় আহিল। তাইৰ মনত আশাৰ সঞ্চাৰ হ'ল।[1] ঘৰুৱা কাম-কাজত সহায় কৰা মনবৰীৰ হাতত তাই ধনঞ্জয়লৈ চিঠি এখন লিখি পঠিয়ালে। চিঠিত লিখিলে যে সিহঁতে এতিয়াও বুঢ়াকাল পোৱা নাই। জীৱনৰ এই দীঘলীয়া কালচোৱা কেনেকৈ পাৰ কৰিব? ইয়াৰ কিবা ব্যৱস্থা নাইনে? ধনঞ্জয়ে মনবৰীক লগেলগে উত্তৰ নিদি চিন্তা কৰি দুদিন পিছত নিজে গৈ জনাব বুলি ক'লে। কিন্তু ধনঞ্জয়ৰ পৰা কোনো খবৰ নাপাই দুদিনমান পিছত বাসন্তীয়ে পুনৰ মনবৰীক তেওঁৰ তালৈ পঠিয়ালে। মনবৰীয়ে তালৈ গৈ গম পালে যে ঘৰ-মাটিয়ে সোপাকে বেচি ধনঞ্জয় এই গাঁও এৰি গুছি গৈছে। কলৈ গৈছে কোনেও নাজানে। লগতে কৈ গৈছে যে তেওঁ হেনো সোণাই নৈৰ পাৰলৈ আৰু কেতিয়াও নাহে।[1][3] অভিনয়ত
কলা-কুশলী(তথ্যছকত উল্লেখ নথকা সকল)
দৰ্শকৰ সঁহাৰিছবিখনৰ প্ৰতি দৰ্শকৰ বিশেষ সঁহাৰি দেখা নগ'ল।[5] গঙা চিলনীৰ পাখি নিৰ্মাণ কৰিবলৈ লৈ পদুম বৰুৱা অৰ্থসংকটত ভুগিছিল আৰু পিছলৈ পত্নীৰ সোণৰ আ-অলংকাৰ বিক্ৰী কৰি সেই টকা ছবি নিৰ্মাণত ব্যয় কৰিছিল। টকাৰ অভাৱৰ বাবে তেওঁ চিনেমাখনত চাব-টাইটেল অন্তৰ্ভুক্ত কৰিব নোৱাৰিলে। সেয়ে কেইবাটাও চলচ্চিত্ৰ মহোৎসৱত চিনেমাখনক ভাগ ল'বলৈ দিয়া নহ'ল।[2] ছবিখনে কোনো বঁটা-বাহন লাভ নকৰিলেও পিছলৈ গৈ ই অসমীয়া ধ্ৰুপদী ছবিৰ মৰ্যাদা পাইছিল। চলচ্চিত্ৰ সমালোচক চিদানন্দ দাসগুপ্ত আৰু সতীশ বাহাদুৰে গঙা চিলনীৰ পাখিক প্ৰথম অসমীয়া বাস্তৱধৰ্মী ছবি বুলি অভিহিত কৰিছিল।[1] ছবিৰ বিষয়বস্তু সম্পৰ্কে হীৰেণ গোঁহায়ে লিখিছে-
আলোকচিত্ৰ ভঁৰালতথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia