দ্বিবন বৰুৱা |
---|
মন আৰু মৰম ছবিত দ্বিবন বৰুৱা |
জন্ম |
গুৱাহাটী, অসম |
---|
ৰাষ্ট্ৰীয়তা |
ভাৰতীয় |
---|
পেচা |
চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, অভিনেতা, কণ্ঠশিল্পী, গীতিকাৰ, চিত্ৰনাট্যকাৰ |
দ্বিবন বৰুৱা (ইংৰাজী: Dwiban Baruah) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী পুৰোধা ব্যক্তি আছিল। তেওঁ আছিল একাধাৰে এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ। তেওঁ মুঠ ৭খন চলচ্চিত্ৰৰ পৰিচালক আছিল।
জন্ম আৰু পৰিয়াল
কামৰূপ জিলাৰ বিহদিয়া গাঁৱৰ চন্দ্ৰনাথ বৰুৱা গড়কাপ্তানি বিভাগৰ চাব ডিভিজনেল অফিচাৰ আছিল। তেখেতে একে জিলাৰ কৰৰা গাঁৱৰ জোনপ্ৰভাক বিয়া কৰাইছিল। চাকৰি সংক্ৰান্তত বিভিন্ন ঠাইত ঘূৰি পকি অৱশেষত গুৱাহাটীৰ লতাশিলত নিজাকৈ এটা ঘৰ নিৰ্মাণ কৰে। এই ঘৰটিতে চন্দ্ৰনাথ বৰুৱাৰ ঔৰষত আৰু জোনপ্ৰভাৰ গৰ্ভত বৰুৱাৰ জন্ম হৈছিল। বৰুৱা দম্পতীয়ে নজন পুত্ৰ সন্তান আৰু চাৰিজনী কন্যা সন্তানৰ জন্ম দিছিল। পুত্ৰ সন্তান কেইজন আছিল ক্ৰমে ব্ৰজেন বৰুৱা, দ্বৈতেন বৰুৱা, দ্বিজেন বৰুৱা, নিপ বৰুৱা, গিৰিণ বৰুৱা, ৰমেন বৰুৱা, নিৰেণ বৰুৱা আৰু দ্বিপেন বৰুৱা। কন্যা সন্তানকেইজনীৰ নাম আছিল পদ্মাৱতী দাস বৰুৱা, প্ৰতিভা বৰুৱা দাস, ৰম্ভা বৰুৱা আৰু বিভা বৰুৱা নভীছ। এই আটাইকেইজন ভাই-ভনীয়ে পিছলৈ কম-বেছি পৰিমাণে অসমীয়া চলচ্চিত্ৰৰ সৈতে জড়িত হৈ পৰিছিল[1][2]।
অসমীয়া চলচ্চিত্ৰ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা এই বৰুৱা পৰিয়ালত এক সাংস্কৃতিক পৰিবেশ বিৰাজ কৰিছিল। সন্ধিয়া আটাইকেইজন ভাই-ভনী চৰাঘৰৰ মজিয়াত বহে, যেন সঙ্গীতৰহে আসৰ। ঘৰখনত এটা পুৰণি হাৰমনিয়াম আছিল। সকলোৱে হাৰমনিয়ামত স্বৰ টানিবলৈ চেষ্টা কৰে। নিপ বৰুৱাই বাঁহী, দ্বিবন বৰুৱাই তবলা বজায়; ব্ৰজেন বৰুৱা আৰু ৰমেন বৰুৱাই গীত গায়। এটা শুৱলা কণ্ঠস্বৰৰ গৰাকী ব্ৰজেন বৰুৱাৰ মাতৃয়ে ভাত ৰান্ধোঁতে, বাচন ধোওঁতে, চোতাল সাৰোঁতে, তাঁত বওঁতে অনবৰত কিবা এটা গীত গুণগুণাই থাকে। পিছলৈ বৰুৱাই মাতৃৰ মুখত শুনা "ও প্ৰাণগোপাল পাতিলা মায়াৰে খেলা" শীৰ্ষত লোকগীতটো মুকুতা ছবিখনত অন্তৰ্ভুক্ত কৰে।[1]
অভিনয়
বৰুৱাই মাক আৰু মৰম (১৯৫৭), তৰামাই (১৯৭৫), মৰম (১৯৭৮), মন আৰু মৰম (১৯৮০) আদি বহুকেইখন অসমীয়া ছবিত অভিনয় কৰিছে। মন আৰু মৰমত তেওঁ সঙ্গীত পৰিচালনাও কৰিছে।[3]
পৰিচালিত চলচ্চিত্ৰ
দ্বিবন বৰুৱাই যোগ বিয়োগ চলচ্চিত্ৰৰ দ্বাৰা পৰিচালক ৰূপে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। বৰুৱাই মুঠতে ৭খন ছবি পৰিচালনা কৰিছিল।[4][5][3]
তথ্য সংগ্ৰহ
- ↑ 1.0 1.1 নিভা ৰাণী ৰায় (জুন ২০০৬). "ঐতিহ্যমণ্ডিত সেই ঘৰখন". অসমীয়া সা ৰে গা মা.
- ↑ ঈশান বৰুৱা (জুন ২০০৬). "লতাশিলৰ বৰুৱা পৰিয়াল". অসমীয়া সা ৰে গা মা.
- ↑ 3.0 3.1 Mon Aru Morom (1980) - Assamese Movie. Youtube.
- ↑ "Film Directors". enajori.com. 2013-01-22. Archived from the original on 2015-09-12. https://web.archive.org/web/20150912143940/http://enajori.com/film-directors/। আহৰণ কৰা হৈছে: 2013-01-30.
- ↑ 5.0 5.1 "Diban Baruah`s". Nth Wall. http://www.nthwall.com/as/5678900056। আহৰণ কৰা হৈছে: 2013-01-30. [সংযোগবিহীন উৎস]
|
---|
| দশক | | |
---|
| চলচ্চিত্ৰ পৰিচালক | |
---|
| সঙ্গীত পৰিচালক | |
---|
| অভিনেতা | |
---|
| অভিনেত্ৰী | |
---|
| অন্য বিষয় | |
---|
| |
|