আনন্দ চন্দ্ৰ দত্ত
জন্মআনন্দ চন্দ্ৰ দত্তৰ যোৰহাটৰ চেকনিধৰা গাঁওত জন্ম হৈছিল। পিতৃৰ নাম ভোলাৰাম দত্ত আৰু মাতৃৰ নাম সৰুমাই দত্ত সৰুকালৰ ঘৰুৱা নাম আছিল বাপ। কোচ সম্প্ৰদায়ৰ নিৰক্ষৰ পিতৃয়ে ধান, মাহ, আলু, সৰিয়হ আদি খেতি কৰাৰ বাহিৰেও আজৰি দিনত সেই কালৰ যোৰহাট কুঁহিয়াৰ গৱেষণা কেন্দ্ৰত ছয়-অনা (৩৬ পইছা)[2] মজুৰিত দিন মজুৰি কৰি পৰিয়াল পোহপাল কৰিছিল।[4] আনহাতে মাতৃ সৰুমাই দত্তই প্ৰায়ে নিশা তাঁতৰ কাম কৰিও পৰিয়ালৰ উপাৰ্জনৰ পথ এটা মোকলাইছিল৷[2] শিক্ষা১৯৩৪ চনত তেখেতে যোৰহাট প্ৰেক্তিছিং স্কুলৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰে আৰু ১৯৪৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰে। ১৯৪৫ চনত জগন্নাথ বৰুৱা মহাবিদ্যালয়ত পঢ়িবলৈ লৈছিল যদিও আৰ্থিক দূৰৱস্থাৰ বাবে কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰিলে।[4] দশম শ্ৰেণী উত্তীৰ্ণ হোৱাতেই তেখেতৰ আনুষ্ঠানিক পঢ়াশলীয়া শিক্ষা সমাপ্ত হয়৷ [2] কৰ্মজীৱনকলেজীয়া শিক্ষা অসম্পূৰ্ণ অৱস্থাতেই তেখেতে মৰিয়নি মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষক হিচাবে ১৯৪৪-৪৫ চনত কৰ্মজীৱন আৰম্ভ কৰিছিল।[1] তেখেতে ১৯৪৭ চনৰ ৮ ফেব্ৰুৱাৰীত যোৰহাটৰ টোকোলাই চাহ গৱেষণা কেন্দ্ৰত ড॰ উইলিয়াম ৱাইটৰ অধীনত মাহে ৫০ টকা দৰমহাৰে কেন্দ্ৰৰ সহকাৰী বিজ্ঞানী পদত চাকৰিত নিয়োজিত হয় আৰু ১৯৮৩ চনৰ ১ মাৰ্চত এই চাকৰিৰ অন্ত পৰে। [4] ডাঃ উইলিয়াম ৱাইট আছিল এজন ব্ৰিটিছ উদ্ভিদবিজ্ঞানী। আনন্দ চন্দ্ৰ দত্তৰ উদ্ভিদ শৰীৰবিজ্ঞানৰ প্ৰতি থকা নিষ্ঠা দেখি তেওঁ মুগ্ধ হৈছিল৷ ইয়াৰ লগতে উদ্ভিদৰ ক্ষুদ্ৰ অংশ অংকন কৰাত দত্তৰ পাৰদৰ্শিতা দেখি ৱাইটে তেওঁক পুনৰ ১৯৫২ চনত ১০ হাজাৰ প্ৰজাতিৰ গছ থকা কেন্দ্ৰটোৰ হাৰ্বেৰিয়াম ৰক্ষণাবেক্ষণৰ দায়িত্ব দিছিল। আনন্দ চন্দ্ৰ দত্তই প্ৰায় ৩০০০টা প্ৰজাতিৰ উদ্ভিদ চিনাক্ত কৰিব পাৰিছিল৷[2] ৱাইটে আনন্দ চন্দ্ৰ দত্তক ফটোগ্ৰাফী শিকাইছিল। ডাঃ ৱাইটৰ অৱসৰৰ পিছত দত্তই স্লাইড, ডায়েগ্ৰাম, ডিজাইন, লেআউট, মাইক্ৰ’ফটোগ্ৰাফী ইত্যাদি কামবোৰ আয়ত্বাধীন কৰি লৈছিল। ৱাইট আৰু দত্তৰ মাজত সম্পৰ্কটোৰ ঘনিষ্ঠতা ইমানেই গাঢ় আছিল যে চাকৰিৰ ঠাই এৰি যোৱাৰ সময়ত ৱাইটে তেখেতক মুঠতে ১৮০০ খন কিতাপৰ চাৰিটা আলমাৰী উপহাৰ দিছিল৷ ইয়াৰ লগতে উপহাৰ দিছিল তেওঁৰ জাৰ্মান কেমেৰা, এটা জাৰ্মান দেৱালৰ ঘড়ী আৰু এটা বাইনোকুলাৰ।[2] ১৯৮০ চনত দত্তই ফটোগ্ৰাফী বিষয়ক এখন গ্ৰন্থ লিখি উলিয়াইছিল৷[4] অসমীয়া ভাষাত প্ৰকাশিত এইখনেই আছিল প্ৰথমখন ফটোগ্ৰাফী-বিষয়ক গ্ৰন্থ৷ ১৯৮৩ চনৰ ১ এপ্ৰিলৰ পৰা ১৯৮৬ চনৰ ডিচেম্বৰ মাহলৈকে তেখেত অসম কৃষি বিশ্ববিদ্যালয়ত Audio Visual Aid Assistant পদত কাম কৰে। ইয়াৰ পাছত এবছৰৰ বাবে অৰ্থাৎ ১৯৮৭ ৰ পৰা ১৯৮৮ চনলৈ তিতাবৰ ছেৰিকালছাৰ ফাৰ্মত আলোকচিত্ৰশিল্পী হিচাপে নিয়োজিত হয়। পৰৱৰ্তী সময়ত টোকোলাই চাহ গৱেষণা কেন্দ্ৰত বনস্পতিৰ সূচী প্ৰস্তুত কৰাৰ বাবে পুনৰাই চাকৰিত নিয়োজিত কৰে। ১৯৯১ চনৰ আগষ্টৰ পৰা ১৯৯৪ চনৰ এপ্ৰিললৈ যোৰহাটৰ জিমখানা ক্লাবৰ পৰিচালক পদত নিয়োজিত হয়।[4] উচ্চ শিক্ষাৰ আনুষ্ঠানিক ডিগ্ৰী নথকাৰ ফলত আনন্দ চন্দ্ৰ দত্তই চাকৰি জীৱনত বিশেষ পদোন্নতি লাভ কৰা নাছিল৷ [2] অসমত নাহৰ হিচাপে পৰিচিত দ্য ইণ্ডিয়ান ৰোজ চেষ্টনাট ট্ৰিৰ তেলেৰে বাহন চলাব পৰা যায় বুলি তেওঁ ব্যৱহাৰিক পৰীক্ষা কৰি প্ৰমাণ কৰিছিল। আনন্দ চন্দ্ৰ দত্তই ১৯৭৭ চনত যোৰহাটত এক চাহ সংগ্ৰহালয় (tea museum) স্থাপনত মুখ্য ভূমিকা পালন কৰিছিল৷ ইয়াৰ পূৰ্বে তেখেতে কলকাতাৰ বিৰলা টেকনিকেল মিউজিয়ামত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল৷[2] সংগ্ৰহাগাৰত থকা চিত্ৰ আৰু ডায়েগ্ৰামসমূহ তেখেতৰ নিজা প্ৰয়াসৰ ফচল৷[1]। তেখেতে যোৰহাটৰ টোকোলাইৰ বনস্পতি সংগ্ৰহালয় (herbarium) অৰ বাবে ১০,০০০ গছৰ নামসমৃদ্ধ এখন তালিকা প্ৰস্তুত কৰিছিল[1]। সাহিত্য-কৰ্মআনন্দ চন্দ্ৰ দত্তই অসমৰ থলুৱা উদ্ভিদৰ ঔষধি গুণৰ বিষয়ত একাধিক প্ৰবন্ধ লিখিছিল। শ্ৰী দত্তই দ্যা আছাম ট্ৰিবিউন, দৈনিক জনমভূমি, প্ৰান্তিক, আমাৰ অসম, আজিৰ অসম, স্বাস্থ্য চিন্তা আদি বহুতো বাতৰি কাকত আৰু আলোচনীত তিনিশতকৈও অধিক প্ৰবন্ধ, দুশমান বিভিন্ন বিষয়ৰ চিঠি লিখিছিল।[4] তেখেতৰ প্ৰথমখন গ্ৰন্থৰ শিৰোনাম আছিল, “Some Common Weeds of the T.E. in NE India”৷ গ্ৰন্থখন প্ৰকাশিত হৈছিল ১৯৭২ চনত। বিশেষ গ্ৰন্থখনত তেখেতে ১২৮টা চিত্ৰসহ বিভিন্ন অপতৃণৰ নমুনা অন্তৰ্ভুক্ত কৰিছিল। [2] অন্যান্য ৰুচিউদ্ভিদ অধ্যয়ন, ফটোগ্ৰাফীৰ উপৰিও উদ্যান সজোৱা, আপুৰুগীয়া গ্ৰন্থ আৰু সম্পদ সংগ্ৰহ, বাঁহীবাদন, পেঁপাবাদন, হাৰ্মোনিয়াম, বাঁহ কাঠৰ হস্তশিল্প নিৰ্মাণত তেখেতৰ অভিৰুচি তথা বিশেষ দক্ষতা আছিল।[5] বঁটা আৰু সন্মান২০১২ চনত আনন্দ চন্দ্ৰ দত্তক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ড॰ অৱ চায়েন্স উপাধি প্ৰদান কৰে।[4] গ্ৰন্থপঞ্জী
মৃত্যু২০১৬ চনৰ ১৬ জানুৱাৰী, শনিবাৰে যোৰহাট ক্লাব ৰোডৰ নিজা বাসভৱনত ৯২ বছৰ বয়সত আনন্দ চন্দ্ৰ দত্তৰ মৃত্যু হয়।[6] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia