১০০টা হাতীৰ এটা জাক প্ৰতিবছৰে হাবিখনলৈ আহে আৰু প্ৰায় ছমাহমান সময় থাকে। যোৱা কেইটামান বছৰত হাবিখনত জাকটোৰ ১০টা পোৱালিও জন্ম হৈছে।[9] ২০০৮ চনত হাতীৰ এটা জাকে হাবিখনৰ পৰা প্ৰায় ১.৫ কিলোমিটাৰ দূৰৰ ঔনাচাপৰি গাঁৱত সম্পত্তিৰ হানি কৰিছিল আৰু সেই হাতীজাকৰ সন্ধান কৰোঁতেই বন বিভাগে এই হাবিখনৰ কথা জানিবলৈ পায়।[9]
কেইবছৰমান আগতে চোৰাং চিকাৰীয়ে হাবিখনত থকা গঁড় হত্যা কৰিবলৈ চেষ্টা চলায় যদিও মুলাইয়ে বন বিষয়াক এই কথা জনায়। বন বিষয়া আহি চোৰাং চিকাৰীয়ে পাতি থোৱা বিভিন্ন বস্তু জব্দ কৰে।[9]
২০২০ চনত যাদৱ পায়েঙক ১২৮ সংখ্যক "কমনৱেলথ পইণ্টছ্ অৱ লাইট এৱাৰ্ড" বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়। পৰিৱেশ সুৰক্ষালৈ আগবঢ়োৱা স্বেচ্ছামূলক অৱদানৰ বাবে ৰাণী দ্বিতীয় এলিজাবেথে তেওঁক এই স্বীকৃতি দিয়ে। ১১ মাৰ্চত হ'বলগীয়া এক অনুষ্ঠানত ব্ৰিটিছ উপ-উচ্চায়ুক্ত লিক্ লয়ে তেখেতক এই সন্মান প্ৰদান কৰিব।[13]
মেক্সিকোত বৃক্ষৰোপণ
২০২০ চনৰ ডিচেম্বৰত যাদৱ পায়েঙে মেক্সিকোৰ 'আজটেকা'[14]নামৰ বেচৰকাৰী সংস্থা এটাৰ সৈতে এখন বিশেষ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তি অনুসৰি পায়েঙৰ সহযোগিতাত উত্তৰ আমেৰিকাৰ মেক্সিকো দেশৰ আঠ লাখ হেক্টৰ ভূমিত সত্তৰ লাখ গছপুলি ৰোৱাৰ সিদ্ধান্ত লোৱা হয়। ২০২১ চনত যাদৱ পায়েঙক মেক্সিকো চৰকাৰে দহবছৰৰ বাবে ভিছা প্ৰদান কৰে। বিশেষ কৰ্মটো সম্পাদন কৰাৰ উদ্দেশ্যেৰে পায়েঙে ২০২১ চনত মেক্সিকোলৈ তিনিমাহৰ বাবে গমন কৰিব।
এই বিদেশ-যাত্ৰা বছৰেকীয়া হ'ব। মেক্সিকোৰ পৰিৱেশ আৰু জলবায়ু ছেপ্টেম্বৰ, অক্টোবৰ আৰু নৱেম্বৰ মাহতহে গছ ৰোৱাৰ বাবে অনুকূল। পায়েংৰ এই কৰ্মত দেশখনৰ এক লাখ শিক্ষাৰ্থীয়ে প্ৰতি দিনাই অংশগ্ৰহণ কৰিব।[15] এই সন্দৰ্ভত পায়েঙে কয় যে, “The Mexico government has provided me visa for 10 years. I shall be in Mexico for three months every year -- September, October and November -- That time is suitable to plant trees in Mexico. I will have to involve myself with one lakh students per day for the massive plantation drive.” পায়েঙে অসমৰ পৰা মেক্সিকোত ৰুবৰ বাবে তামোল আৰু নাৰিকলৰ পুলি লৈ যাব।[16]
জনপ্ৰিয় মাধ্যমত
যাদৱ পায়েঙৰ জীৱন আৰু কৰ্ম-আধাৰিত এখনি সচিত্ৰ ইংৰাজী ভাষাৰ গ্ৰন্থ ২০১৯ চনৰ ১৫ মাৰ্চত প্ৰকাশ হৈ ওলায়। গ্ৰন্থখনৰ নাম হৈছে 'The Boy who grew a forest: The True Story of Jadav Payeng' (অৰণ্য গঢ়া ল'ৰাজন: যাদৱ পায়েঙৰ সঁচা কাহিনী)। শিশু-কিশোৰৰ বাবে যুগুতোৱা এই বিশেষ গ্ৰন্থখনৰ লেখিকা হৈছে ছ'ফিয়া গোলজ্ (Sophia Gholz)।[17] ৩২ পৃষ্ঠাৰ এই গ্ৰন্থখনৰ ভিতৰৰ ছবিসমূহ আঁকিছে কায়লা হাৰেনে। গ্ৰন্থখনে কেইবাটাও পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হয়। তাৰে ভিতৰত ফ্লৰিডা ষ্টেট বুক বঁটা (সোণৰ পদক), গ্ৰীণ আৰ্থ বুক বঁটা, ইউৰেকা অকাহিনীমূলক শিশু গ্ৰন্থৰ সন্মান আদি প্ৰধান। গ্ৰন্থখনে পাঠক-সমালোচকৰ পৰাও ইতিবাচক মন্তব্য লাভ কৰে। আমেৰিকান আলোচনী "বুকলিষ্ট"-এ কয় যে, “পায়েঙৰ কাহিনীটো স্বতঃস্ফূৰ্ততাৰে কোৱা হৈছে আৰু সুন্দৰকৈ চিত্ৰিত কৰা হৈছে। পাঠকসকলে কিতাপখনৰ জৰিয়তে নিজস্ব দৃঢ়তাৰ শক্তিৰ উমান পাব।” (“Payeng’s story is eloquently told and beautifully illustrated. It will inspire readers to recognize the power of individual determination…”)।[18]
↑Nath, Hemanta Kumar (10th June, 2021). "India's 'Forest Man' Jadav Payeng is on a new mission to make Mexico greener". Today India Today. (Web link). সংগ্ৰহ কৰা হৈছে: 10 June 2021.