ঢেঁকীয়াপতীয়া বাঘ
ঢেঁকীয়াপতীয়া বাঘ (ইংৰাজী: Bengal tiger, বৈজ্ঞানিক নাম: Panthera tigris tigris) বাঘৰ এটা প্ৰখ্যাত উপপ্ৰজাতি। শেহতীয়া তথ্য অনুসৰি ভাৰতত ইয়াৰ জনসংখ্যা ১,৭০৬-১,৯০৯ টা, বাংলাদেশত ৪৪০ টা, নেপালত ১৬৩-২৫৩টা আৰু ভূটানত প্ৰায় ৬৭-৮১ টা।[2][3][4][5] ২০০০ চনত আই.ইউ. চি. এনে ঢেঁকীয়াপতীয়া বাঘক সংকটাপন্ন প্ৰজাতি (endangered species) বুলি স্বীকৃতি দিছে। [1]। ভাৰত[6] আৰু বাংলাদেশ দুয়ো দেশতে ইয়াক ৰাষ্ট্ৰীয় প্ৰাণীৰূপে গণ্য কৰা হয়।[7] বিৱৰণঢেঁকীয়াপতীয়া বাঘৰ গাৰ বৰণ হালধীয়া বা পাতল কমলা হয়। ইয়াৰ গোটেই দেহটোতে গাঢ় মুগা বা কলা আঁচ থকা দেখা যায়। ইয়াৰ পেট বগা আৰু নেজ কমলাবৰণৰ,তাতে কলা মণি (black rings) থকা দেখা পোৱা যায়। মতা ঢেঁকীয়াপতীয়া বাঘৰ দেহৰ দৈৰ্ঘ্য গড়ে ২৭০-৩১০ ছে:মি আৰু মাইকীৰ প্ৰায় ২৪০-২৬৫ ছে:মি: হয়।[8] ইয়াৰ নেজৰ দৈৰ্ঘ্য প্ৰায় ৮৫-১১০ ছে:মি আৰু বাহুপৰ্যন্ত দেহৰ উচ্চতা ৯০-১১০ ছে:মি: হয়। [9] মতা ঢেঁকীয়াপতীয়া বাঘৰ গড় ওজন প্ৰায় ২২১.২ কি:গ্ৰা: আৰু মাইকীৰ ১৩৯.৭ কি:গ্ৰা:।[10]বাংলাদেশৰ সুন্দৰবনত দেখা পোৱা ঢেঁকীয়াপতীয়া বাঘৰ ওজনেই বৰ্তমানলৈকে আটাইতকৈ কম বুলি পৰিগণিত হৈছে। ইয়াৰ মাইকী ঢেঁকীয়াপতীয়া বাঘৰ ওজন ৭০-৮০ কি: গ্ৰা: হে বুলি জানিব পৰা গৈছে। [11] শুকুলা বাঘ ঢেঁকীয়াপতীয়া বাঘৰে এক recessive mutant প্ৰজাতি। ইয়াক অসম, পশ্চিমবংগ তথা বিহাৰ আদিৰ বনাঞ্চলত দেখা পোৱা যায়। কিন্তু এইবিধক সচৰাচৰ ভবাৰ দৰে ঢেঁকীয়াপতীয়া বাঘৰ এলবিন' ( albinism) বুলি গণ্য কৰিব পৰা নাযায়। [12] বিতৰণ আৰু বাসস্থান১৯৮২ চনত শ্ৰীলংকাৰ কুৰুৱিটা ( Kuruwita) নামৰ ঠাইত প্ৰায় ১৬,৫০০ বছৰ পূৰ্বৰ এক জীৱাষ্ম পোৱা গৈছিল আৰু ইয়াক ঢেঁকীয়াপতীয়া বাঘৰ বুলি ধাৰণা কৰা হৈছিল। প্ৰায় ২০,০০০ বছৰ পূৰ্বে সাগৰ পৃষ্ঠৰ সংকোচনৰ সময়ত ঢেঁকীয়াপতীয়া বাঘ শ্ৰীলংকালৈ অহা বুলি ধাৰণা কৰা হয়। [13] ভাৰত উপমহাদেশত ঢেঁকীয়াপতীয়া বাঘ ক্ৰান্তীয় সেমেকা বনাঞ্চল, ক্ৰান্তীয় শুকান বনাঞ্চল, তথা সেমেকা পৰ্ণপাতী বনাঞ্চল, মেনগ্ৰুভ, ঘাঁহনি আদি অঞ্চলত দেখিবলৈ পোৱা যায়। পৰৱৰ্ত্তী কালত বাঘৰ বাসস্থান গংগা আৰু ব্ৰহ্মপুত্ৰ নৈৰৰ উপত্যকা অঞ্চলসমূহলৈও বিস্তৃত হৈ পৰিল। কিন্তু শেহতীয়াকৈ এই অঞ্চলসমূহ বনাঞ্চল ধ্বংস আৱু খেতি পথাৰলৈ পৰিবৰ্ত্তন হোৱা দেখা গৈছে। বৰ্ত্তমান ঢেঁকীয়াপতীয়া বাঘ দেখা পোৱা প্ৰধান অঞ্চলসমূহ হৈছে হিমালয়ৰ পাদদেশত থকা ৰাজাজী-কৰবেট, বৰডিয়া-বাংকে (Bardia-Banke), চিটৱান-পাৰ্স্বা-বাল্মিকী (Chitwan-Parsa-Valmiki), দুধৱা-কাইলালি (Dudhwa-Kailali) আৰু শুক্লা ফাণ্টা-কিশানপুৰ (Sukla Phanta-Kishanpur) আদি Tiger Conservation Units (TCUs) সমূহ। খাদকৰ প্ৰাচুৰ্য্যৰ বাবে এই অঞ্চলসমূহত ঢেঁকীয়াপতীয়া বাঘৰ আবাদী ঘন। [14] ভাৰতপূৰ্বতে ভাৰতবৰ্ষত আয়োজন কৰা ঢেঁকীয়াপতীয়া বাঘৰ গণনা (census) প্ৰত্যেক বাঘৰ ভৰিৰ খোজৰ ওপৰত নিৰ্ভৰ কৰি কৰা হৈছিল। কিন্তু শেহতীয়াকৈ এই পদ্ধতিত থকা নানা আসোঁৱাহ সমূহৰ সমালোচনা হোৱাত বৰ্তমান নতুনকৈ কেমেৰা ট্ৰেপিং পদ্ধতি অৱলম্বন কৰা হৈছে।[15] ভাৰতবৰ্ষত থকা ঢেঁকীয়াপতীয়া বাঘ উত্তম পৰ্য্যায়ৰ বাসস্থানসমূহ হৈছে-মানাহ-নামদফা, হাজাৰিবাগ ৰাষ্ট্ৰীয় উদ্যান( Hazaribagh National Park), নাৰ্গাজুন সাগৰ-শ্ৰীসাইলাম ব্যাঘ্ৰ প্ৰকল্প (Nagarjunsagar-Srisailam Tiger Reserve),কানহা-ইন্দ্ৰাৱতী কৰিড'ৰ ( Kanha-Indravati corridor), উৰিষ্যাৰ শুকান বনাঞ্চল , পান্না ৰাষ্ট্ৰীয় উদ্যান (Panna National Park), মেলঘাট ব্যাঘ্ৰ প্ৰকল্প (Melghat Tiger Reserve) ইত্যাদি।
বাংলাদেশতৱাইল্ড টিম নামক এক সংস্থাই [1] বাংলাদেশৰ স্থানীয় সংস্থাসমূহ আৰু বাংলাদেশীয় বন বিভাগৰ লগত লগ লাগি সুন্দৰবনত সংঘটিত হৈ থকা বাঘ-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে কাম কৰি আছে। যোৱা শতিকাত বাঘ-মানুহৰ এনে সংঘাতত বহুজনে প্ৰাণ হেৰুৱাৰ লগতে বহুতো বাঘ আৰু পোহনীয়া জন্তুৰ নিধন ঘটিছে। যোৱা কেইটা দশকত ই প্ৰায় ৫০জন মানুহ, ৮০ৰো অধিক পোহনীয়া জন্তু আৰু ৩টাকৈ বাঘৰ নিধনৰ কাৰণ হৈছে। ৱাইল্ড টিমৰ উদ্যোগত কিছুমান নাও ভিত্তিক দল গঢ়ি তোলা হৈছে, এই দলসমূহ বাঘৰ আক্ৰমণৰ সন্মুখীন হোৱা ব্যক্তিৰ প্ৰাথমিক চিকিত্সা, যাতায়ত আৰু আক্ৰমণত প্ৰাণ হেৰুওৱা ব্যক্তিৰ মৃতদেহ উদ্ধাৰ আদি কামত নিয়োজিত হৈ আছে। তদুপৰি ৱাইল্ড টিমে ৪৯খন গাৱঁত স্বেচ্ছাসেৱক দল গঢ়ি তুলি দলৰ সভ্য সকলক বাঘ-মানুহৰ সংঘাত ৰোধ কৰাৰ ব্যৱস্থাৰ প্ৰশিক্ষণৰ দিহা কৰিছে। এই গ্ৰাম্য দলসমূহত প্ৰায় ৩৫ও জন মানকৈ সদস্য থাকে, যিসকলে বাঘ-মানুহৰ সংঘাত ৰোধ কৰাৰ লগতে, চোৰাং চিকাৰ ৰোধ কৰা, পৰিবেষ সম্পৰ্কে সজাগতা অনা আদি কামতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৱাল্ড টিমে বাঘ-মানুহ সংঘাতৰ ফলত হ’ব পৰা জীৱন বা সম্পত্তিৰ লোকচানৰ পাছত পাব পৰা চৰকাৰী সাহায্য সম্পৰ্কেও সাধাৰণ জনগণক সজাগ কৰাৰ বাবে কিছুমান কাৰ্যসূচী গ্ৰহণ কৰে। তদুপৰি এনে সংঘাতৰ বিভিন্ন দিশৰ পৰিসংখ্যা সংগ্ৰহৰ বাবেও ৱাইল্ড টিমে বিশেষ ব্যৱস্থা গঢ়ি তুলিছে। নেপালতদেশখনে ২০২২ চনৰ ভিতৰত সৰ্বমুঠ বাঘৰ সংখ্যা দুগুণ কৰা কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে, সেই ঊদ্দেশ্যে ২০১০ চনৰ মে’ মাহত ৫৫০ বৰ্গ কি.মি. সংৰক্ষিত এলেকাৰ বাংকে ৰাষ্ট্ৰীয় উদ্যান স্থাপন কৰে, বাঘৰ বসতিৰ বাবে উদ্যান খনত উপযুক্ত বুলি গণ্য কৰা হৈছে।[16]
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia